ETV Bharat / state

Milk Price Hike in Guwahati : মূল্যবৃদ্ধিৰ মাধমাৰ, মহানগৰীত মহঙা হ’ল গাখীৰ

author img

By

Published : Jul 20, 2023, 6:26 PM IST

Milk price hike in Guwahati
মূল্যবৃদ্ধিৰ মাধমাৰ, মহঙা হ’ল গাখীৰ

অত্যাৱশ্যকীয় সামগ্ৰীৰ পিচতে এইবাৰ গাখীৰ মূল্যবৃদ্ধি ৷ মহানগৰীত ৪ টকাকৈ গাখীৰৰ দাম বৃৃৃদ্ধি ৷ ৬৪ টকা হ’লগৈ এক লিটাৰ গাখীৰৰ দাম ৷

গুৱাহাটী, ২০ জুলাই : অনান্য সা-সামগ্ৰীৰ জুই চাই দাম বৃদ্ধিৰ লগতে এইবাৰ আন এক দামবৃদ্ধিয়ে পাকঘৰ আৰু বজাৰত জুই জ্বলাব । গুৱাহাটী মহানগৰীত বৃদ্ধি হ’ল গাখীৰৰ দাম ৷ আজিৰে পৰা অৰ্থাৎ 20 জুলাইৰ পৰা প্ৰতি লিটাৰ গাখীৰত ৪ টকাকৈ বৃদ্ধি কৰা হৈছে ৷ এতিয়াৰে পৰা প্ৰতি লিটাৰ গাখীৰৰ মূল্য হ’ব ৬৪ টকা। এই ৪ টকাৰ ৩.৫০ পইচা লাভ কৰিব গোপালকে । বাকী ৫০ পইচা লাভ কৰিব ব্যৱসায়ীসকলে।

বৃহস্পতিবাৰে গুৱাহাটীৰ পল্টনবজাৰ নেপালী মন্দিৰত থকা কাৰ্যালয়ত বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই গাখীৰৰ দাম বৃদ্ধিৰ প্ৰসংগত এখন সংবাদমেলৰ আয়োজন কৰি এই কথা ঘোষণা কৰে । গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাৰ সভাপতি পদম বাছনেট আৰু সাধাৰণ সম্পাদক গংগাধৰ পৌদেলে সংবাদমেলযোগে কয়— “মুঠ ৪ টকা বৃদ্ধি হ'ব গাখীৰৰ দাম ৷ আজিৰ পৰা ৬৪ হ’ল গাখীৰৰ খুচুৰা দৰ ৷ ৪ টকাৰ ৩.৫০ টকা লাভ কৰিব গো-পালকে আৰু ৫০ পইচা লাভ কৰিব ব্যৱসায়ীসকলে ৷”

আজি বৃহস্পতি বাৰৰ পৰা বজাৰত ৪ টকাকৈ বৃদ্ধি পালে গাখীৰৰ দাম ৷ বিগত মাহলৈ গাখীৰৰ ৫৭.৪০ টকা আছিল পাইকাৰী দাম। এতিয়া ৪ টকা বৃদ্ধি হৈ ৬১.৪০ টকা হ'ল গাখীৰৰ পাইকাৰী দাম ৷ আনহাতে পূৰ্বতে ৬০ টকা আছিল গাখীৰৰ খুচুৰা বিক্ৰীৰ দাম । আজি দাম বৃদ্ধি কৰাৰ পিছত এতিয়াৰে পৰা মহানগৰবাসীয়ে প্ৰতি লিটাৰত ৬৪ টকাকৈ বজাৰৰ পৰা কিনিব লাগিব গাখীৰ ৷

গাখীৰৰ দাম বৃদ্ধিৰ বাবে এতিয়া মহানগৰীৰ বজাৰত প্ৰভাৱ পৰিব অনান্য দুগ্ধজাত উৎপাদিত খাদ্য-সামগ্ৰীতো ৷ দাম বৃদ্ধি হ’ব মিঠাইৰ লগতে পনীৰ আদিৰো ৷ মহানগৰীত এতিয়া প্ৰতি কাপ গাখীৰ চাহৰ দাম ন্যূনতম 7 টকা । মিঠাই-পনীৰৰ লগতে চাহৰো দাম বৃদ্ধি অৱশ্যম্ভাৱী হৈ পৰিল ৷

গাখীৰৰ দাম বৃদ্ধিয়ে হয়তো গো-পালক সকললৈ কঢ়িয়াই আনিব কিছু হ’লেও সকাহ। বিপৰীতে এই দাম বৃদ্ধিয়ে বেয়া খবৰ কঢ়িয়াই আনিলে সাধাৰণ ৰাইজলৈ ৷

লগতে পঢ়ক: Kuki Women Raped: ধর্ষণকাৰীক শাস্তিৰ দাবীত চুৰাচান্দপুৰত কুকি-জো জনগোষ্ঠীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.