ETV Bharat / state

আম আদমী পাৰ্টীক সকিয়নী মন্ত্রী পীযুষ হাজৰিকাৰ

author img

By

Published : Apr 21, 2022, 11:01 PM IST

জনতা ভৱনত মন্ত্রী পীযুষ হাজৰিকাৰ সংবাদমেল । আম আদমী পাৰ্টীয়ে বুধবাৰে আয়োজন কৰা ৰেলীত অসমৰ স্বাভিমান জাপিৰ ওপৰত ঝাড়ু ৰখা কাৰ্যত মন্ত্রী পীযুষ হাজৰিকাৰ তীব্ৰ প্ৰতিক্ৰিয়া । আম আদমী পাৰ্টীক অসমবাসীৰ ওচৰত আঁঠু লৈ ক্ষমা খোজাৰ বাবে দাবী মন্ত্রীগৰাকীৰ (Minister Pijush Hazarika warned Aam Aadmi Party) ।

minister-pijush-hazarika-warned-aam-aadmi-party
আম আদমী পাৰ্টীক সকিয়নী মন্ত্রী পীযুষ হাজৰিকাৰ

গুৱাহাটী, 21 এপ্ৰিল : আম আদমী পাৰ্টীয়ে অসমীয়াৰ স্বাভিমানত আঘাত সানিছে । এই অভিযোগ মন্ত্রী পীযুষ হাজৰিকাৰ । আজি জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি মন্ত্রী পীযুষ হাজৰিকাই আম আদমী পাৰ্টীয়ে বুধবাৰে আয়োজন কৰা ৰেলীত অসমৰ স্বাভিমান জাপিৰ সৈতে ঝাড়ু ৰখা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

তেওঁ কয় যে, এনেধৰণৰ দুঃসাহস পূৰ্বতে কোনেও কৰা নাছিল । তেওঁ কয় যে প্ৰতিজন অসমীয়াৰ বাবে জাপি, শৰাই আৰু গামোচা অত্যন্ত সন্মানৰ আৰু স্বাভিমানৰ প্ৰতীক । কিন্তু কাহানিও নোহোৱা নোপোজা ঘটনা এটা বুধবাৰে অসমত সংঘটিত হ'ল ।

তেওঁ অভিযোগ কৰি কয় যে, বুধবাৰে আম আদমী পাৰ্টীৰ ৰেলীত অংশ গ্ৰহণ কৰা দিল্লীৰ বিধায়িকা আতিশী মাৰলেনাই (MLA of Delhi Atishi Marlena) অসমৰ স্বাভিমানৰ প্ৰতীক জাপিক চৰম অৱমাননা আৰু অসন্মান কৰা পৰিলক্ষিত হ'ল । এই কাৰ্যক তীব্ৰ গৰিহণা দি তেওঁ আম আদমী পাৰ্টীক ভৱিষ্যতে অসমৰ স্বাভিমানক লৈ হেতালি নেখেলিবলৈ সকিয়াই দিয়ে (Minister Pijush Hazarika warned Aam Aadmi Party)।

আম আদমী পাৰ্টীক সকিয়নী মন্ত্রী পীযুষ হাজৰিকাৰ

ইফালে তেওঁ এখন আলোকচিত্র প্ৰদৰ্শন কৰি কয় যে, আম আদমী পাৰ্টীয়ে জীপচি গাড়ী লৈ উলিওৱা ৰেলীত এটা জাপিৰ ওপৰত এডাল ঝাড়ু ৰাখি থোৱা হয় । অসমীয়াৰ স্বাভিমান জাপিৰ ওপৰত ঝাড়ু ৰাখিবলৈ কোনোৱে দুঃসাহস কৰা নাছিল ।

তেওঁ আম আদমী পাৰ্টীৰ এই দুষ্কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি এনে কাৰ্য পুনৰাই নকৰিবৰ বাবে সকিয়াই দিয়ে মন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ আম আদমী পাৰ্টীক অসমবাসীৰ ওচৰত আঁঠু লৈ ক্ষমা খোজাৰ বাবে দাবী জনায় । ইফালে এই ঘটনা সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : GMC Election: গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.