ETV Bharat / state

দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত কেন্দ্ৰীয় ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী অজয় ভাট

author img

By

Published : May 20, 2022, 8:31 PM IST

mos-defence-minister-ajay-bhatt-visited-guwahati
দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী অজয় ভাট

১৯ মে'ত গুৱাহাটীত দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হৈছে কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ভাট (MoS Defence Minister Ajay Bhatt visits Assam) ৷ শুকুৰবাৰে নাৰেঙ্গীত উপস্থিত হৈ নাৰেঙ্গী সেনা চাউনী চৌহদৰ ব্ৰহ্মপুত্ৰ হলত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ (এন চি চি) কেডেটসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত ভাগ ল'লে কেন্দ্ৰীয় ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ।

গুৱাহাটী, ২০ মে : দুদিনীয়া ভ্ৰমণসূচীৰে ১৯ মে'ত গুৱাহাটীত উপস্থিত হৈছে কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ভাট (MoS Defence Minister Ajay Bhatt visits Assam) ৷ ইফালে, শুকুৰবাৰে নাৰেঙ্গী সেনা চাউনী চৌহদৰ ব্ৰহ্মপুত্ৰ হলত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ (NCC) কেডেটসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত ভাগ লয় কেন্দ্ৰীয় ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ।

mos-defence-minister-ajay-bhatt-visited-guwahati
দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী অজয় ভাট

এন চি চিৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী অজয় ভাটে এন চি চি কেডেট সকলৰ উজ্বল ভৱিষ্যৎ কামনা কৰি ভাৰতক বিশ্বগুৰুৰ পৰ্যায়লৈ নিবলৈ হ'লে এইক্ষেত্ৰত কেডেট সকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি সদৰি কৰে মন্ত্ৰী অজয় ভাটে ।

mos-defence-minister-ajay-bhatt-visited-guwahati
দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী অজয় ভাট

আনহাতে মন্ত্ৰী ভাটে কয় যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নিজকে এজন এন চি চি কেডেট বুলি সদায় গৌৰৱ কৰি আহিছে । আনকি অসমকে ধৰি উত্তৰ-পূবত এন চি চিক শক্তিশালী ৰূপত গঢ় দিবৰ বাবে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত সীমান্তৱৰ্তী অঞ্চলত থকা শিক্ষানুষ্ঠান সমূহত এন চি চিক অন্তৰ্ভুক্ত কৰি অহা হৈছে বুলি মন্ত্ৰী অজয় ভাটে ব্যক্ত কৰে ।

mos-defence-minister-ajay-bhatt-visited-guwahati
দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী অজয় ভাট

আনহাতে উক্ত অনুষ্ঠানত মেজৰ জেনেৰেল ভাস্কৰ কলিতাই অসমসহ উত্তৰ-পূবৰ ৰাজ্য কেইখনত এন চি চিৰ শেহতীয়া স্থিতিৰ সন্দৰ্ভত এক চমু বক্তব্য দাঙি ধৰে ।

লগতে পঢ়ক : প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ এন আৰ চিৰ ৰাজ্যিক সমম্বয়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.