ETV Bharat / state

হেকাৰৰ কবলত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক একাউণ্ট

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 10:18 PM IST

Himanta Biswa Sarma: হেকাৰৰ কবলত পৰিছে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক একাউণ্ট ৷ মঙলবাৰে সন্ধিয়া দুষ্টচক্ৰই মুখ্যমন্ত্ৰীগৰাকীৰ ফেচবুক পেজ হেক কৰাৰ চেষ্টা চলায় ৷ এক্সযোগে এই কথা জানিবলৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Himanta Biswa FB Account
হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক একাউণ্ট

নিউজ ডেস্ক, 9 জানুৱাৰী: হেকাৰৰ কবলৰ পৰা ৰেহাই নাপালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও ৷ মুখ্যমন্ত্ৰীগৰাকীৰ ফেচবুক একাউণ্ট হেক কৰাৰ চেষ্টা চলাইছে দুষ্টচক্ৰই ৷ এই কথা এক্সযোগে জানিবলৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মঙলবাৰে নিশা মুখ্যমন্ত্ৰী ড৹ শৰ্মাই এক্সযোগে জানিবলৈ দিয়ে যে কোনো অজ্ঞাত হেকাৰে মঙলবাৰে সন্ধিয়া তেওঁৰ ফেচবুক একাউণ্ট হেক কৰিবলৈ চেষ্টা চলায় ৷ প্ৰাথমিক খবৰ অনুসৰি হেকিং চক্ৰটোৱে পাকিস্তানৰ পৰা এই চেষ্টা চলাই থকা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে এক্সযোগে তেওঁৰ ফ’ল’ৱাৰসকলক অৱগত কৰোৱাইছে আৰু অপৰাধী চিনাক্ত কৰাৰ বাবে তদন্ত অব্যাহত ৰখা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে ৷

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা শেহতীয়াকৈ যথেষ্ট সক্ৰিয় হৈ পৰিছে সামাজিক মাধ্যমত ৷ ফেচবুকত পেজত মুখ্যমন্ত্ৰীগৰাকীৰ অনুৰাগী আছে দুই মিলিয়নতকৈও অধিক আৰু এক্সত অনুৰাগী আছে 2.2 মিলিয়নতকৈও অধিক ৷

বিশেষকৈ মুখ্যমন্ত্ৰীৰ আসনত ড৹ শৰ্মা অধিস্থিত হোৱাৰ পিচৰে পৰা দিনটোৰ কৰ্মসূচীৰ প্ৰতিটো সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰি আহিছে ৷ গীতাৰ বাণীৰে দিনটোৰ প্ৰথমটো পোষ্ট আৰম্ভ কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে মাজনিশাপৰ্যন্ত সকলো কৰ্মসূচী সামাজিক মাধ্যমযোগে তেওঁৰ ফ’ল’ৱাৰসকলক অৱগত কৰোৱাই আহিছে ৷

শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সমগ্ৰ দেশতে চৰ্চিত হৈ পৰিছে তেওঁৰ বাকপটুতা আৰু কৰ্মৰ বাবে ৷ সেয়েহে বিজেপিৰ ৰাষ্ট্ৰীয় নেতাৰো প্ৰিয়ভাজন হৈ পৰা দেখা গৈছে ড৹ শৰ্মা ৷ শেহতীয়াকৈ 5 ৰাজ্যৰ নিৰ্বাচনতো ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ভূমিকা দেখা গৈছিল ৷ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানসমূহৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি প্ৰতিটো ৰাষ্ট্ৰীয় দলৰ শীৰ্ষ নেতৃত্বয়ো বিশেষ দৃষ্টি ৰখা পৰিলক্ষিত হৈছে ৷

তেনে সময়তে প্ৰভাৱশালী নেতাগৰাকীৰ সামাজিক মাধ্যমৰ একাউণ্টত চকু পৰিছে দুষ্টচক্ৰৰ ৷ চেষ্টা কৰিছে তেওঁৰ ফেচবুক একাউণ্ট হেক কৰাৰ ৷ সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ ৰাজনীতিৰ প্ৰভাৱশালী নেতাগৰাকীৰ ফেচবুক একাউণ্ট হেক কৰি জনচক্ষুৰ সন্মুখত ভাৱমূৰ্তি বিনষ্ট কৰাৰ বাবে দুষ্টচক্ৰই চেষ্টা চলোৱা বুলি হৈছে বিশেষ আলোচনা ৷

লগতে পঢ়ক: ধাৰ লৈ সংসাৰ চলোৱাটো সহজ: মুখ্যমন্ত্ৰীক চোকা সমালোচনাৰে লুৰীণজ্যোতি গগৈৰ উদাত্ত ভাষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.