ETV Bharat / state

মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ 'লাখপতি বাইদেউ'ৱে অসমত ভেটিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক !

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 9:00 PM IST

Bharat Jodo Nayay yatra: ‘লাখপতি বাইদেউ’ক লৈ ৰাজ্যৰ ৩৯ লাখ মহিলা ব্যস্ত হৈ থাকিব ৰাহুল গান্ধীৰ অসম যাত্ৰাৰ ৮ দিন ৷ এই আঠ দিনৰ মাজতেই ৰণকৌশল লৈ অসমলৈ আহিব বিজেপিৰ চাণক্য অমিত শ্বাহো ।

Bharat Jodo Nayay yatra
Bharat Jodo Nayay yatra

গুৱাহাটী, ১২ জানুৱাৰী: অসমত ৰাহুল গান্ধীৰ ৮ দিনীয়া 'ভাৰত জোড়ো ন্যায় যাত্ৰা'ক লৈ এই কেইদিন গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি ৷ ৰাজ্যজুৰি চৰ্চা চলিছে যে বিজেপি দল আৰু চৰকাৰে অতি কৌশলেৰে মহিলা সমাজক ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পৰা দূৰত ৰখাৰ বাবে উজনি অসমৰ পৰা আৰম্ভ কৰিছে ‘‘লাখপতি বাইদেউ আঁচনি’’ৰ কাম ।

অহা ১৮ জানুৱাৰীৰ দিনা অসমত নাগালেণ্ডৰ পৰা প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ লক্ষ্যণীয়ভাৱে ৰাজ্যৰ আত্মসহায়ক গোটৰ ৩৯ লাখ মহিলাক সামৰি সেইদিনাৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ৩৯০০ কোটি টকাৰ আঁচনিৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া ৷ আঁচনিখনৰ লক্ষ্য প্ৰতিগৰাকী হিতাধিকাৰী মহিলাক 'লাখপতি বাইদেউ’ত পৰিণত কৰোৱা ।

১৮ জানুৱাৰীত শিৱসাগৰৰ আমগুৰিয়েদি অসমত প্ৰৱেশ কৰিব ৰাহুল গান্ধী ৷ আনহাতে সেইদিনাই উজনি অসমৰ শিৱসাগৰকে ধৰি কেইবাখনো জিলাৰ মুঠ ৫ লাখ ৩৩ হাজাৰ মহিলাক ‘লাখপতি বাইদেউ’ৰ আবেদন পত্ৰ প্ৰদান কৰিব৷

১৮ জানুৱাৰীত ৰাহুল গান্ধী নাগালেণ্ডৰ পৰা শিৱসাগৰ জিলাৰ আমগুৰিয়েদি অসমত প্ৰৱেশ কৰিব । সেইদিনাই যোৰহাটেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ মাজুলীলৈ যাব । মাজুলীৰ পৰা গৈ গোগামুখত তেওঁ নিশা কটাই ১৯ জানুৱাৰীত ইটানগৰলৈ ৰাওনা হ’ব । একেদৰে পৰ্যায় ক্ৰমে ৰাজ্যৰ আনবোৰ জিলাতো ১৮ ৰ পৰা ২৫ জানুৱাৰীৰ ভিতৰত যাত্ৰা অনুষ্ঠিত হ’ব ৷ সেইকেইটা দিনতে চৰকাৰৰ দ্বাৰা সকলোকে নিৰ্দিষ্ট এটা দিনত পঞ্চায়তৰ আবেদন পত্ৰ দিয়াৰ ব্যৱস্থা কৰিব ৷ মাত্ৰ এদিনেই দিব আবেদন ৷

কাকতালীয়ভাৱে যিটো দিনত ৰাহুল গান্ধী যিখন জিলাৰ মাজেৰে পাৰ হৈ যাব সেই জিলাখন বা তাৰ কাষৰ জিলাত সেই প্ৰ-পত্ৰ প্ৰদান কৰা হ’ব বুলি ধাৰণা কৰা হৈছে ৷ ২০ জানুৱাৰীত ৰাহুল গান্ধীৰ যাত্ৰা ইটানগৰৰ পৰা আহি গহপুৰত উপস্থিত হ’ব । ২১ জানুৱাৰীৰ দিনা কলিয়াবৰত ৰাহুল গান্ধীৰ বিশাল জনসভা অনুষ্ঠিত হোৱাৰ কথা । সেই অনুসৰি শোণিতপুৰ জিলা আৰু কলিয়াবৰত ২১ জানুৱাৰীৰ দিনাই চৰকাৰৰ দ্বাৰা ‘লাখপতি বাইদেউ’ৰ আবেদন প্ৰদানৰ সম্ভাৱনা ৷

উল্লেখযোগ্য যে, ‘লাখপতি বাইদেউ’ৰ আবেদন পত্ৰ সংগ্ৰহৰ বাবে চৰকাৰে এটা দিনেই নিৰ্ধাৰণ কৰি দিছে । ৰাজনৈতিক বিশ্লেষকসকলৰ মতে ৰাহুল গান্ধীৰ অসমত যাত্ৰাৰ প্ৰথম দিনাই ৫ লাখ ৩৩ হাজাৰ মহিলা ব্যস্ত থাকিব ‘লাখপতি বাইদেউ’ৰ আবেদন সংগ্ৰহৰ বাবে পঞ্চায়তৰ কাৰ্যালয়ত, ৰাহুলৰ যাত্ৰাত নহয় ৷ কেৱল উজনি অসমতে নহয়, ৰাহুল গান্ধীৰ কাৰ্যসূচী অনুসৰিহে মধ্য অসম আৰু নামনি অসমত লাখপতি বাইদেউৰ আবেদন হিতাধিকাৰীসকলক দিয়া হ’ব বুলি প্ৰায় নিশ্চিত ৷

সিমানতে বিজেপিয়ে নিজৰ ৰণকৌশল ঠিৰাং কৰি ৰৈ থকা নাই, আহিব অমিত শ্বাহো । 'ভাৰত জোড়ো ন্যায় যাত্ৰা'ৰ কাৰ্যসূচী লৈ ৰাহুল গান্ধী অসমত উপস্থিত হোৱাৰ দুদিন পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও এলানি কাৰ্যসূচী লৈ অসমত পদাৰ্পণ কৰিব । অহা ১৯ জানুৱাৰীৰ নিশা অমিত শ্বাহ গুৱাহাটীলৈ অহাৰ সম্ভাৱনা । ২০ জানুৱাৰীত অমিত শ্বাহে গুৱাহাটীত কেইবাটাও কাৰ্যসূচীত ভাগ ল’ব ।

অসমীয়াৰ আবেগ স্বৰূপ লাচিত বৰফুকনৰ বিষয়ক অনুষ্ঠানত ভাগ ল’ব অমিত শ্বাহে । গুৱাহাটীৰ বাহিৰতো জনসভাত ভাগ লোৱাৰ লগতে অমিত শ্বাহে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ সৈতেও কেইবাখনো বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা । অসমত ৰাহুল গান্ধীৰ এই যাত্ৰাক ‘লাখপতি বাইদেউ’ৰ যোগেদি বিজেপি দল আৰু চৰকাৰে চৰ্চিত হোৱাৰ দৰে স্তিমিত কৰিবলৈ সক্ষম হ’বনে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: ন্যায় যাত্ৰাত বাধা ! গুৱাহাটীৰ মাজেৰে যাব নোৱাৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.