ETV Bharat / state

কৰ বুলি নকয়; এয়া সেৱা মাচুলহে ! মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই দিলে কৰ আৰু মাচুলৰ ব্যাখ্যা

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 8:46 PM IST

Implementation of new service fees
jayanta Malla Barua slams Bhupen Bora

কৰ নহয়, সেৱাৰ বিপৰীতে এয়া সৰু সৰু মাচুল ৷ দিছপুৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সংবাদ মেল ৷ আৰক্ষীৰ অত্যধিক সেৱা মাচুল সংগ্ৰহ প্ৰসংগত স্পষ্টীকৰণ মন্ত্ৰীগৰাকীৰ ।

সেৱা মাচুল সংগ্ৰহ প্ৰসংগত স্পষ্টীকৰণ

গুৱাহাটী, ২২ নৱেম্বৰ: ‘‘চামুচেৰে দি বেলচাৰে লোৱা নহয়, ট্ৰাকেৰে দিও ৰাইজক, কেতিয়াবা কেতিয়াবা ৰাজহ হিচাবে চলাবলৈ ৰাইজক সেৱা জনাই ৰাজহ হিচাবে সামান্য ধূলিহে শিৰত লয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ।’’ শেহতীয়া চৰকাৰৰ দ্বাৰা কৰ আৰোপ প্ৰসংগত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷

“এয়া কৰ নহয়, সামান্য সেৱা মাচুলহে এয়া ৷ এয়া প’ৰ্টেলৰ জৰিয়তে সেৱাৰ বাবদ লোৱা মাচুলহে ৷ সেৱা কৰ আৰু মাচুলৰ পাৰ্থক্য আছে ৷” সেৱা সেতুৰ জৰিয়তে চৰকাৰখনে অত্যধিক হাৰত নতুন সেৱা মাচুল সংগ্ৰহ কৰা প্ৰসংগত দিছপুৰত সংবাদমেল পাতি বুধবাৰে সন্ধিয়া স্পষ্টীকৰণ দিলে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷

মন্ত্ৰী গৰাকীয়ে কয়,“স্কুলত মাচুল লয়, কৰ নলয় ৷ বিভ্ৰান্তিকৰ কথাৰে একাংশই ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এনে অপপ্ৰচাৰ চলোৱাটো উচিত হোৱা নাই ৷ জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰা হৈছে ৷ অসম চৰকাৰে এই প’ৰ্টেলটোৰ যোগেদি ৰাইজৰ বাবে সেৱা সমূহ সুলভ আৰু সুন্দৰ কৰিব পাৰি তাৰ বাবেহে এই সেৱা সেতু এপ প্ৰস্তুত পৰা হৈছে ৷ ইয়াৰ কিছুমান সেৱাৰ বাবে পূৰ্বেও মাচুল লোৱা হৈছিল ৷”

মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই লগতে কয়, “অসম আৰক্ষীৰ সেৱা সেতুটোৰ যোগদি ৰাইজে ঘৰতে বহি অনলাইনত সেৱা লাভ কৰিব ৷ যি মাচুল নিৰ্ধাৰণ কৰা হৈছে সেয়া সামান্যহে ৷ এই মাচুলৰ যোগেদি চৰকাৰে কিমান টকা লাভ কৰিব ? ৪ কোটি বা ৫ কোটি টকা বছৰি লাভ কৰিব ৷ বিপৰীতে আমাৰ চৰকাৰে কেৱল সাংস্কৃতিক উদগনিৰ বাবে পতা অনুষ্ঠানবোৰতেই প্ৰায় ৫০ কোটি টকা খৰচ কৰিছে ৷ অসমৰ প্ৰতিখন বিহু কমিটীলৈ ১,৫০,০০০ টকা, প্ৰতিখন ৰাসলৈ ২৫,০০০টকা আমাৰ চৰকাৰে আগবঢ়াইছে ৷”

এই সামান্য মাচুলক লৈ হৈ-চৈ কৰিবলগীয়া কোনো কথা নাই বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মাচুল সংগ্ৰহ বিষয়টোৰ সম্পূৰ্ণ অপপ্ৰচাৰ কৰা হৈছে ৷ ৰাইজৰ আপত্তি থাকিলে প’ৰ্টেল যোগে জনাব পাৰিব ৷ আনহাতে সেৱা সেতুৰ কৰ/মাচুল প্ৰসংগত চৰকাৰক কঠোৰ সমালোচনা কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকো উভতি ধৰে জয়ন্ত মল্ল বৰুৱাই । তেওঁ এপিচিচি সভাপতিগৰাকীক উদ্দেশ্যি কয় যে ভূপেন বৰাই প্ৰথমে কৰ আৰু মাচুলৰ মাজৰ পাৰ্থক্য জানি লওক ।

লগতে পঢ়ক: বিজেপি চৰকাৰ ইষ্ট ইণ্ডিয়া কোম্পানীতকৈও ভয়ংকৰ : লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.