ETV Bharat / state

Encounter in Guwahati: আৰক্ষীয়ে ৪ টা কিয়, ১০টা গুলীও মাৰিব পাৰে: মৃণাল শইকীয়া

author img

By

Published : Mar 16, 2022, 9:22 PM IST

‘‘আৰক্ষীৰ এনকাউণ্টাৰ সন্দৰ্ভত বিধায়ক মৃণাল শইকীয়াৰ প্ৰতিক্ৰিয়া । এগৰাকী নাবালিকাক ধৰ্ষণ কৰা বিকি আলী এজন ডাঙৰ অপৰাধী । আৰক্ষীক অপৰাধী পলালে গুলীয়াবৰ বাবেই পিষ্টল দিয়া হৈছে ।’’ বিধায়ক মৃণাল শইকীয়াৰ মন্তব্য (MLA Mrinal Saikia reacts on Guwahati encounter)৷

Encounter in Guwahati
আৰক্ষীয়ে ৪ টা কিয় ১০টা গুলীও মাৰিব পাৰে: মৃণাল শইকীয়া

গুৱাহাটী, ১৬ মাৰ্চ: ‘‘নাবালিকাক ধৰ্ষণ কৰা বিকি আলী এজন ডাঙৰ অপৰাধী । এনেকুৱা অপৰাধী পলাব ল'লে ৪ টা কিয় ১০ টা গুলী মাৰিব পাৰে ।’’ এই মন্তব্য শাসকীয় দলৰ খুঁমট‍াইৰ বিধায়ক মৃণাল শইকীয়াৰ । আৰক্ষীৰ এনকাউণ্টাৰত গুৱাহাটীৰ গাড়ীগাঁৱৰ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলী নিহত হোৱা ঘটনা সন্দৰ্ভত বিধায়ক শইকীয়াই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (MLA Mrinal Saikia reacts on Guwahati encounter)।

আৰক্ষীয়ে ৪ টা কিয় ১০টা গুলীও মাৰিব পাৰে: মৃণাল শইকীয়া

উল্লেখ্য যে, যোৱানিশা আৰক্ষীৰ গুলীত নিহত হ'ল গুৱাহাটীৰ গাড়ীগাঁৱৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলী (Encounter in Guwahati)। পুৱতি নিশা প্ৰায় ২.৪০ বজাত আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওতেই আৰক্ষীয়ে গুলীচালনা কৰে আৰু ফলত বিকি আলীৰ মৃত্যু হয় (Biki Ali dies in police encounter) । বিকি আলীৰ দেহত মুঠ ৪টা গুলী লাগিছে বুলি জানিব পৰা গৈছে । এনকাউণ্টাৰৰ এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক শইকীয়াই কয় যে, এনেকুৱা অপৰাধীবোৰৰ পলাই যোৱাৰ প্ৰৱনতা থাকে আৰু পলাই গৈ পুনৰ অনুৰূপ ঘটনা সংঘটিত কৰে । গতিকে এনেকুৱা অপৰাধীক পলাই যাবলৈ দিব নোৱাৰি । এনেকুৱা অপৰাধীক পলাব ল'লে চাৰিটা কিয় ১০ টা গুলী মাৰিব পাৰে ।

তেওঁ কয় যে, এনেকুৱা অপৰাধী পলাই গ'লে পুনৰ একেই অপৰাধত লিপ্ত হ'ব । গতিকে পলাবলৈ লওতেই আৰক্ষীয়ে গুলীয়ালে । এইটো এটা সাধাৰণ কথা । এইটো এটা কোনো ডাঙৰ বিষয় নহয় । অপৰাধ প্ৰমান হৈ আছে বাবেই পলাবলৈ চেষ্টা কৰিছিল বুলি তেওঁ কয় । আৰক্ষীক অপৰাধী পলালে গুলীয়াবৰ বাবেই পিষ্টল দিয়া হৈছে বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক: এনকাউণ্টাৰত মৃত্যু গাড়ীগাঁও দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত বিকি আলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.