Akhil Gogoi apologizes: দ্ৰৌপদী মুৰ্মু সন্দৰ্ভত মন্তব্য কৰি ক্ষমা খুজিলে অখিল গগৈয়ে

author img

By

Published : Jul 19, 2022, 4:39 PM IST

Akhil Gogoi Apology

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ প্ৰতি বিতৰ্কিত মন্তব্য কৰি ক্ষমা বিচাৰিবলৈ বাধ্য হ’ল বিধায়ক অখিল গগৈ (Akhil Gogoi apologizes for his remarks) ৷ প্ৰাৰ্থীগৰাকীৰ প্ৰতি কৰা মন্তব্য উঠাই লোৱা বুলি প্ৰৰণ কৰে এক ভিডিঅ’ বাৰ্তা ৷

গুৱাহাটী, ১৯ জুলাই: বিতৰ্কিত মন্তব্য কৰি অৱশেষত ক্ষমা খুজিলে বিধায়ক অখিল গগৈয়ে (Akhil Gogoi apologizes) । সোমবাৰে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মাজতে এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে কেতবোৰ বিতৰ্কিত মন্তব্য কৰিছিল (Akhil Gogoi comments on Draupodi Murmu)। তাৰ পিছতে ৰাজ্যৰ আদিবাসী সম্প্ৰদায়ৰ বিধায়ক তথা বিভিন্নজনে অখিল গগৈক উভতি ধৰিছিল ।

অখিল গগৈক চাহ বাগিচা অঞ্চলত নিষিদ্ধ কৰাৰো হুংকাৰ দিছিল(Threatened to ban Akhil Gogoi in tea garden areas) । অৱশেষত মঙলবাৰে ক্ষমা বিচাৰিলে অখিল গগৈয়ে । এক ভিডিঅ’যোগে ক্ষমা বিচৰাৰ লগতে অখিল গগৈয়ে দ্ৰৌপদী মুৰ্মু সন্দৰ্ভত কৰা মন্তব্য উঠাই লোৱাৰ কথা প্ৰকাশ কৰে (Akhil Gogoi apologizes for his remarks)।

দ্ৰৌপদী মুৰ্মু সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ক্ষমা খুজিলে বিধায়ক অখিল গগৈয়ে

ভিডিঅ’ বাৰ্তাটোত ক্ষমা বিচাৰি অখিল গগৈয়ে কয় যে, ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ সময়ত তেওঁ কোৱা কেইটামান বাক্য আৰু শব্দই আদিবাসী, চাহ জনগোষ্ঠীৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । সেয়ে এই বাক্য আৰু শব্দকেইটা উঠাই লোৱা বুলি তেওঁ কয় । ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ প্ৰসংগত তিনিটা শব্দ ব্যৱহাৰ কৰিছিল অখিল গগৈয়ে ৷ শব্দ তিনিটাৰ এটা হ’ল কাঠৰ মূঢ়া, এটা হ’ল আদিবাসী মহিলা নহয় আৰু আনটো হ’ল অভিজাত শ্ৰেণী । এই তিনিওটা শব্দ আজি তেওঁ উঠাই লয় ।

তেওঁ লগতে কয়, ‘‘ৰাষ্ট্ৰপতি নিৰ্বাচন প্ৰসংগত মই কৈছিলো যে, বিজেপিয়ে যদিও আদিবাসীৰ ট্ৰাম্পকাৰ্ড খেলিছে, আচলতে দ্ৰৌপদী মুৰ্মু অভিজাত মহিলা, তেখেতে আদিবাসীসকলক প্ৰতিনিধিত্ব নকৰে । এই কথাখিনিয়ে কিছুসংখ্যক মানুহৰ মনত দুখ দিয়া দেখা গৈছে । গতিকে এই বাক্যটো আজি উঠাই লৈছোঁ বুলি ঘোষণা কৰিছোঁ’’ ।

আনহাতে দ্ৰৌপদী মুৰ্মুৰ কথা উল্লেখ নকৰাকৈ কাঠৰ মুঢ়া বুলি এটা শব্দ ব্যৱহাৰ কৰা বুলিও কয় অখিল গগৈয়ে । তেওঁ কয়, ‘‘সেই শব্দটোৱেও দুখ দিয়া দেখা গৈছে । সেই শব্দটোও উঠাই লৈছো ৷ যিসকল লোকে এই শব্দটোক লৈ প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰিছে, মই সকলোৰে ওচৰত আজি ক্ষমা বিচাৰিছোঁ’’ বুলি তেওঁ কয় ।

তেওঁ লগতে কয়, ‘‘মই আশা ৰাখিছো, অসমৰ আদিবাসী ৰাইজে, আদিবাসী সংগঠনসমূহে, চাহ জনগোষ্ঠীৰ সংগঠনসমূহে এই বিষয়টোক লৈ ধৰি নাথাকিব ৷ সেইবাবে তেখেতসকলৰ ওচৰত মই দুখ প্ৰকাশ কৰাৰ লগতে ক্ষমা বিচাৰিছোঁ’’ ।

লগতে পঢ়ক: CAA Protest: শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.