ETV Bharat / state

ভূপেন বৰাৰ কবিতাসমূহ বেলেগে লিখি দিয়ে: মন্ত্ৰী পীযুষ হাজৰিকা

author img

By

Published : Oct 7, 2022, 6:19 PM IST

ভূপেন বৰাৰ কবিতাসমূহ বেলেগে লিখি দিয়ে (Poem of Bhupen Bora)৷ এই কথা জানে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ মন্ত্ৰীগৰাকীৰ মতে ভূপেন বৰা অসম কংগ্ৰেছৰ সৰ্বকালৰ ব্যৰ্থ-নিষ্কৰ্মা সভাপতি ৷

ভূপেন বৰাৰ কবিতাসমূহ বেলেগে লিখি দিয়ে: মন্ত্ৰী পিযুষ হাজৰিকা
ভূপেন বৰাৰ কবিতাসমূহ বেলেগে লিখি দিয়ে: মন্ত্ৰী পিযুষ হাজৰিকা

গুৱাহাটী, ৭ অক্টোবৰ: অসমৰ ৰাজনীতিত পুনৰ কবিতাৰ চৰ্চা । কিছুদিনৰ বিৰতিৰ পাছত পুনৰ কবিতাৰে চৰকাৰখনক থকা-সৰকা কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC president Bhupen Bora)। এইবাৰৰ কবিতাৰ শিৰোনাম 'দৰ্পচূৰ্ণ' (Bhupen Bora new poem)। মাজুলীৰ শিশুশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ প্ৰসংগও উত্থাপন কৰা এই কবিতাৰ যোগেদি তেওঁ বিজেপি চৰকাৰক কটাক্ষ কৰে ।

ভূপেন বৰাৰ কবিতাৰ পাছতে পূৰ্বৰ দৰে পুনৰ সৰৱ হৈ পৰে মন্ত্ৰী পীযুষ হাজৰিকা । ভূপেন বৰাৰ কবিতাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika criticises Bhupen Bora) । সংবাদ মাধ্যমৰ আগত মন্ত্ৰী হাজৰিকাই কয় যে ভূপেন বৰা প্ৰদেশ কংগ্ৰেছৰ সৰ্বকালৰ ব্যৰ্থ-নিষ্কৰ্মা সভাপতি ।

ভূপেন বৰাৰ কাৰ্যকালত অসমত কংগ্ৰেছৰ স্থান তৃতীয়-চতুৰ্থলৈ অৱনমিত হোৱা বুলি কটাক্ষ কৰি তেওঁ কয় যে নিৰ্বাচনবোৰৰ ফলাফল চালেই সেই কথা অনুমান কৰিব পাৰি ।

ভূপেন বৰাৰ কবিতাসমূহ বেলেগে লিখি দিয়ে

ভূপেন বৰা প্ৰদেশ কংগ্ৰেছৰ একেবাৰে ব্যৰ্থ আৰু নিষ্কৰ্মা সভাপতি বুলি মন্তব্য কৰি পীযুষ হাজৰিকাই কয় যে, ভূপেন বৰাকলৈ নাইবা তেওঁৰ কবিতাকলৈ আজিৰ তাৰিখত কিবা ক'ব আছে বুলি তেওঁ নাভাবে । ভূপেন বৰাক দলৰ মানুহেই গ্ৰহণ নকৰে বুলি সদৰি কৰি তেওঁ কয় যে, কংগ্ৰেছৰ সভাতেই কংগ্ৰেছীয়ে ভূপেন বৰাৰ বিৰুদ্ধ বিভিন্ন অভিযোগ আনে । ভূপেন বৰাই দলটোক দুই নম্বৰ স্থানলৈ অনাৰ প্ৰয়াস কৰা উচিত বুলি উল্লেখ কৰি তেওঁ কয় যে, কংগ্ৰেছ দলক কেতিয়াও তেওঁ এক নম্বৰ স্থানলৈ আনিব নোৱাৰে ।

অ-কবিতা লিখি হাঁহিৰ খোৰাক নহ'বৰ বাবে তেওঁ ভূপেন বৰাক আহ্বান জনায় । কবিতাত উল্লেখ কৰা হেলিকপ্টাৰৰ প্ৰসংগত তেওঁ কয় যে, প্ৰয়াত তৰুণ গগৈয়ে (Assam ex CM Tarun Gogoi) জাগীৰোডলৈয়ো হেলিকপ্টাৰ লৈ গৈছিল । গতিকে সেইবোৰ কথা কৈ লাভ নাই । ভূপেন বৰাই সদায় টকাৰ সপোন দেখি থাকে আৰু যাৰ বাবে প্ৰাৰ্থীৰ পৰা টকা লোৱাৰ কথা শুনা যায় বুলি তেওঁ কয় ।

ৰাজনীতিক হ'লে চিৰিয়াছ হ'ব লাগে বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, হাঁহিয়াতৰ পাত্ৰ হোৱা কবিতা লিখিব নালাগে । তেওঁ লগতে কয় যে, ভূপেন বৰাৰ কবিতা বেলেগে লিখি দিয়ে । গতিকে বেলেগে লিখা কবিতা লৈ এনেদৰে হাঁহিয়াতৰ পাত্ৰ নহ'বৰ বাবে তেওঁ ভূপেন বৰাক আহ্বান জনায় । ভূপেন বৰাৰ কবিতাৰ কোনো ইম্পেক্ট নাই বুলি সদৰি কৰি তেওঁ কয় যে, ভূপেন বৰাই কবিতা লিখি গৈছে আৰু বিজেপিয়ে নিৰ্বাচন জিকি গৈছে ।

লগতে পঢ়ক: আজি তিলনি; মাজুলীৰ তেজস্বিতাৰ বাসগৃহত শোকাকুল পৰিৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.