ETV Bharat / state

বহিৰাজ্যৰ পৰা উভতি অহা যুৱকলৈ শূণ্য শতাংশত ঋণঃ অতুল বৰা

author img

By

Published : Jun 1, 2020, 10:57 PM IST

অসমৰ অৰ্থনৈতিক ব্যৱস্থা পুনৰ টনকিয়াল কৰি তুলিবলৈ ৰাজ্যৰ কৃষি বিভাগে ভৱিষ্যত দিনৰ এক নতুন কৰ্ম আচনিৰ ৰূপৰেখা প্ৰস্তুত কৰিছে । ৰাজ্যৰ বাহিৰৰ পৰা উভতি অহা অসমৰ যুৱকসকলক উৎসাহিত কৰিবলৈ কৃষি বিভাগে মৌ পালন,কাঠফুলা আদি খেতিৰ বাবে পুজিৰ যোগান ধৰিব । শূণ্য শতাংশ সুতত এইসকল যুৱকক কে চি চিৰ ঋণ প্ৰদান কৰা হ'ব ৷ এইবাৰ জাহাজেৰে অসমৰ ভোট জলকীয়া,আনাৰস আদি বিদেশলৈ প্ৰেৰণ কৰা হ'ব ৷

বহিৰাজ্যৰ পৰা উভতি অহা যুৱকলৈ শূণ্য শতাংশত ঋণঃ অতুল বৰা
বহিৰাজ্যৰ পৰা উভতি অহা যুৱকলৈ শূণ্য শতাংশত ঋণঃ অতুল বৰা

গুৱাহাটী, ১ জুন: কোভিড-১৯ এ দি থৈ যোৱা শিক্ষাক যোগাত্মক দৃষ্টিভংগীৰে গ্ৰহণ কৰি অসমৰ অৰ্থনৈতিক ব্যৱস্থা পুনৰ টনকিয়াল কৰি তুলিবলৈ ৰাজ্যৰ কৃষি বিভাগে ভৱিষ্যত দিনৰ এক নতুন কৰ্ম আচনিৰ ৰূপৰেখা প্ৰস্তুত কৰিছে । সোমবাৰে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এক সংবাদমেলত ভাগ লৈ এই কথা প্ৰকাশ কৰে কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই । এই ৰূপৰেখা প্ৰস্তুতৰ বাবে সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে কৃষি আৰু পশুপালন বিভাগৰ শীৰ্ষ বিষয়াবৰ্গৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰী বৰা । এই বৈঠকত নাবাৰ্ড,নেৰমাককে ধৰি কেইবাটাও বিত্তীয় প্ৰতিষ্ঠানৰ শীৰ্ষ বিষয়াৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য,ভালেসংখ্যক কৃষি বিজ্ঞানী,ৰাজ্যৰ ২৩ টা কে ভি কেৰ মুখ্য বিজ্ঞানীসকল,কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলো উপস্থিত থাকে ।

কৃষি বিভাগে মৌ পালন,কাঠফুলা আদি খেতিৰ বাবে পুজিৰ যোগান ধৰিব
এই বৈঠকৰ অন্তত সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত মন্ত্ৰী বৰাই কয় যে লক ডাউনৰ প্ৰথম পৰ্যায়ত ৰাজ্যৰ কৃষি খণ্ডত প্ৰায় ৪০.৮ কোটি টকা লোকচান হৈছিল যদিও পৰৱৰ্তী পৰ্যায়ত কৃষি খণ্ডই লাভৰ মুখ দেখিবলৈ সক্ষম হয় । লক ডাউন আৰু বানত ক্ষতিগ্ৰস্ত কৃষকসকলক উপকৃত কৰিব পৰাকৈ ৰাজ্যত নাবাৰ্ডৰ সহযোগত ২৫ টা নলেজ চেন্টাৰ গঢ়ি তুলিবলৈও আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয় । একে সময়তে কাকতি ফৰিঙৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাব পৰাকৈ আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লোৱা হয় বুলিও প্ৰকাশ কৰে কৃষি মন্ত্ৰী গৰাকীয়ে ।
অসমৰ ভোট জলকীয়া,আনাৰস আদি বিদেশলৈ

আনহাতে, ডুবাইলৈ ৰাজ্যত উৎপাদিত ৰঙালাউ প্ৰেৰণৰ পিছত এইবাৰ জাহাজেৰে অসমৰ ভোট জলকীয়া,আনাৰস আদি বিদেশলৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে ।

বহিৰাজ্যৰ পৰা উভতি অহা যুৱকলৈ শূণ্য শতাংশত ঋণ
ইফালে ৰাজ্যৰ বাহিৰৰ পৰা উভতি অহা অসমৰ যুৱকসকলক উৎসাহিত কৰিবলৈ কৃষি বিভাগে মৌ পালন,কাঠফুলা আদি খেতিৰ বাবে পুজিৰ যোগান ধৰিব । শূণ্য শতাংশ সুতত এইসকল যুৱকক কে চি চিৰ ঋণ আগবঢ়াবলৈও চৰকাৰে সিদ্ধান্ত লৈছে বুলি মন্ত্ৰী বৰাই সদৰী কৰে। একেদৰে,এই নতুন ৰূপৰেখা কাৰ্যকৰীকৰণৰ বাবে ৰাজ্যিক পৰ্যায়ত এখন কমিটি গঠন কৰাৰ উপৰি জিলা পৰ্যায়তো একোখনকৈ কমিটি গঠন কৰা হ'ব । ইপিনে,প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধিৰ কেলেংকাৰী ধৰা পৰাৰ পিছত ইতিমধ্যে তালিকাৰ পৰা ৮ লাখ ১৯ হাজাৰ ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে আৰু শীঘ্ৰে কেইবা লাখো ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

লগতে চাওকঃ বাঘজানৰ তৈলখাদ পৰিদৰ্শন মন্ত্ৰী সঞ্জয় কিষাণ আৰু যোগেন মোহনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.