ETV Bharat / state

MP Gaurav Gogoi PC: দুৰ্বল হৈছে বিজেপি, '২৪ত কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ, গৌৰৱ গগৈৰ দাবী

author img

By

Published : Aug 21, 2023, 3:28 PM IST

ৰাজীৱ ভৱনত সাংসদ গৌৰৱ গগৈৰ সংবাদমেল ৷ ‘‘বিজেপি দল দুৰ্বল হৈছে ৷ বিজেপিয়ে জাতি মাটি ভেটি ৰক্ষাৰ নামত একো কৰা নাই ৷ ২০২৪ ত কেন্দ্ৰত আমাৰ চৰকাৰ আহিব ৷’’ সংবাদমেলত এই দাবী সাংসদগৰাকীৰ ৷

MP Gaurav Gogoi Press Meet
24ত কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ

24ত কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ

গুৱাহাটী, ২১ আগষ্ট : কংগ্ৰেছ কাৰ্যকৰী কমিটীৰ সদস্যত অন্তভুক্ত হোৱা পাচতে ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰ্তাই সাংসদ গৌৰৱ গগৈক সম্বৰ্ধনা জনায় ৷ সোমবাৰে ৰাজীৱ ভৱনত সাংসদ গৌৰৱক সম্বৰ্ধনা জনোৱাৰ পাচতে এক সংবাদমেল সম্বোধন কৰে সাংসদগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী, মন্ত্ৰী পীযুষ হাজৰীকাক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বিজেপি দুৰ্বল হৈছে, বিজেপিয়ে জাতি মাটি ভেটি ৰক্ষাৰ নামত একো কৰা নাই বুলি সমালোচনা কৰে সাংসদ গৌৰৱ গগৈয়ে ৷

তেওঁ আৰু কয়,‘‘বিজেপি দল দুৰ্বল হৈছে । সন্মুখৰ পৰা আমাৰ লগত যুঁজিব নোৱাৰে । নিজকে বহুত শক্তিশালী বুলি কোৱা বিজেপিৰ সন্মুখৰ পৰা যুঁজিবলৈ সাহস নাই । নিৰ্বাচনৰ ৭ মাহ পূৰ্বে নিৰ্বাচনী আয়োগৰ সহায় লৈ অসমৰ নক্সা সলনি কৰিবলৈ চেষ্টা কৰিছে ৷ সেইটো বিজেপিৰ সাংগঠনিক দুৰ্বলতাক প্ৰকাশ কৰে । বিজেপি দলৰ ভিতৰত বিভাজনে তাক প্ৰকাশ কৰিছে ৷ কংগ্ৰেছত জ্যেষ্ঠ নেতাক সন্মান জনোৱা হয় ৷ বিজেপিৰ দৰে ন-পুৰণি নেতাৰ মাজত বিভেদ নাই ৷’’

সাংসদ গৌৰৱে আৰু কয় যে , সমগ্ৰ ভাৰতবৰ্ষতে জনসাধাৰণ জাগ্ৰত হৈছে । ২০২৪ ত কেন্দ্ৰত আমাৰ চৰকাৰ আহিব । অসমতো ১৪ টা লোকসভা সমষ্টিত ফলাফল ভাল হ’ব । যেতিয়ালৈ বিজেপি শাসনত থাকিব মহিলাই নিৰাপত্তা নাপাব, মূল্যবৃদ্ধি হৈ থাকিব আৰু তেওঁলোকৰ ছিণ্ডিকেটৰ ৰাজনীতি বহল হ’ব । ২০২৪ ত বিজেপিয়ে অসমত মিছন ১২ ৰ কথা কৈছে কিন্তু ৰাইজে মিছন চাটাই আৰম্ভ কৰিছে । বহু বিজেপি সাংসদে এইবাৰ টিকট নাপাব ৷

আনহাতে সাংসদ গগৈয়ে কয়,’’ বিজেপি, আৰ এছ এছে বিদ্যালয়, মহাবিদ্যালয়ত শিবিৰ পাতিছে ৷ নৱপ্ৰজন্মক বয়োজ্যেষ্ঠৰ লগত কেনেদৰে কথা পাতিব লাগে বিজেপিৰ উদাহৰণ পীযুষ হাজৰীকা, মন্ত্ৰী জয়ন্ত মল্ল নেকি ! জাতি মাটি-ভেটিৰ কথা কৈ জাতি মাতি ভেটি এইদৰে ৰক্ষা কৰিব নেকি ?’’

তেওঁ এ আই ইউ ডি এফৰ প্ৰসংগত কয়,’’ এ আই ইউ ডি এফয়ে নিজৰ স্থিতি স্পষ্ট কৰক ৷ কেতিয়াবা আমাৰ লগত মিত্ৰতাৰ কথা কয়, কেতিয়াবা মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰে । আনকি I.N.D.I.A ক সমৰ্থনৰ কথা কোৱা এ আই ইউ ডি এফে মুখ্যমন্ত্ৰীক বেষ্ট চি এম বুলিও কয় ৷ তেওঁলোক কাৰো অনুগত নহয়, কেৱল সুগন্ধি ব্যৱসায়ৰ প্ৰতি হে তেওঁলোকৰ আনুগত্য আছে ৷’’

লগতে পঢ়ক:Gaurav Gogoi slams BJP: কিছুদিনৰ ভিতৰতে বিজেপি দল নাইকিয়া হোৱাৰ লক্ষণে দেখা দিছে; গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.