ETV Bharat / state

Love Jihad controversy: মন্ত্ৰী পীযুষ হাজৰীকাৰ ভৱিষ্যতবাণী; অহা ৪ টা নিৰ্বাচনত একে লেঠাৰিয়ে হাৰিব ভূপেন বৰা

author img

By

Published : Jul 28, 2023, 3:44 PM IST

লাভ জিহাদ প্ৰসংগত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মহাভাৰতৰ প্ৰসংগ টানি কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ ভূপেন বৰাই যি কথা কৈছে এই পাপৰ কোনো ক্ষমা নাই বুলি মন্তব্য মন্ত্ৰী হাজৰীকাৰ ৷ ভূপেন বৰাৰ এই কথাক পৃথিৱী, ভাৰতবৰ্ষ আৰু হিন্দু সমাজে মনত ৰাখিব আৰু প্ৰতিদিনে গৰিহণা দিব বুলি কটাক্ষ মন্ত্ৰীগৰাকীৰ ।

Love Jihad controversy
মন্ত্ৰী পীযুষ হাজৰীকা

মন্ত্ৰী পীযুষ হাজৰীকা

গুৱাহাটী, ২৮ জুলাই: "ভূপেন বৰাক মই ধিক্কাৰ দিছো । তেখেত ক্ষমাৰ যোগ্য নহয় । নাটক কৰি ককাদেউতাকে সপোনত কিবা কোৱা বুলি নাটক কৰিছে । ককাদেউতাকে সপোন কিবা কৈছে যদি কৈছে ভূপেন বৰা তই অধম । জাতি-ধৰ্মক ধ্বংস কৰিছ । তুষ্টিকৰণৰ ৰাজনীতি কৰি কৰি ভগৱান কৃষ্ণক জেহাদী সজালি । ক্ষমা নাই বুলি ককাকে কৈছে ৷ মোৰ দৃঢ় বিশ্বাস"- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ।

লাভ জিহাদ প্ৰসংগত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় ভূপেন বৰাই যি কথা কৈছে এই পাপৰ কোনো ক্ষমা নাই । জেহাদী শব্দটো হৈছে যিয়ে হিন্দু মানুহক, পৃথিৱীখনক অত্যাচাৰ কৰে, বোমা দি ধ্বংস কৰিব বিচাৰে তাৰ পৰাই জেহাদ শব্দ সৃষ্টি হয় । ভগৱান শ্ৰী কৃষ্ণক জেহাদৰ লগত তুলনা কৰিছে ধৃতৰাষ্ট্ৰক জেহাদৰ লগত তুলনা কৰিছে । ভূপেন বৰাৰ এই কথাক পৃথিৱী, ভাৰতবৰ্ষ আৰু হিন্দু সমাজে মনত ৰাখিব । প্ৰতিদিনে গৰিহণা দিব ।

তেওঁ লগতে কয়, "এচাম মানুহৰ ভোট বিচাৰি বিচাৰি ভগৱান শ্ৰী কৃষ্ণক জেহাদী বুলি কৈ দিলে, লাভ জেহাদ বুলি কৈ দিলে তাককৈ ডাঙৰ পাপ হ’ব পাৰে নেকি । এই পাপৰ পৰা ভূপেন বৰাই মুক্তি নাপায় । এই পাপৰ বাবে অহাবাৰো তেওঁ নিৰ্বাচনত হাৰিব । অহা ৪ টা নিৰ্বাচনত একে লেঠাৰিয়ে হাৰিব বুলি ভৱিষ্যতবাণী কৰে মন্ত্ৰী হাজৰীকাই ।তেওঁ আৰু কয় কৃষ্ণ কৃষ্ণ ৰাম ৰাম কৰি অসমীয়া জাতি আগুৱাইছে । অসমীয়া জাতিৰ কুলাংগাৰ সন্তান ভূপেন বৰাই ক’লে কৃষ্ণই লাভ জেহাদ কৰা বুলি । অসমে প্ৰত্যুত্তৰ দিব । " লগতে কোনো হিন্দু লোক, সনাতন লোকে ভূপেন বৰাক ক্ষমা নকৰে বুলি কয় মন্ত্ৰী পীযুষ হাজৰীকাই ।

লগতে পঢ়ক: Love Jihad controversy: মহাভাৰতত লাভ জেহাদক লেটিয়াই অৱশেষত ঘোষাৰে ক্ষমা মাগিলে ভূপেন বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.