ETV Bharat / state

কয়লা ছিণ্ডিকেট: CBIৰ তদন্তৰ দাবী কমলাক্ষ দে' পুৰকায়স্থৰ

author img

By

Published : Jun 15, 2021, 10:42 PM IST

কৰিমগঞ্জৰ কয়লা ছিণ্ডিকেট (Coal Syndicate) সন্দৰ্ভত সংবাদমেল সম্বোধন বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ (Kamalakhya Dey Purkayastha)ৰ ৷ সংবাদমেলযোগে কয়লা ছিণ্ডিকেটৰ চিবিআই (CBI)ৰ তদন্ত দাবী কৰিছে বিধায়কগৰাকীয়ে ৷

kamalakhya dey purkayastha pressmeet
কমলাক্ষ দে পুৰকায়স্থৰ সংবাদমেল

গুৱাহাটী, 15 জুন : বৰাকৰ কৰিমগঞ্জত অব্যাহত আছে কয়লাৰ বিয়াগোম ছিণ্ডিকেট (Coal Syndicate) । এই ছিণ্ডিকেটত শাসকীয় দলৰ পাথাৰকান্দিৰ বিজেপি বিধায়ক জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে । বৰাকৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ (Kamalakhya Dey Purkayastha)ই এই অভিযোগ উত্থাপন কৰিছে ৷ মঙলবাৰে দিছপুৰৰ চৰকাৰী আৱাসত এক সংবাদমেল আয়োজন কৰে বিধায়ক পুৰকায়স্থই ৷

কমলাক্ষ দে' পুৰকায়স্থৰ সংবাদমেল

সংবাদমেলযোগে বৰাকত চলি থকা কয়লা ছিণ্ডিকেট সন্দৰ্ভত চিবিআই (CBI)ৰ তদন্ত দাবী কৰে বিধায়ক পুৰকায়স্থই । বিধায়কগৰাকীয়ে কয় যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰি মেঘালয়ত অবাধে কয়লাৰ খনন কাৰ্য অব্যাহত আছে । ইতিমধ্যে 30 মে’ত মেঘালয়ৰ কয়লা খনিত আৱদ্ধ হৈ নিহত হোৱা অসমৰ 5 জন শ্ৰমিকৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই । বিধায়কগৰাকীয়ে অভিযোগ কৰি কয়, "মেঘালয়ৰ পৰা বৰাকৰ কৰিমগঞ্জৰ সুতাৰকান্দি হৈ পৰিবহন কৰা কয়লাৰ ট্ৰাক 7-8 খন চেকগেটেৰে যায় আৰু এই চেকগেটসমূহত কয়লাৰ অবৈধ পৰিবহনত স্থানীয় আৰক্ষী অধীক্ষকসকল জড়িত হৈ আছে । নিয়মানুসাৰে এখন ট্ৰাকত 9 টন কয়লা পৰিবহন কৰিব লাগে যদিও 40 ৰ পৰা 50 টন কয়লা পৰিবহন কৰা হয় । বৈধভাৱে কয়লা পৰিবহনৰ ক্ষেত্ৰত 8 টাকৈ বিভাগৰ অনুমতি লাগে’’ ।

বিধায়ক গৰাকীয়ে অভিযোগ কৰি কয় যে, শেহতীয়াকৈ 22 মে’ত কয়লাৰ 9 খন ট্ৰাক আৱদ্ধ কৰি ৰখা হৈছিল যদিও 26 মে’ত ৰহস্যজনকভাৱে সকলো নথি-পত্ৰ ঠিক থকাৰ কথা ক’লে । কমিচনৰ অংকত উদ্দেশ্য প্ৰণোদিতভাৱে ট্ৰাককেইখন জব্দ কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰি বিধায়কগৰাকীয়ে ৰাজনৈতিক চাপত আৰক্ষী অধীক্ষকে কাম কৰি আছে বুলি মন্তব্য কৰে । বিধায়কে ট্ৰাকৰ পৰা 500 টকাকৈ বিচাৰে বুলি অভিযোগ কৰি তেওঁ কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma)ই এই ক্ষেত্ৰত নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰিলে সকলো সত্য পোহৰলৈ আহিব ।

আনহাতে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰ প্ৰসংগত বিধায়ক পুৰকায়স্থই কয়, "5 জনীয়া পেনেলত মোৰ লগতে ৰূপজ্যোতি কুৰ্মী, আব্দুল খালেক, ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ নাম প্ৰেৰণ কৰা বুলি জানিব পাৰিছো । হাইকামাণ্ডে যাকেই দায়িত্ব দিব তাকেই মানি ল’ম । ইয়াত কোনো বিৰোধ নহয় । তিনিবাৰকৈ বিধায়ক হৈছো, গতিকে এতিয়া মই নিশ্চয় জ্যেষ্ঠ হৈছো’’ ।

বিগত 18 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কৰিমগঞ্জৰ ভাতগ্ৰামত যোৱাৰ বাবে প্ৰায় 100 বিঘা ভূমিত বিশাল হেলিপেড আৰু ৰাস্তা নিৰ্মাণ কৰা হৈছিল । কিন্তু এতিয়ালৈকে সেই হেলিপেড আৰু ৰাস্তা ভাঙি নিদিয়াৰ বাবে কৃষকসকলৰ বৃহৎ সমস্যা হোৱা বুলি বিধায়কগৰাকীয়ে অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক : হায়াত ছুপাৰ স্পেচিয়েলিটি হাস্পতালত দুমহীয়া শিশুৰ হৃদৰোগৰ জটিল অস্ত্ৰোপচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.