ETV Bharat / state

নৃত্যাঞ্জলী একাডেমীয়ে আয়োজন কৰিলে অনলাইন নৃত্যৰ কৰ্মশালা

author img

By

Published : Jun 14, 2021, 10:36 PM IST

Natyanjali Academy organizes online workshop
নৃত্যাঞ্জলী একাডেমী আয়োজন কৰিলে অনলাইন নৃত্ৰ কৰ্মশালা

ক'ভিড মহামাৰীৰ এই জটিল সময়ত মানসিক চাপৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ দিয়াৰ উদ্দেশ্যে বিগত ১০ জুনৰ পৰা গুৱাহাটীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান নৃত্যাঞ্জলী একাডেমীয়ে অনুষ্ঠিত কৰে তিনিদিনীয়া এক অনলাইন নৃত্য কৰ্মশালাৰ । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু যুৱক যুৱতীয়ে অনলাইন যোগে ভাগ লয় এই তিনিদিনীয়া কৰ্মশালাত ।

গুৱাহাটী, ১৪ জুন: ক'ভিড মহামাৰীৰ এই জটিল সময়ত বা এই মহামাৰীৰ সৈতে যুঁজ দিবলৈ মানুহক এক ধনাত্মক শক্তিৰ প্ৰয়োজন । এনে এক পৰিস্থিতিত মানসিক চাপৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ দিয়াৰ উদ্দেশ্যে বিগত ১০ জুনৰ পৰা গুৱাহাটীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান নৃত্যাঞ্জলী একাডেমীয়ে অনুষ্ঠিত কৰে তিনিদিনীয়া এক অনলাইন নৃত্য কৰ্মশালাৰ ।

এই কৰ্মশালাৰ পৰিকল্পনা কৰে অদিতি চক্ৰৱৰ্তীয়ে । কৰ্মশালাটি পৰিচালনা কৰে নৃত্যশিল্পী সেউজ সন্ধ্যাই । বৰ্ষা ঋতুৰ এক ৰূপ বৰ্ণনেই আছিল অৰ্দ্ধ ধ্ৰুপদীয় এই নৃত্য কৰ্মশালাৰ অন্যতম বিষয়বস্তু । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু যুৱক যুৱতীয়ে অনলাইন যোগে ভাগ লয় এই তিনিদিনীয়া কৰ্মশালাত ।

উল্লেখ্য শিল্পী প্ৰবীন কুমাৰ নাথ, অদিতি চক্ৰৱৰ্তী আৰু মণিকা দেৱীয়ে এই ব্যতিক্ৰমী কৰ্মশালাৰ জড়িয়তে জটিল সন্ধিক্ষণত আৱদ্ধ হৈ পৰা মানুহক সামান্য পৰিমাণে হ'লেও সাহস প্ৰদান কৰিবলৈ চেষ্টা কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ ইফালে, ক'ভিড সৃষ্ট অনিশ্চয়তাৰ মাজতে ঘৰতে আৱদ্ধ হৈ থকা শিশু সকলৰ বাবে বিশেষ অনলাইন গীষ্মকালীত শিক্ষা শিবিৰৰ ব্যৱস্থা কৰে সাংস্কৃতিক গোষ্ঠী কল্লোল আৰু মতিৰাম কাকতি সাংস্কৃতিক কেন্দ্ৰই ৷

শিশুৰ মানসিক উত্তৰণৰ উদ্দেশ্যে নৃত্য-গীত, ছবি অঁকা, নাটকৰ বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰে কল্লোল আৰু মতিৰাম কাকতি সাংস্কৃতিক কেন্দ্ৰই ৷ লক্ষণৌ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা মাদ্ৰী কাকতি, গল্পকাৰ শিবানন্দ কাকতি, কল্লোলৰ সম্পাদক নৌছাদ আখতাৰ হাজৰিকাৰ প্ৰচেষ্টাত আয়োজন কৰা হৈছিল এই সাতদিনীয়া গ্ৰীষ্মকালীন শিবিৰৰ ৷ অসমৰ লগতে বহিঃৰাজ্যৰ শিশুয়েও অংশগ্ৰহণ কৰে এই শিবিৰত ৷

লগতে পঢ়ক: ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত তলাতল ঘৰৰ ন-দুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.