ETV Bharat / state

FIR against MLA Basu Kadu: মহাৰাষ্ট্ৰৰ বিধায়ক বাচু কাডুৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ মহিলা কংগ্ৰেছৰ

author img

By

Published : Mar 7, 2023, 4:11 PM IST

Mohila Congress files FIR against Maharashtra MLA Basu Kadu
বিধায়ক বাচু কাডুৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল

কিছুদিন পূৰ্বে বিধানসভাত মহাৰাষ্ট্ৰৰ বিধায়ক বাচু কাডুৱে অসমৰ লোকে কুকুৰ ভক্ষণ কৰে বুলি মন্তব্য কৰিছিল ৷ বিধায়কগৰাকীৰ এই মন্তব্যৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ অসমৰ মানুহক কুকুৰ খোৱা বুলি কৰা অপমানজনক মন্তব্যৰ পাচতে এইবাৰ জাঙুৰ খাই উঠিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছ ৷ মঙলবাৰে দিছপুৰ থানাত উপস্থিত হৈ অসম প্ৰদেশ মহিলা কংগ্ৰেছে মহাৰাষ্ট্ৰৰ বিধায়ক বাচু কাডুৰ বিৰুদ্ধে দিছপুৰ থানাত দাখিল কৰে এক এজাহাৰ (MC files FIR against MLA Basu Kadu in Guwahati)৷

বিধায়ক বাচু কাডুৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল

গুৱাহাটী, ৭ মাৰ্চ : মহাৰাষ্ট্ৰৰ বিধায়ক বাচু কাডুৰ বিৰুদ্ধে আজি অৰ্থাৎ মঙলবাৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ তৰফৰ পৰা দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হয় । অসমৰ মানুহে কুকুৰ খায় বুলি মহাৰাষ্ট্ৰৰ বিধায়ক বাচু কাডুৱে কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে দিছপুৰ থানাত এই এজাহাৰ দাখিল কৰে (MC files FIR against MLA Basu Kadu in Guwahati)।

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ বিধায়ক বাচু কাডুৱে অসমৰ লোকে কুকুৰ ভক্ষণ কৰে আৰু মহাৰাষ্ট্ৰৰ পথৰ কুকুৰৰ সমস্যা দূৰ কৰিবলৈ কুকুৰবোৰ অসমলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব পাৰে বুলি বিধানসভাত মন্তব্য কৰিছিল । লক্ষণীয় বিষয় যে, মহাৰাষ্ট্ৰত তথা বিশেষকৈ মুম্বাইত মালিকবিহীন পথৰ কুকুৰসমূহৰ উপদ্ৰৱ পুৰণি । সততেই তেনে কুকুৰৰ আক্ৰমণৰ বলি হয় নাগৰিকসকল ।

কেৱল এয়াই নহয় বৰং মুম্বাই পৌৰ নিগমেও বছৰি যথেষ্ট সময় আৰু টকা ব্যয় কৰিব লগীয়া হয় এই পদপথৰ কুকুৰৰ বাবে । যাৰ বাবে মহাৰাষ্ট্ৰৰ বিধানসভাত উত্থাপিত হৈছিল এই বিষয়টো আৰু তাৰ পাচতেই বাচু কাডুৱে অসমৰ প্ৰসংগৰে আগবঢ়ায় অতি বিতৰ্কিত মন্তব্য ।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক অপমানিত কৰা এই ঘটনাকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মহাৰাষ্ট্ৰৰ বিধায়কজনে অসম সম্পৰ্কে কৰা এনে অপমানজনক মন্তব্য কৰাকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ তৰফৰ পৰা দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হয় (Assam Mohila Congress criticized MLA Basu Kadu)।

Mohila Congress files FIR against Maharashtra MLA Basu Kadu
মহাৰাষ্ট্ৰৰ বিধায়কৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল

এজাহাৰ দাখিল কৰি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে সংবাদ মাধ্যমৰ আগত কয়, ‘‘আৰক্ষী বিষয়াগৰাকীক অসমীয়াৰ আত্মাক যাতে আঘাত কৰা নহয়, তাৰ কাৰণে অসমীয়া অফিচাৰ হিচাপে কাম কৰিবলৈ অনুৰোধ জনাইছো’’ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি মীৰা বৰঠাকুৰে কয়, ‘‘গৃহ বিভাগৰ দায়িত্ব পালনত হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে’’ ।

লগতে তেওঁ বিধায়ক বাচু কাডুক নাকি লগাই ধৰি আনিবৰ বাবে দাবী জনায় । লগতে বিধায়কজনে অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ বাবেও তেওঁ দাবী জনায় । উল্লেখ্য যে, মীৰা বৰঠাকুৰৰ নেতৃত্বত প্ৰদেশ মহিলা কংগ্ৰেছৰ কেইবাগৰাকী বিষয়ববীয়াই দিছপুৰ থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে (Mohila Congress files FIR against Maharashtra MLA) ৷

লগতে পঢ়ক : Raise of Tripura CM Manik Saha: দন্ত শৈল্য চিকিৎসক মানিক সাহা কেনেকৈ হ’ল ৰাজনীতিবিদ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.