ETV Bharat / state

Namrup BVFCL : বন্ধ নহয় নামৰূপ সাৰ কাৰখানা, বৰং কৰা হ‘ব আধুনিকীকৰণ

author img

By

Published : Jul 26, 2023, 10:04 AM IST

Updated : Jul 26, 2023, 2:30 PM IST

নামৰূপস্থিত সাৰ কাৰখানা বন্ধ কৰাৰ পৰিৱৰ্তে এই সাৰ কাৰখানাক আধুনিকীকৰণ কৰা হ’ব । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰে হোৱা আলোচনাৰ অন্তত এই কথা স্পষ্ট কৰিলে কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই । স্থাপন কৰা হ'ব এটা নেন' ইউৰিয়া প্ৰকল্প । নিযুক্তি পাব স্থানীয় লোকে । উৎপাদিত ইউৰিয়া আৰু নেন' ইউৰিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চল আৰু পশ্চিম বংগৰ কৃষকসকলৰ বাবে শস্য উৎপাদন বৃদ্ধিত সহায়ক হ'ব ।

mansukh mandaviya on namrup BVFCL
বন্ধ নহয় নামৰূপ সাৰ কাৰখানা

বন্ধ নহয় নামৰূপ সাৰ কাৰখানা

গুৱাহাটী, 26 জুলাই: অৱশেষত ভাল খবৰটো আহিল । বন্ধ নহয় নামৰূপ সাৰ কাৰখানা । শুকুৰবাৰে লোকসভাৰ প্ৰশ্নোত্তৰকালত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত নীতি আয়োগৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰই নামৰূপ সাৰ কাৰখানাটো বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ বিষয়টো পোহৰলৈ আহিছিল । ইয়াৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । অসমৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল । ঠায়ে ঠায়ে অব্যাহত আছিল প্ৰতিবাদ ।

ৰাজ্যজুৰি হোৱা ব্যাপক প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ পাছতে সলনি হয় কেন্দ্ৰৰ সিদ্ধান্ত । কেন্দ্ৰই গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে সামাজিক মাধ্যম যোগে অৱগত কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে স্পষ্ট কৰি কয় যে, বন্ধ কৰা নহয় নামৰূপৰ সাৰ কাৰখানা, বৰং আধুনিকীকৰণহে কৰা হ'ব । সোণোৱালে জনোৱা মতে কেন্দ্ৰীয় কেবিনেট বৈঠকৰ অন্তত মঙলবাৰে তেওঁ নামৰূপৰ সাৰ কাৰখানা সন্দৰ্ভত কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী মনসুখ মাণ্ডাভিয়াৰ সৈতে নতুন দিল্লীত এখন বৈঠকত মিলিত হয় । বৈঠকত সাৰ কাৰখানাটোৰ গুৰুত্ব সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় ।

আলোচনাৰ অন্তত মনসুখ মাণ্ডাভিয়াই স্পষ্ট কৰি দিয়ে যে, নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প'ৰেচন লিমিটেড (BVFCL) সাৰ প্ৰকল্পটো কোনোপধ্যেই বন্ধ কৰা নহয়, বৰং এই প্ৰকল্পটো আধুনিকীকৰণহে কৰা হ'ব । ইয়াৰ উপৰি এটা নেন' ইউৰিয়া প্ৰকল্পও স্থাপন কৰা হ'ব, য'ত মূলতঃ স্থানীয় লোকসকলে নিযুক্তি লাভ কৰিব । তাৰ পৰা উৎপাদিত ইউৰিয়া আৰু নেন' ইউৰিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চল আৰু পশ্চিম বংগৰ কৃষকসকলৰ বাবে শস্য উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব । উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও আলোচনা কৰে ।

লক্ষ্যণীয় বিষয় যে, লোকসভাৰ প্ৰশ্নোত্তৰকালত সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ বিষয়টো স্পষ্ট হৈ পৰিছিল । সদনত কেন্দ্ৰীয় ৰসায়ণ আৰু সাৰ বিভাগৰ ৰাজ্যমন্ত্ৰী ভগৱন্ত খুবাই প্ৰকাশ কৰা তথ্য মতে ২০২২ চনৰ ১২ আগষ্টত তদানীন্তন চি ই অ’ পৰমেশ্বৰন আয়াৰৰ অধ্যক্ষতাত অনুষ্ঠিত বিষয়া গোটৰ কমিটীয়ে নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ পৰামৰ্শ প্ৰদান কৰিছিল ।

নীতি আয়োগৰ পৰামৰ্শমৰ্মে নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ সিদ্ধান্ত কেন্দ্ৰই গ্ৰহণ কৰিছিল । মন্ত্ৰীগৰাকীয়ে লিখিত বিবৃতিত জনাইছিল যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ অধীনত গ্ৰহণ কৰা নব্য ৰাজহুৱা খণ্ডৰ উদ্যোগ নীতিত সাৰ উদ্যোগক ‘নন-ষ্ট্ৰেটেজিক’ খণ্ড হিচাপে গ্ৰহণ কৰা হৈছে ।

‘নন-ষ্ট্ৰেটেজিক’ খণ্ডত চিহ্নিত হোৱা ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক ব্যক্তিগতকৰণ কৰা নাইবা বন্ধ কৰাৰ প্ৰক্ৰিয়া হাতত লোৱা হৈছে । মৃতপ্ৰায় নামৰূপ সাৰ কাৰখানাৰ ব্যক্তিগতকৰণ কৰাটো সম্ভৱ নোহোৱা বাবে নীতি আয়োগৰ পৰামৰ্শ মৰ্মে কেন্দ্ৰীয় চৰকাৰে সাৰ কাৰখানাটো স্থায়ী ৰূপে বন্ধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল ।

লক্ষণীয় বিষয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰথমতে নামৰূপ সাৰ কাৰখানাৰ দ্বিতীয় গোটটো পুনৰুজ্জীৱিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ইয়াৰ পাছত কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰ ক্ষমতালৈ অহাৰ ঠিক পাছতেই নামৰূপ সাৰ কাৰখানাটোৰ চতুৰ্থটো গোট স্থাপন কৰা হ'ব বুলি ২০১৫ চনৰ ২১ মে'ৰ কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । কিন্তু প্ৰকৃততে সেয়া কাৰ্যকৰী কৰা হোৱা নাছিল ।

যাৰ বাবে লোকচানৰ দোহাই দি কেন্দ্ৰই নামৰূপ সাৰ কাৰখান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । কিন্তু কেন্দ্ৰৰ এই সিদ্ধান্তৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । য‍াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টো গুৰুত্ব সহকাৰে লৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰে আলোচনা কৰে । অৱশেষত কেন্দ্ৰই নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ বিপৰীতে ইয়াক আধুনিকীকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক : BVFCL to shut down : ইতিহাস হ'ব অসমৰ নামৰূপ সাৰ কাৰখানা

Last Updated : Jul 26, 2023, 2:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.