ETV Bharat / state

MLA Manab Deka: বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে চৰকাৰী মাটি দখলৰ অভিযোগ বিধায়ক মানৱ ডেকাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 7:08 PM IST

Updated : Sep 16, 2023, 9:29 PM IST

MLA Manab Deka
MLA Manab Deka

বিধায়ক মানৱ ডেকাৰ অভিযোগ অনুসৰি চৰকাৰী মাটি দখল কৰি বাগান বনাইছে ভৰত নৰহে । দলৰে এজন জ্যেষ্ঠ নেতাই চৰকাৰী মাটি দখল কৰি বাগান কৰা বিষয়টোত গৌৰৱ গগৈয়ে কি ব্যৱস্থা ল'ব, প্ৰশ্ন মানৱ ডেকাৰ ৷

বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে চৰকাৰী মাটি দখলৰ অভিযোগ বিধায়ক মানৱ ডেকাৰ

গুৱাহাটী,১৬ চেপ্তেম্বৰ: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ অভিযোগে ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগাই থকাৰ সময়তে এইবাৰ কংগ্ৰেছৰ বিধায়ক তথা জ্যেষ্ঠ নেতা ভৰত নৰহৰ বিৰুদ্ধে উত্থাপন হৈছে ভূমি বেদখলৰ অভিযোগ । এই অভিযোগ উত্থাপন কৰিছে বিজেপি বিধায়ক মানৱ ডেকাই ।

বিধায়ক মানৱ ডেকাৰ অভিযোগ অনুসৰি ভৰত নৰহে চৰকাৰী মাটি দখল কৰি বাগান বনাইছে । শনিবাৰে সংবাদ মাধ্যমৰ আগত মানৱ ডেকাই কয় যে ভৰত নৰহৰ পত্নী ৰাণী নৰহৰ নামত থকা বাগানৰ মাটি চৰকাৰী মাটি । বানাক্ৰান্ত লোকক সংস্থাপন দিয়া চৰকাৰী মাটিখিনি বলপূৰ্বক কাঢ়ি নি বাগান কৰা হৈছে ।

এই কথা প্ৰমাণ কৰিব নোৱাৰিলে পদত্যাগ কৰিম বুলি পূৰ্বতে কৈছিল মানৱ ডেকাই । আনহাতে মানৱ ডেকাক প্ৰত্যাহ্বান জনাই ভৰত নৰহে এক ইঞ্চি মাটিও দখল কৰা বুলি প্ৰমাণ কৰিব পাৰিলে পদত্যাগ কৰিম বুলি সংবাদ মাধ্যমৰ আগত কৈছিল ।

এই সন্দৰ্ভত আজি বিধায়ক মানৱ ডেকাই সাংবাদ মাধ্যমক সম্বোধন কৰি তথ্য সহকাৰে ভৰত নৰহৰ পত্নীৰ নামত থকা বাগানৰ ভূমি চৰকাৰী বুলি সদৰী কৰে । আনহাতে ভৰত নৰহৰ সম্পৰ্কীয় অজিত নৰহে ১২৮ বিঘা মাটিৰ বাবে বসুন্ধৰাত আবেদন কৰিছে । যিখিনি মাটি ইতিমধ্যে বাগান কৰা হৈছে ।

তেওঁ কয় যে এগৰাকী মহিলাই মাটি ক্ৰয় কৰাক লৈ আৰু ৰাজসাহায্যক লৈ সাংসদ গৌৰৱ গগৈয়ে ইচ্ছ্যু কৰিছে । কিন্তু গৌৰৱ গগৈৰ দলৰে এজন জ্যেষ্ঠ নেতাই চৰকাৰী মাটি দখল কৰি বাগান কৰা বিষয়টোত গৌৰৱ গগৈয়ে কি ব্যৱস্থা ল’ব বুলি প্ৰশ্ন কৰে বিধায়ক ডেকাই । বিধায়ক ডেকাই লগতে অভিযোগ কৰে যে ভৰত নৰহে বগীনদীত থকা ঘৰৰ মাটিৰ ১ বিঘা ৪ কঠা চৰকাৰী মাটি দখল কৰি থৈছে ।

ভৰত নৰহৰ চৰকাৰী মাটি দখলৰ সন্দৰ্ভত বিধায়ক ডেকাই কয় যে মাতমৰাৰ বানীপানী হোৱাৰ সময়ত লোকসকলক আশ্ৰয় দিয়া হৈছিল । কিন্তু ভৰত নৰহে সেই লোকসকলক উচ্ছেদ কৰি সেই মাটিত বাগান খুলিছে । সেই বাগানৰ ১২৮ বিঘা দখল কৰি থকা মাটি অজিত নৰহে বসুন্ধৰাত আবেদন কৰিছে ।

১৯৯৮ চনৰ পৰাই সেই ভূমি দখল কৰি ৰাখিছে ভৰত নৰহে । চৰকাৰী মাটিত উচ্ছেদ কৰিলে ঠিকে আছে, কিন্তু তাত বাগান কেনেকৈ হ'ল বুলি বিধায়ক ডেকাই প্ৰশ্ন কৰে । ভৰত নৰহে এতিয়া পদত্যাগ কৰে নে নকৰে মই নাজানো বুলি সদৰী কৰি বিধায়ক ডেকাই গৌৰৱ গগৈক এই সন্দৰ্ভত টুইট কৰাৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক: Assam govt debt: দহ বছৰত চৰকাৰে ঋণৰ সুদ হিচাপে দিলে ৩৪,৯৬৮ কোটি টকা

Last Updated :Sep 16, 2023, 9:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.