ETV Bharat / bharat

Raise of Tripura CM Manik Saha: দন্ত শৈল্য চিকিৎসক মানিক সাহা কেনেকৈ হ’ল ৰাজনীতিবিদ ?

author img

By

Published : Mar 6, 2023, 10:27 PM IST

দ্বিতীয়টো কাৰ্যকালৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হ’ল মানিক সাহা (Tripura CM Manik Saha) ৷ পেছাগতভাৱে মানিক সাহা আছিল এগৰাকী দন্ত শৈল্য চিকিৎসক ৷ ত্ৰিপুৰাৰ ৰাজনীতিত মানিক সাহাৰ চমকপ্ৰদ উত্থানৰ সৱিশেষ এই প্ৰতিবেদনত ৷

The rise of Manik Saha
দন্ত শৈল্য চিকিৎসক মানিক সাহা কেনেকৈ হ’ল ৰাজনীতিবিদ ?

নেশ্যনেল ডেস্ক, 6 মাৰ্চ: ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাবে একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব ত্ৰিপুৰাৰ মানিক সাহাই ৷ 8 মাৰ্চত ত্ৰিপুৰৰ নতুন চৰকাৰে ল’ব শপত ৷ য’ত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ প্ৰধানমন্ত্ৰী উপস্থিত থাকিব লগা শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ইতিমধ্যেই সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে (Tripura New govt oath taking) ৷

উল্লেখ্য যে, ত্ৰিপুৰাৰ ৰাজনীতিত চমকপ্ৰদ উত্থান ঘটিল মানিক সাহাৰ ৷ পূৰ্বৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে পদত্যাগ কৰাৰ পাচতেই প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয় মানিক সাহা ৷ বিপ্লৱ দেৱৰ পদত্যাগ বিজেপি আৰু RSS য়ে এক অপমানজনক কাৰ্য হিচাবে সেই সময়ত বিবেচনা কৰিছিল ৷ তাৰ পাচতেই BJP আৰু RSS পচন্দৰ ব্যক্তি হৈ পৰিছিল মানিক সাহা (Raise of Tripura CM Manik Saha) ৷

পেছাত এজন দন্ত শল্য চিকিৎসক মানিক সাহা পূৰ্বে আছিল কংগ্ৰেছ দলত ৷ কিন্তু 2016 চনত মানিক সাহাই যোগদান কৰে গেৰুৱা দলটোত ৷ ইফালে, 2020 চনত মানিক সাহাক ৰাজ্যিক বিজেপিৰ সভাপতি হ’বৰ বাবে ‘মিষ্টাৰ ক্লিন’ (Mr clean Manik Saha) হিচাবে প্ৰক্ষেপ কৰে বিজেপিয়ে ৷ তেতিয়াই মুখ্যমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছিল মানিক সাহাৰ ৷ বিপ্লৱ দেৱৰ পদত্যাগৰ পাচত 2022 চনৰ 14 মে’ত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হয় মানিক সাহা ৷

মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে 3 এপ্ৰিলৰ পৰা 4 জুলাইলৈ ৰাজ্যৰ সভাৰ সাংসদ হিচাবে আছিল সাহা ৷ পৰৱৰ্তী পৰ্যায়ত ‘টাউন বৰদোৱালী’ সমষ্টিৰ পৰা উপ-নিৰ্বাচনত জয় লাভ কৰি বিধানসভালৈ নিৰ্বাচিত হয় ৷ পাচত মুখ্যমন্ত্ৰী হৈ তেওঁৰ কাৰ্যকালৰ 10 মাহৰ ভিতৰতে ত্ৰিপুৰাত বিজেপিৰ ভাৱমূৰ্তি যথেষ্ট পৰিমাণে বৃদ্ধি কৰিবলৈ সক্ষম হয় ৷ নিজৰ দক্ষতা প্ৰকাশ কৰি পুনৰবাৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি কৰে সাহাই ৷ উল্লেখ্য যে, ত্ৰিপুৰাৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাতো সফল হ’ল মানিক সাহা (How Manik Saha become CM) ৷

1953 চনত জন্ম গ্ৰহণ কৰি চিকিৎসকৰ পৰা ৰাজনীতিবিদ হোৱা সাহাই 1970 দশকৰ আৰম্ভণিতে স্কুলীয়া শিক্ষা সমাপ্ত কৰি বিহাৰ আৰু উত্তৰ প্ৰদেশত উচ্চ শিক্ষা গ্ৰহণ কৰে ৷ সাহাই পাটনাৰ চৰকাৰী দন্ত মহাবিদ্যালয় আৰু লক্ষ্ণৌৰ কিং জৰ্জ চিকিৎসা মহাবিদ্যালয়ৰ পৰা অৰেল আৰু মেক্সিলোফেচিয়েল চাৰ্জাৰীত বিডিএছ আৰু এমডিএছ ডিগ্ৰী লাভ কৰিছিল (Education of Manik Saha)।

লগতে পঢ়ক: PM Modi to Visit NE: দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূবলৈ প্ৰধানমন্ত্ৰী; গুৱাহাটীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.