ETV Bharat / state

সম্পত্তিৰ কৰ পৰিশোধ নকৰা সকললৈ মাঘ বিহুৰ বিশেষ অফাৰ জি এম চিৰ

author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 4:11 PM IST

New Property Tax Rules in guwahati : গুৱাহাটীত আপোনাৰো আছে নেকি সম্পত্তি ! তেন্তে 2023 ৰ নতুন নিৰিখ অনুসৰি সম্পত্তিৰ কৰ প্ৰদান কৰিছেনে ! যদি কৰা নাই, 31 মাৰ্চৰ ভিতৰত নতুন নিৰিখ অনুসৰি সম্পত্তিৰ কৰ প্ৰদান কৰক ৷

GMC mayor urges guwahati residents to pay property tax
সম্পত্তিৰ কৰ পৰিশোধ নকৰা সকললৈ মাঘ বিহুৰ বিশেষ অফাৰ জি এম চিৰ

সম্পত্তিৰ কৰ পৰিশোধ নকৰা সকললৈ মাঘ বিহুৰ বিশেষ অফাৰ জি এম চিৰ

গুৱাহাটী, 13 জানুৱাৰী : আপুনিও 2023 ৰ নতুন নিৰিখ অনুসৰি সম্পত্তিৰ কৰ পৰিশোধ কৰা নাই নেকি ! তেন্তে শীঘ্ৰে সম্পত্তিৰ কৰ আদায় দিয়ক ৷ বিশেষকৈ গুৱাহাটীবাসীলৈ এই আহ্বান জনাইছে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ৷ নতুন নিৰিখি অনুসৰি যদিহে মহানগৰীত থকা সম্পত্তিৰ গৰাকীয়ে কৰ আদায় দিয়া নাই তেন্তে 31 মাৰ্চৰ ভিতৰত সম্পত্তিৰ কৰ আদায় দিবলৈ আহ্ৱান জনালে মেয়ৰগৰাকীয়ে ৷

শনিবাৰে সংবাদমেল সম্বোধন কৰি তেওঁ কয়, ‘‘মহানগৰীৰ 91 হাজাৰ সম্পত্তিৰ গৰাকীয়ে 2008 চনৰ নিৰিখ অনুসৰি অৰ্থাৎ পুৰণা নিৰিখ অনুসৰিহে সম্পত্তিৰ কৰ দি আছে ৷ তাৰ বিপৰীতে 1.50 লাখৰো অধিক সম্পত্তিৰ গৰাকীয়ে 2023 ৰ নতুন নিৰিখ অনুসৰি কৰ আদায় দি আছে ৷ 91 হাজাৰে নতুন নিৰিখ অনুসৰি সম্পত্তিৰ কৰ দিয়া নাই ৷ সেয়েহে তেওঁলোকক নতুন নিৰিখৰ মতে 31 মাৰ্চৰ ভিতৰত সম্পত্তি কৰ আদায় দিব লাগিব ৷ অন্যথা জব্দ হ’ব পাৰে সম্পত্তি বা বাতিল হ’ব পাৰে হ’ল্ডিং নম্বৰ ৷’’

ইফালে 91 হাজাৰ লোকলৈ মাঘ বিহুৰ উপলক্ষেও সম্পত্তি কৰ প্ৰদানত বিশেষ অফাৰৰ কথা ঘোষণা কৰে মেয়ৰগৰাকীয়ে ৷ তেওঁ কয়, ‘‘এই বৰ্ষত 50 শতাংশও যদি বাকী থকা সম্পত্তিৰ কৰ আদায় কৰে তেতিয়া হ’লে 2025 বৰ্ষত বাকী থকা 50 শতাংশ কৰ পৰিশোধ কৰিব পাৰিব ৷ যিহেতু মাঘ বিহু আৰু নতুন কৰৰ নিৰিখ অনুসৰি সহজতে দিবও নোৱাৰিবও পাৰে ৷’’

ইফালে স্বচ্ছ পৰ্যৱেক্ষণত গুৱাহাটীৰ স্থান অৱনমিত হোৱাৰ সন্দৰ্ভত তেওঁ কয়, ‘‘স্বচ্ছ সৰ্বেক্ষণ 2022ৰ ডাটাৰ ভিত্তিত দিয়া হৈছে ৷ গুৱাহাটীত ঘৰে ঘৰে জাবৰ পৃথক কৰিব লাগে । সেই ব্যৱস্থা আমাৰ হাতত নাই ৷ সেই ব্যৱস্থা আমি কৰি আছো ৷’’

লগতে পঢ়ক : মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ 'লাখপতি বাইদেউ'ৱে অসমত ভেটিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.