ETV Bharat / state

মাদ্ৰাছা উচ্ছেদ: সংখ্যালঘু আয়োগৰ কাষ চাপিল সাংসদ আব্দুল খালেক

author img

By

Published : Sep 6, 2022, 5:10 PM IST

Madrasa demolition in Assam
মাদ্ৰাছা উচ্ছেদৰ প্ৰসংগ লৈ সংখ্যালঘু আয়োগৰ কাষ চাপিল সাংসদ আব্দুল খালেক

ৰাজ্যত অব্যাহত আছে জেহাদীৰ ঘাটি হিচাবে বিবেচিত মাদ্ৰাছা ধ্বংস কাৰ্য (Madrasa demolition in Assam)৷ এনে সময়তে মঙলবাৰে ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ কাষ চাপিল কংগ্ৰেছ সাংসদ আব্দুল খালেক ৷ সাংসদ খালেকৰ লগতে কেইবাজনো বিধায়কে সাক্ষাৎ কৰিলে ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ অধ্যক্ষক ৷

নিউজ ডেস্ক, 6 ছেপ্টেম্বৰ: ৰাজ্যৰ বহু মাদ্ৰাছাত জেহাদীৰ প্ৰশিক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ কেইবাখনো মাদ্ৰাছাৰ পৰা জেহাদীৰ সদস্যক আটক কৰা হ’ল ৷ ইয়াৰ পাছতে ৰাজ্য চৰকাৰে শেহতীয়াকৈ বহু মাদ্ৰাছাত চলালে উচ্ছেদ অভিযান ৷ বুলড’জাৰেৰে ভাঙি পেলোৱা হ’ল জেহাদীৰ ঘাটি হিচাবে অভিযুক্ত বহু মাদ্ৰাছা (Madrasa demolition in Assam)৷

মাদ্ৰাছা ধ্বংসৰ কাৰ্যক ভিন্নজনে ভিন্নধৰণে গ্ৰহণ কৰিলেও জেহাদীৰ নামত মাদ্ৰাছা ধ্বংস কৰা কাৰ্যক মানি ল’ব পৰা নাই একাংশই ৷ বিশেষকৈ বিৰোধী ৰাজনৈতিক দলে বিষয়টোক তীক্ষ্ণ সমালোচনা কৰিছে ৷ মাদ্ৰাছা ধ্বংসৰ প্ৰসংগত সাংসদ আব্দুল খালেকৰ নেতৃত্বত এটা সজাতি দলে সাক্ষাৎ কৰে ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ(National Commission for Minorities) অধ্যক্ষক ৷

সংখ্যালঘু আয়োগৰ অধ্যক্ষ ইকবাল সিং লালপুৰাক সাক্ষাৎ কৰিবলৈ যোৱা দলটোত আছিল সাংসদ খালেকৰ লগতে বিধায়ক আব্দুৰ ৰাশিদ মণ্ডল, আব্দুল বাতিন খন্দকাৰ, প্ৰদীপ কুমাৰ চৰকাৰ আৰু ডাঃ আছিফ নাজাৰ ৷ বঙাইগাঁও জিলাৰ কাবাইটাৰী মাৰ্কাজুল মা' আৰিফা কাৰীয়ানা মাদ্ৰাছা আৰু অন্যান্য মাদ্ৰাছা ধ্বংসৰ তদন্ত আৰু ন্যায় বিচাৰি ইকবাল সিং লালপুৰাক এখন স্মাৰকপত্ৰ প্ৰদান কৰে সাংসদ খালেকৰ লগত যোৱা দলটোৱে (MP Abdul Khalek meets Minority commission chairman) ।

উল্লেখ্য যে, ৰাজ্যৰ বহু মাদ্ৰাছাত জেহাদীয়ে(Jihadi in Assam) খোপনি পোতাৰ পৰিপ্ৰেক্ষিতত 4 ছেপ্টেম্বৰত কেইবাটাও মুছলিম সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হৈছিল আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত (Assam DGP meets Islamic organisation leader)৷ মাদ্ৰাছাত জেহাদীৰ প্ৰশিক্ষণৰ লগতে জেহাদ সম্পৰ্কীয় অন্যান্য বিষয়ৰ ওপৰত ইছলামিক সংগঠনসমূহে চকু ৰখাৰ বাবে আহ্বান জনাইছিল আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷

মাদ্ৰাছাসমূহত ধৰ্মীয় শিক্ষাৰ উপৰিও বিজ্ঞান, গণিত, কম্পিউটাৰ আদিৰ শিক্ষা প্ৰদানৰ পোষকতাও কৰিছিল অসম আৰক্ষীৰ তৰফৰ পৰা ৷ আলোচনা চক্ৰৰ অন্তত ইছলামিক সংগঠনৰ মুৰব্বীসকলে জনাইছিল যে আৰক্ষীয়ে বিচৰা ধৰণেই জেহাদীৰ বিৰুদ্ধে সকলো সহায়-সহযোগিতা আগবঢ়াব আৰক্ষীক ৷

ইছলামিক সংগঠনৰ সহায়-সহযোগিতা কামনা কৰি জেহাদীৰ বিৰুদ্ধে কাৰ্যকলাপ অব্যাহত ৰাখিছে প্ৰশাসনে ৷ সমান্তৰালকৈ যিসমূহ মাদ্ৰাছাত জেহাদীৰ কাৰ্যকলাপ অব্যাহত থকাৰ অভিযোগ উত্থাপিত হৈছে সেইসমূহ মাদ্ৰাছাত উচ্ছেদ অভিযান চলাই গৈছে চৰকাৰে ৷ মঙলবাৰেও গোৱালপাৰা দাৰোগৰ আলগা চৰত মাদ্ৰাছাত চলিল উচ্ছেদ ৷ অৱশ্যে এই উচ্ছেদ প্ৰশাসন নহয়, স্থানীয় ৰাইজেহে চলায়(Madrasa evicted in Goalpara) ৷

প্ৰশাসনৰ লগতে সৰ্বসাধাৰণ ৰাইজেও মাদ্ৰাছাত উচ্ছেদ অভিযান অব্যাহত ৰখাৰ সময়ত সাংসদ আব্দুল খালেকে বিষয়টোৰ সন্দৰ্ভত সংখ্যালঘু আয়োগৰ কাষ চপা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক: গোৱালপাৰাত ৰাইজে উচ্ছেদ কৰিলে মাদ্ৰাছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.