ETV Bharat / state

Munin Barkataki Award 2023: তৰুণ কাহিনীকাৰ নয়নজ্যোতি শৰ্মালৈ এই বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 6:58 PM IST

Munin Barkataki Award 2023
তৰুণ কাহিনীকাৰ নয়নজ্যোতি শৰ্মালৈ এইবৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা

সোমবাৰে ঘোষণা কৰা হ’ল ‘‘মুনীন বৰকটকী সাহিত্য বঁটা 2023’’ ৷ কাহিনীকাৰ নয়নজ্যোতি শৰ্মালৈ আগবঢ়োৱা হৈছে 2023 বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা ৷ ‘‘জাল কটা জুই’’ শীর্ষক চুটিগল্প সংকলনৰ বাবে শৰ্মালৈ এই বটা ৷

গুৱাহাটী, 6 নৱেম্বৰ : সোমবাৰে ঘোষণা কৰা হ’ল মুনীন বৰকটকী সাহিত্য বঁটা 2023 । ‘‘জাল কটা জুই’’ শীর্ষক চুটিগল্প সংকলনৰ বাবে অসমীয়া ভাষাৰ প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ কাহিনীকাৰ নয়নজ্যোতি শৰ্মালৈ আগবঢ়োৱা হৈছে 2023 বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা । এই বঁটাত আছে নগদ পঞ্চাছ হাজাৰ টকা, এটা স্মাৰক আৰু এখন প্রশস্তিপত্র ।

আজি এক বিজ্ঞপ্তি যোগে এই কথা জানিবলৈ দিয়ে মুনীন বৰকটকী স্মাৰক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী মীনাক্ষী বৰকটকীয়ে । উল্লেখ্য য়ে, 1995 চনৰ পৰা অসমীয়া ভাষাৰ তৰুণ লেখক-লেখিকাসকলক উদগনি যোগোৱাৰ উদ্দেশ্যে প্ৰদান কৰি অহা হৈছে এই বঁটা । সু-সাহিত্যিক, সমালোচক, সাংবাদিক প্রয়াত মুনীন বৰকটকীৰ পুণ্যস্মৃতিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে ৷ অসমীয়া প্ৰতিভাশালী তৰুণ লেখক-লেখিকাসকলক উদগনি জনাবলৈ বিগত 1995 চনৰ পৰাই প্ৰতি বছৰে মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান কৰি অহা হৈছে ।

উল্লেখ্য যে, 2022 বৰ্ষৰ 28 সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা আগবঢ়োৱা হৈছিল তৰুণ লেখিকা উপাসনা শইকীয়ালৈ ৷ ‘হালধীয়া জোতা’ শীৰ্ষক চুটিগল্পৰ পাণ্ডুলিপিৰ বাবে তৰুণ লেখিকা শইকীয়াক 2022 বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান কৰা হৈছিল ৷ 40 বছৰ বয়সৰ তলৰ প্ৰতিভাশালী তৰুণ লেখক-লেখিকাক এই বঁটা প্ৰদান কৰি আহিছে ন্যাসে ৷

আনহাতে, মুনীন বৰকটকী সাহিত্য বঁটা 2023 ৰ বাবে অসমৰ তৰুণ লেখক-লেখিকাৰ পৰা গ্ৰন্থ বা পাণ্ডুলিপি প্ৰেৰণ কৰিবলৈ 2 জুন তাৰিখে আহ্বান কৰা হৈছিল মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা ৷ লগতে লেখক-লেখিকাই ছপা গ্ৰন্থ বা পাণ্ডুলিপিৰ 6 টা নকল কপিসহ বয়সৰ প্ৰমাণ ন্যাসৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব উল্লেখ কৰিছিল মুনীন বৰকটকী স্মাৰক ন্যাসৰ কৰ্তৃপক্ষই ।

লগতে পঢ়ক:Gaurav Bania passes away: ইন্দ্ৰ বণিয়াৰ পুত্ৰ, সংগীত শিল্পী গৌৰৱ বণিয়া আৰু নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.