ETV Bharat / state

NEETত পটেন্সিয়েল এণ্ড কনচেপ্ট এডুকেশ্য়নৰ ঐতিহাসিক ফলাফল

author img

By

Published : Oct 18, 2020, 5:43 PM IST

মহানগৰীস্থিত পটেন্সিয়েল এণ্ড কনচেপ্ট এডুকেশ্য়নৰ চলিত বৰ্ষৰ NEET পৰীক্ষাত সুন্দৰ ফলাফল । NEET আৰু JEE পৰীক্ষাত সৰ্বোত্তম ফলাফল দিবলৈ সক্ষম হৈছে এই প্ৰতিষ্ঠানটোৱে ৷ সংবাদমেলযোগে এই কথা জনায় প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক বিকাশ চিচ’ড়িয়াই ৷

NEET result of Potential and Concept Education
NEETত পটেন্সিয়েল এণ্ড কনচেপ্ট এডুকেশ্য়নৰ ঐতিহাসিক ফলাফল

গুৱাহাটী, 18 অক্টোবৰ : চলিত বৰ্ষৰ NEET পৰীক্ষাত গুৱাহাটী মহানগৰীস্থিত পটেন্সিয়েল এণ্ড কনচেপ্ট এডুকেশ্য়নৰ সুন্দৰ ফলাফল । উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত NEET আৰু JEE পৰীক্ষাত সৰ্বোত্তম ফলাফল দিবলৈ সক্ষম হৈছে পটেন্সিয়েল এণ্ড কনচেপ্ট এডুকেশ্য়নে ৷ দেওবাৰে সংবাদমেলযোগে এই কথা সদৰি কৰে পটেন্সিয়েল এণ্ড কনচেপ্ট এডুকেশ্য়নৰ পৰিচালন সঞ্চালক বিকাশ চিচ’ড়িয়াই ৷

NEETত পটেন্সিয়েল এণ্ড কনচেপ্ট এডুকেশ্য়নৰ ঐতিহাসিক ফলাফল

পৰিচালন সঞ্চালক গৰাকীয়ে সদৰী কৰা মতে,দেশৰ ভিতৰত পটেন্সিয়েল এণ্ড কনচেপ্ট এডুকেশ্য়ন সৰ্বপ্ৰথম ৷ কৰ’ণা মহামাৰীক নেওচি 2020 বৰ্ষৰ ইঞ্জিনিয়াৰিঙৰ সকলো পৰ্যায়ৰ প্ৰৱেশিকা পৰীক্ষাৰ বৃহৎ সফলতাত পটেন্সিয়েল এণ্ড কনচেপ্ট এডুকেশ্য়নে এক ধনাত্মক দিশ বহন কৰাৰ সমান্তৰালকৈ যোগ্যতা অনুযায়ী ফলাফলৰ সংখ্যাগৰিষ্ঠ আসন পাবলৈ সক্ষম হয় ৷

ইয়াৰোপৰি উত্তৰ পূৰ্বাঞ্চলত পোন প্ৰথমবাৰৰ বাবে MBBS পাঠ্যক্ৰমৰ বাবে NEET পৰীক্ষাৰ যোগেদি 14 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে 600ৰো অধিক নম্বৰৰে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ লগতে 300 গৰাকীতকৈ অধিক ছাত্র-ছাত্ৰী এইবাৰ NEET পৰীক্ষাত উত্তীৰ্ণ হৈছে । ইয়াৰে 140 গৰাকীয়ে 500ৰো অধিক নম্বৰ লাভ কৰিছে ।

NEETত পটেন্সিয়েল এণ্ড কনচেপ্ট এডুকেশ্য়নৰ ঐতিহাসিক ফলাফল

উল্লেখ্য যে,বিগত 13 বছৰে এই প্ৰতিষ্ঠানটোৱে সুন্দৰ ফল দেখুৱাই আহিছে । লগতে Spring Dale International School নামেৰে এখন CBSEৰ অধীনৰ স্কুল আৰু P&C Academy নামৰ এখন Integrated Academy খুলিছে বুলি জানিবলৈ দিয়ে প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক গৰাকীয়ে ৷

লগতে পঢ়ক : মুনীন বৰকটকী বিশেষ মান্যতা বঁটা ঘূৰাই দিয়াৰ সিদ্ধান্ত গল্পকাৰ পংকজ কুমাৰ দত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.