ETV Bharat / state

Maharashtra Political crisis: মহাৰাষ্ট্ৰৰ বিসম্বাদী শিবিৰৰ নতুন দল ঘোষণাৰ সম্ভাৱনা

author img

By

Published : Jun 25, 2022, 2:06 PM IST

guwahati
Maharashtra Political crisis: মহাৰাষ্ট্ৰৰ বিসম্বাদী শিবিৰৰ নতুন দল ঘোষণাৰ সম্ভাৱনা

সঘনাই সলনি হৈ আছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দৃশ্য়পট( Maharashtra political drama)। ইয়াৰ মাজতেই zoom aapৰ জড়িয়তে বিসম্বাদী শিবিৰে সংবাদমেল সম্বধোন কৰাৰ সম্ভাৱনা । দলৰ মুখপাত্ৰ ঘোষণা কৰাৰ সম্ভাৱনা ।

গুৱাহাটী,২৫ জুন :মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট আজিও আঁতৰা নাই (Maharashtra political crisis)। মুখ্য়মন্ত্ৰী উদ্ধৱ ঠাকৰেই হুংকাৰ দিলেও ক্ৰমাৎ শক্তি বৃদ্ধি পাইছে শিৱসেনাৰ বিসম্বাদী নেতা একনাথ সিন্দে গোটৰ (Shiv Sena leader Eknath Shinde)। মুখ্য়মন্ত্ৰী উদ্ধৱ ঠাকৰেৰ সংগ এৰি ইজনৰ পিছত সিজন বিধায়কে যোগ দিছেহি বিসম্বাদী একনাথ সিন্দেৰ গোটত ।

গুৱাহাটীৰ ৰেডিশ্বন ব্লুত শণিবাৰে ২ বজাত শিৱসেনাৰ বিসম্বাদী নেতা একনাথ সিন্দেসহ বাহৰ পাতি থকা বিসম্বাদী বিধায়কৰ সৈতে বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে (Radission Blue)। এই বৈঠকত বিসম্বাদী শিবিৰৰ মুখপাত্ৰ নিৰ্বাচন কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।

আনহাতে, বিয়লি ৪ বজাত zoom aap ৰ জড়িয়তে বিসম্বাদী শিবিৰে সংবাদমেল সম্বোধন কৰাৰ সম্ভাৱনা থকা বুলিও জনা গৈছে । এই সংবাদমেলতে শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেৰ বিসম্বাদী শিবিৰৰ নতুন দল ঘোষণাৰ সম্ভাৱনা আছে। লগতে দলৰ মুখপাত্ৰ ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে ।

উল্লেখ্য যে ৰেডিশ্বন ব্লুত বাহৰ পাতি থকা বিসম্বাদী বিধায়কৰ মুঠ সংখ্যা হৈছে 47গৰাকী । ইয়াৰে শিৱসেনাৰ 38 গৰাকী আৰু 9 গৰাকী নিৰ্দলীয় বিধায়ক । উল্লেখ্য় যে বুধবাৰৰ পুৱাৰে পৰাই বিসম্বাদী বিধায়ক সকলে বিলাসী হোটেলখনত বাহৰ পাতি আছে ।

লগতে পঢ়ক: একনাথ সিন্দেক প্ৰত্যাহ্বান জগদীশ ভূঞাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.