CAA Protest: শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ অখিল গগৈ

By

Published : Jul 19, 2022, 2:12 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

"কা আন্দোলনৰ সময়ত অসমৰ বিভিন্ন জিলাত মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল (CAA Protest)৷ 2019 চনৰ 11 ডিচেম্বৰ তাৰিখৰ দিনা আমি বিভিন্ন সংগঠনে ঐক্যবদ্ধ হৈ নাগৰিকত্ব সংশোধনী আইন 2019 ৰ বিৰুদ্ধে এটা বিশাল সমদল উলিয়াই জিলা উপায়ুক্তৰ কাৰ্যলয়লৈ গৈছিলো (Sivasagar DC) ৷ সেই কাৰ্যসূচীত আমি 144 ধাৰা উলংঘন (144 Section Violation) কৰাৰ অভিযোগত আৰু ৰাষ্ট্ৰদ্ৰোহ কৰা বুলি আমাৰ বিৰুদ্ধে দুটাকৈ গোচৰ জাপি দিয়া হৈছিল ৷ মোৰ লগতে এই ঘটনাত অসম ছাত্ৰ যুৱ সন্মিলনৰ সভাপতি জিন্ত মেছ, ছাত্ৰ মুক্তিৰ লক্ষ্যজ্যোতি গগৈ আৰু মানস কোঁৱৰকো অভিযুক্ত কৰা হৈছিল ৷ সেই গোচৰৰ বাবেই আজি আমি শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ হৈছোহি ৷" মঙলবাৰে শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত পুনৰ হাজিৰ হয় বিধায়ক অখিল গগৈ ৷ শিৱসাগৰ সদৰ থানা আৰু গৌৰীসাগৰ থানাত ৰুজু হৈ থকা গোচৰৰ শুনানি আছিল বিধায়ক অখিল গগৈৰ লগতে তিনি যুৱনেতাৰ (MLA Akhil Gogoi appear in Sivasagar CJM Court )৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.