গোৱালপাৰাত ৰাইজে উচ্ছেদ কৰিলে মাদ্ৰাছা

author img

By

Published : Sep 6, 2022, 1:30 PM IST

Updated : Sep 6, 2022, 3:19 PM IST

Eviction

গোৱালপাৰা দাৰোগৰ আলগা চৰত মাদ্ৰাছা উচ্ছেদ (Madrasa evicted at Alga Char in Goalpara) । প্ৰশাসনে নহয় ৰাইজে উচ্ছেদ কৰিলে মাদ্ৰাছা (People evicted Madrasa in Goalpara) । মাদ্ৰাছাখনৰ পৰাই জেহাদীৰ নেটৱৰ্ক গঢ়িছিল পশ্চিমবংগৰ দুই জেহাদীয়ে ।

গোৱালপাৰা, ৬ ছেপ্টেম্বৰ : জেহাদী কাৰ্যকলাপৰ লগত জড়িতৰ অভিযোগত মৰিগাঁও, বৰপেটা আৰু বঙাইগাঁও জিলাত মাদ্ৰাছাৰ ওপৰত উচ্ছেদ অভিযান চলাইছে ৰাজ্য চৰকাৰে (Eviction of Madrasa in Assam) । উল্লেখ্য, জিলাকেইখনৰ পৰা ধৃত কেইবাটাও জেহাদী উক্ত মাদ্ৰাছাকেইখনৰ লগত জড়িত আছিল (Assam Madrasa related with jihadi activities) । সেয়ে উক্ত মাদ্ৰাছাবোৰৰ পৰাই ৰাজ্যত জেহাদী নেটৱৰ্ক গঢ়াৰ লগতে জেহাদী কাৰ্যকলাপত মাদ্ৰাছাৰ শিক্ষাৰ্থীসকলক আকৰ্ষিত কৰাৰ অভিযোগত ৰাজ্য চৰকাৰৰ সিদ্ধান্তমৰ্মে স্থানীয় প্ৰশাসনে উক্ত মাদ্ৰাছাবোৰত উচ্ছেদ অভিযান চলায় ।

গোৱালপাৰাত ৰাইজে উচ্ছেদ কৰিলে মাদ্ৰাছা

কিন্তু এইবাৰ গোৱালপাৰাত সংঘটিত হৈছে বিপৰীত কাৰ্য । প্ৰশাসনে নহয়, ৰাইজে নিজে উচ্ছেদ কৰিলে মাদ্ৰাছা (People evicted Madrasa in Goalpara) । গোৱালপাৰা জিলাৰ দাৰোগৰ আলগা চৰত মাদ্ৰাছা উচ্ছেদ কৰিলে স্থানীয় ৰাইজে । গোৱালপাৰা জিলাৰ পাখিউৰাৰ দাৰোগাৰ আলগা চৰৰ মছজিদ প্ৰাংগণত থকা মাদ্ৰাছাত জালাল উদ্দিন নামৰ ব্যক্তিজনে বহিঃৰাজ্যৰ দুই শিক্ষকক নিয়োগ কৰিছিল (Madrasa evicted at Alga Char in Goalpara) ।

উক্ত মাদ্ৰাছাখনৰে ইমাম আছিল জেহাদীত অভিযুক্ত জালাল উদ্দিন । ইতিমধ্যে গোৱালপাৰা আৰক্ষীয়ে জেহাদী কাৰ্যত অভিযুক্তৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে জালাল উদ্দিনক (suspected jihadi arrested in Goalpara) । স্থানীয় ৰাইজে জালাল উদ্দিনে নিয়োগ কৰা জাহাঙ্গীৰ আৰু আমিনুল ইছলামৰ পৰিচয়-পত্ৰ বিচৰাত নিশাতেই মাদ্ৰাছৰ পৰা পলায়ন কৰে দুয়োজনে । উল্লেখ্য, মাদ্ৰাছাখনত দুয়োজনে শিক্ষকৰ ৰূপত চলাই গৈছিল জেহাদী কাৰ্যকলাপ ।

ইতিমধ্যে আৰক্ষীৰ জিম্মাত আছে জেহাদী কাৰ্যকলাপত অভিযুক্ত জালাল উদ্দিন । ধৃত জালাল উদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই মাদ্ৰাছাখনৰ পৰা আনচাৰুল্লাহ বাংলা টীম (ABT) ৰ এখন বেনাৰ উদ্ধাৰ কৰাৰ লগতে কেইবাখনো AQIS ৰ লগত সম্পৰ্ক থকা নথি উদ্ধাৰ কৰে । উল্লেখ্য যে দাৰোগাৰপাৰ চৰৰ মাদ্ৰাছাখন স্থাপন কৰিছিল ধৃত জালাল উদ্দিনে । মাদ্ৰাছাখনৰ পৰাই বহিঃৰাজ্যৰ দুই শিক্ষকৰূপী জেহাদীয়ে জেহাদীৰ কাৰ্যকলাপ চলাইছিল বুলি ইতিমধ্যে গোৱালপাৰা আৰক্ষীয়ে সদৰী কৰিছে ।

দুদিন পূৰ্বে মাদ্ৰাছাখন প্ৰশাসনে উচ্ছেদ কৰাৰ কথা আছিল যদিও প্ৰশাসনে উচ্ছেদ কৰা নাছিল । সেয়ে আজি দাৰোগাৰ আলগা চৰৰ স্থানীয় ৰাইজে নিজে ভাঙি পেলায় মাদ্ৰাছাখন । লগতে মাদ্ৰাছাখনত শিক্ষকৰূপে থকা দুই জেহাদীৰ বাসগৃহও উচ্ছেদ কৰে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :দিল্লীত কুখ্যাত গাড়ী চোৰ অনিল চৌহানক গ্ৰেপ্তাৰ

Last Updated :Sep 6, 2022, 3:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.