ETV Bharat / state

লাফিকুল হত্যাৰ চাৰি বছৰ: ন্যায় নোপোৱাত ক্ষুব্ধ এবিএমছু

author img

By

Published : Jul 26, 2021, 8:17 PM IST

লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ তদন্তত অসন্তুষ্ট হৈ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে এবিএমছুৱে । সংবাদমেল সম্বোধন কৰি এবিএমছুৰ বিষয়ববীয়াই ক্ষোভ প্ৰকাশ কৰি কয় যে চাৰি বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো কৰায়ত্ব নহ'ল লাফিকুলৰ হত্যাকাৰী ।

Murder case of former ABMSU president Lafikul Islam Ahmed
চিনাক্ত কৰিও চৰকাৰে কৰায়ত্ব নকৰিলে লাফিকুলৰ হত্যাকাৰীক !

গুৱাহাটী, ২৬ জুলাই : এবিএমছুৰ প্ৰাক্তন সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই চাৰি বছৰ সম্পূৰ্ণ কৰিব ১ আগষ্টত । কিন্তু আজিকোপতি ধৰা নপৰিল লাফিকুলৰ হত্যাকাৰী । এনে পৰিপ্ৰেক্ষিতত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে এবিএমছুৱে ।

সোমবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি এবিএমছুৰ সভাপতি আশ্ৰাফুল ইছলাম আৰু টাইচন হুছেইনে চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ এবিএমছুৰ দুই বিষয়ববীয়াই সাংবাদ মাধ্যমৰ আগত কয়, ২০১৭ চনৰ ১ আগষ্টত কোকৰাঝাৰৰ মাজমজিয়াত দিন-দুপৰতে আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল এবিএমছুৰ তদানীন্তন সভাপতি লাফিকুল ইছলামক । কিন্তু চাৰি বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো কৰায়ত্ব কৰিব নোৱাৰিলে লাফিকুলৰ হত্যাকাৰীক । যাৰ প্ৰতিবাদত ১ আগষ্টৰ পৰা এবিএমছুৱে বিটিআৰ অঞ্চলৰ পৰা আৰম্ভ কৰি ৰাজভৱন আৰু দিল্লীলৈকে এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংবাদমেলত ঘোষণা কৰে সংগঠনটোৰ নেতৃবৃন্দই ।

চিনাক্ত কৰিও চৰকাৰে কৰায়ত্ব নকৰিলে লাফিকুলৰ হত্যাকাৰীক !

লগতে পঢ়ক: অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

সংবাদমেলত এবিএমছুৰ নেতৃবৃন্দই আৰু কয়, হত্যাকাণ্ডৰ পিছতে সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ঘটনাস্থলীত উপস্থিত হোৱা মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ঘোষণা কৰিছিল যে, ২৪ ঘণ্টাৰ ভিতৰত হত্যাকাৰীক কৰায়ত্ব কৰা হ'ব । পৰৱৰ্তী সময়ত সেই বছৰৰে অক্টোবৰ মাহত এই হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল চিবিআইক । কিন্তু চাৰি বছৰ হ'ল চিবিআয়ে(CBI) ৰহস্যজনকভাৱে আজিকোপতি লাফিকুল হত্যাৰ তদন্তৰ প্ৰতিবেদন দাখিল নকৰিলে ৷

লগতে বিটিআৰৰ শেহতীয়া পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বৰ্তমানৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে প্ৰতিশ্ৰুতি দিছিল যে লাফিকুলৰ হত্যাকাৰীক চিনাক্ত কৰা হৈছে ৷ অতি শীঘ্ৰে কৰায়ত্ব কৰা হ'ব হত্যাকাৰীক ৷ কিন্তু প্ৰতিশ্ৰুতি আজিও কাৰ্যত পৰিণত নহ'ল বুলি এবিএমছুৰ নেতৃবৃন্দই ক্ষোভ প্ৰকাশ কৰে ৷

লগতে পঢ়ক: Kargil Vijay Diwas ৰ 22 বছৰ: পাক সেনাৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.