ETV Bharat / state

Suspected murder case: ঘৰ নাপালেহি অক্ষয়, বহিঃৰাজ্যত নৃশংস আক্ৰমণৰ বলি অসমৰ যুৱক

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 6:13 PM IST

Suspected murder case
আলিপুৰদুৱাৰত অসমীয়া যুৱকৰ ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ

পশ্চিমবংগৰ আলিপুৰ দুৱাৰত দুৰ্বৃত্তৰ নৃশংস আক্ৰমণৰ বলি হয় গুৱাহাটীৰ বোন্দা, ফৰেষ্টকেম্প নিবাসী অক্ষয় শৰণীয়া ৷ সহকৰ্মীয়ে পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ মাতৃৰ ৷

আলিপুৰদুৱাৰত অসমীয়া যুৱকৰ ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ

গুৱাহাটী, ৩ নৱেম্বৰ: বহিঃৰাজ্যত দুৰ্বৃত্তৰ আক্ৰমণত পুনৰ প্ৰাণ হেৰুৱাব লগা হ’ল আন এজন অসমীয়া যুৱকে । তামিলনাডুৰ পৰা ঘৰলৈ অহাৰ সময়তে পশ্চিমবংগৰ আলিপুৰ দুৱাৰত দুৰ্বৃত্তৰ নৃশংস আক্ৰমণৰ বলি হয় গুৱাহাটীৰ বোন্দা, ফৰেষ্টকেম্প নিবাসী অক্ষয় শৰণীয়া নামৰ যুৱকজন ।

যোৱা ৩১ অক্টোবৰত দিনৰ ভাগত আলিপুৰদুৱাৰ এলেকাৰ ঘন জংঘলত যুৱকজনৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে ৷ ইয়াৰ পিচত পৰিয়ালৰ সৈতে যোগাযোগ কৰি শুকুৰবাৰে বোন্দাস্থিত ঘৰলৈ অনা হয় যুৱকজনৰ মৃতদেহটো ৷

জানিব পৰামতে, যোৱা ৩১ অক্টোবৰত অক্ষয়ে সহকৰ্মী তথা বন্ধু আকাশ সৰকাৰৰ সৈতে ঘৰলৈ আহি আছিল ৷ কিন্তু বন্ধু আকাশ সৰকাৰৰ কথাত কোচবিহাৰত নামি বন্ধুৰ ঘৰলৈ যায় অক্ষয় । তাৰ পিচতে বন্ধু আকাশ সৰকাৰে অক্ষয়ৰ পৰিয়ালক জনায় যে অক্ষয়ক হাতীয়ে হাবিৰ মাজত গচকি হত্যা কৰিছে ।

এই খবৰ লাভ কৰাৰ পিচতে পৰিয়ালটোত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয় ৷ কিন্তু অক্ষয়ৰ মৃতদেহটো আঘাতৰ চিন স্পষ্ট হৈছে বুলি মাতৃয়ে মন্তব্য প্ৰকাশ কৰে ৷ মাতৃয়ে অভিযোগ কৰা অনুসৰি, অক্ষয়ক পৰিকল্পনা কৰি হত্যা কৰা হৈছে ৷ আকাশে পৰিকল্পিতভাৱে চাৰি-পাঁচজন লগ হৈ অক্ষয় শৰণীয়াক হত্যা কৰি মৃতদেহটো হাবিৰ মাজত পেলায় দিছে ৷ সেয়েহে পুত্ৰক হত্যা কৰা মূল অভিযুক্ত আকাশ সৰকাৰৰ লগতে জড়িত থকা সকলোকে আৰক্ষীয়ে তদন্তৰ আওতালৈ উপযুক্ত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ৷

মাতৃ লক্ষ্যহীৰা দাসে লগতে কয় যে, অক্ষয়ৰ বুকুত আৰু মুখত খামোচাৰ চিন স্পষ্টকৈ পৰিলক্ষিত হৈছে ৷ শৰীৰৰ আন অংগতো আঘাতৰ চিন স্পষ্টকৈ আছে ৷ এই ঘটনাক কোনোপধ্যেই হাতীয়ে গচকি হত্যা কৰা বুলি মানি ল’ব নোৱাৰো বুলি মাতৃয়ে ক্ষেদ প্ৰকাশ কৰে ৷

লগতে পঢ়ক: Murder case in Guwahati: লজ্জা ঢাকিবলৈ নৱজাতকক শৌচাগাৰৰ টেংকিত পেলাই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.