ETV Bharat / state

MP Gaurav Gogoi news: ভিডিঅ’যোগে তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীলৈ প্ৰশংসা বাৰ্তা সাংসদ গৌৰৱ গগৈৰ

author img

By

Published : Aug 9, 2023, 12:36 PM IST

দলীয় কৰ্মীলৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ভিডিঅ’ বাৰ্তা ৷ বাৰ্তাযোগে তৃণমূল পৰ্যায়ৰ কৰ্মীৰ কাম-কাজৰ প্ৰশংসা কৰে কলিয়াবৰৰ সাংসদগৰাকীয়ে ৷

Assam congress MP Gaurav Gogoi video message
MP Gaurav Gogoi thanked Congress party workers

কংগ্ৰেছ কৰ্মীলৈ প্ৰশংসা বাৰ্তা সাংসদ গৌৰৱ গগৈৰ

গুৱাহাটী, 9 আগষ্ট : সদনৰ মজিয়াত কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ পানী নসৰকা ভাষণে ৰাজ্যৰ ৰাজনীতিত লাভ কৰিছে বিশেষ চৰ্চা ৷ অশান্ত মণিপুৰ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক মঙলবাৰে সদনত বলিষ্ঠ ভাষণেৰে থকা সৰকা কৰে কলিয়াবৰ সমষ্টিৰ সাংসদগৰাকীয়ে ৷ লোকসভাত অনাস্থা প্ৰস্তাৱৰ পাতনি মেলি দেশৰ ৰাজনৈতিক মহলত দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে অসমৰ সাংসদ গৌৰৱ গগৈয়ে ৷ অসমতো এক প্ৰকাৰ ৰাজনৈতিক আলোড়নৰ সৃষ্টি কৰিছে গৌৰৱ গগৈৰ সদনত প্ৰদান কৰা ভাষণে ৷

মঙলবাৰৰ নিশা গৌৰৱ গগৈয়ে নিজৰ দলীয় কৰ্মীসকললৈ কৃতজ্ঞতামূলক এক ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে ৷ বাৰ্তাটোত গগৈয়ে উল্লেখ কৰিছে যে সংসদত উপস্থিত থকাৰ পৰৱৰ্তী সময়ত কংগ্ৰেছ সাংসদগৰাকী কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে প্ৰায় তিনি ঘণ্টা জোৰা এক বৈঠকত অংশগ্ৰহণ কৰে ৷

কংগ্ৰেছ সাংসদগৰাকীয়ে সদনত প্ৰদান কৰা ভাষণত অভিভূত হৈ সাংসদগৰাকীলৈ বহু শুভাকাংক্ষীয়ে ফোন, মেছেজ পঠিয়াইছে ৷ কিন্তু মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীৰে সৈতে হোৱা দীঘলীয়া বৈঠকৰ বাবে ফোন আৰু মেছেজৰ উত্তৰ দিব নোৱাৰি কংগ্ৰেছ সাংসদগৰাকীয়ে দুখ প্ৰকাশ কৰে ৷

কংগ্ৰেছ কৰ্মীসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যৰে সাংসদগৰাকীয়ে কয় যে, সদনত ব্যস্ত হৈ আছে যদিও ৰাজ্যিক কংগ্ৰেছ কৰ্মীসকলৰ প্ৰতিটো দলীয় কাম-কাজৰ প্ৰতি লক্ষ্য ৰাখিছে ৷ কংগ্ৰেছ কৰ্মীসকলৰ নেতৃত্বত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন চলি থকাৰ কথাও উল্লেখ কৰে কলিয়াবৰৰ সাংসদগৰাকীয়ে ৷ কংগ্ৰেছ কৰ্মীসকলে বুথ পৰ্যায়লৈকে দলীয় সংগঠন শক্তিশালী কৰি তুলিছে বুলি কৈ গগৈয়ে ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ প্ৰশংসা কৰে ।

কংগ্ৰেছ দল আজিৰ তাৰিখত শক্তিশালী স্থিতিত আছে বুলি দলীয় কৰ্মীসকললৈ বাৰ্তা প্ৰেৰণ কৰে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সুযোগ্য উত্তৰাধিকাৰী গৌৰৱ গগৈয়ে ৷ ইফালে ৰাজ্যৰ ৰাজনীতিত গৌৰৱ গগৈয়ে সংসদত মঙলবাৰ প্ৰদৰ্শন কৰা বলিষ্ঠ ভূমিকাক লৈ সৰৱ চৰ্চা চলা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : No Confidence Motion in Parliament : মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মৌন ব্ৰত ভংগ কৰক; সদনত গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.