ETV Bharat / state

Constituency delimitation 2023: বটদ্ৰৱা সমষ্টিক লৈ আবেগিক গৌৰৱ গগৈ, প্ৰধানমন্ত্ৰীলৈ লিখিলে পত্ৰ

author img

By

Published : Jul 17, 2023, 9:27 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত অসমৰ জাতীয় জীৱনৰ গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান "বটদ্ৰৱা"ৰ নামত থকা বিধানসভা সমষ্টিটো বিলুপ্ত কৰাৰ পিচতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই সন্দৰ্ভত সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন প্ৰত্ৰ প্ৰেৰণ কৰে ৷

MP Gaurav Gogoi Letter to PM Modi
আবেগিক গৌৰৱ গগৈ, প্ৰধানমন্ত্ৰীলৈ লিখিলে পত্ৰ

গুৱাহাটী, 17 জুলাই : ৰাজ্যজুৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পিচতেই অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ এইবাৰ প্ৰস্তাৱিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ সৰৱ হৈ থকা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ এইবাৰ সৰৱ হৈছে বট্টদ্ৰৱা সমষ্টিক লৈ ৷ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন প্ৰত্ৰ প্ৰেৰণ কৰে ৷

MP Gaurav Gogoi Letter to PM Modi
আবেগিক গৌৰৱ গগৈ, প্ৰধানমন্ত্ৰীলৈ লিখিলে পত্ৰ

এই পত্ৰযোগেৰে গৌৰৱ গগৈয়ে উল্লেখ কৰে যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত অসমৰ জাতীয় জীৱনৰ গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্হান "বটদ্ৰৱা"ৰ নামত থকা বিধানসভা সমষ্টিটো বিলুপ্ত কৰা হৈছে ৷ বটদ্ৰৱা থানখন নগাঁও বিধানসভাৰ লগত সংলগ্ন কৰাৰ লগতে বটদ্ৰৱা সমষ্টিৰ বাকীখিনি অংশ ধিং সমষ্টিৰ অন্তৰ্গত কৰা হৈছে ৷ গুৰুজনাৰ স্মৃতি বিজড়িত অসমৰ এই পৱিত্ৰ "বটদ্ৰৱা" থান তথা সমগ্ৰ অঞ্চলটোৰ লগত "এক শৰণ নাম ধৰ্ম" দৰ্শনৰ গৌৰৱোজ্জ্বল ঐতিহ্য আৰু নৱ বৈষ্ণৱ আন্দোলনৰো ইতিহাস জড়িত হৈ আছে ৷ বটদ্ৰৱা থান অসমৰ জাতীয় জীৱনৰ আবেগ জড়িত হৈ আছে ৷

সেয়েহে সাংসদ গৌৰৱ গগৈয়ে এই পত্ৰৰ যোগে প্ৰধানমন্ত্ৰীক সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোৰ ওপৰত হস্তক্ষেপ দাবী কৰিছে ৷ পত্ৰখনত সমষ্টি পুনৰ নিৰ্ধাৰণত গুৰুজনাৰ স্মৃতি বিজড়িত নৱ বৈষ্ণৱ আন্দোলনৰ বাটকটীয়া মহাপুৰুষ গৰাকীৰ জন্মস্থান "বটদ্ৰৱা"ৰ নামত এটা বিধানসভা সমষ্টি অক্ষত ৰাখিবলৈ পদক্ষেপ গ্ৰহণ কৰে ৷ লগতে এই বিধানসভা সমষ্টিটোৰ ভৌগোলিক সীমাৰ ভিতৰত বটদ্ৰৱা থানকে ধৰি ইয়াৰ ঐতিহ্যবাহী সমগ্ৰ ঠাইখিনিকো অন্তৰ্ভুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷

অসমলৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ ৰাজহুৱা শুনানিৰ বাবে নিৰ্বাচন আয়োগৰ দল আগমনৰ প্ৰাকক্ষণত গৌৰৱ গগৈৰ এই পত্ৰক প্ৰধানমন্ত্ৰীগৰাকীয়ে কিমান গুৰুত্ব দিব সেয়া হ’ব মন কৰিবলগীয়া ৷

লগতে পঢ়ক: Price hike in Assam: শাক-পাচলিৰ পিচতে চাউল, তেলৰ আকাশলংঘী মূল্যবৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.