ETV Bharat / state

ULFA(I) Peace talk: শান্তি আলোচনাৰ পৰিৱৰ্তে অভিযান-আক্ৰমণৰ বাতাবৰণ

author img

By

Published : Jul 15, 2022, 3:18 PM IST

massive army police operation against ulfa and ulfa also aggressive
প্ৰসংগ আলফা স্বাধীন : শান্তি আলোচনাৰ পৰিৱৰ্তে অভিযান-আক্ৰমণৰ বাতাৱৰণ

চৰকাৰৰ ৰহস্যজনক স্থিতিৰ মাজতে আলফা স্বাধীনৰ বিৰুদ্ধে সেনা-আৰক্ষীৰ ব্যাপক অভিযান(Police operation against ULFA) । যুদ্ধবিৰতি আৰু শান্তি আলোচনাৰ তৎপৰতাৰ মাজতেই আলফা স্বাধীন বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলা বিষয়টো ৰহস্যজনক(Anti-ULFA campaign intensifies amid peace talks) । অসম আৰক্ষীৰ শীর্ষ বিষয়াক টার্গেট আলফা স্বাধীনৰ(Top Assam police officiers targeted ULFA) । উজনিত ব্যাপক তৎপৰতা । পুনৰ অসম অশান্ত হোৱাৰ সম্ভাৱনা(Assam likely to be disturbed again) ।

গুৱাহাটী,১৫ জুলাই: মুখ্যমন্ত্ৰীৰূপে হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ পাছতে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই অতি লক্ষণীয়ভাৱে সংগঠনটোৰ তৰফৰ পৰাই একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছিল । মুখ্যমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাই ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাৰ বাবে আলফা স্বাধীনে এই স্থিতি গ্ৰহণ কৰিছিল আৰু সময়ে সময়ে একপক্ষীয় যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি কৰি আছিল । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত পূৰ্বতকৈ উগ্ৰপন্থীৰ কাৰ্যকলাপ যথেষ্টখিনি হ্রাস পাইছিল ।

massive army police operation against ulfa and ulfa also aggressive
পুনৰ অসম অশান্ত হোৱাৰ সম্ভাৱনা

বিশেষকৈ মুখ্যমন্ত্ৰীৰ তৎপৰতাত আলফা স্বাধীনৰ সৈতে শান্তি আলোচনাৰ প্ৰক্ৰিয়াও কিছু আগবাঢ়িছিল । আন নহ'লেও আলফা স্বাধীনৰ সৈতে শান্তি আলোচনা আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে এক পটভূমি স্থাপন কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ ভিত্তিতেই চৰকাৰ তথা আলফা স্বাধীনৰ তৰফৰ পৰা সময়ে সময়ে প্রতিক্রিয়া প্ৰকাশ কৰি থকা হৈছিল আৰু সমিলমিলৰ মাজেৰে সমগ্ৰ প্ৰক্ৰিয়া আগবঢ়া যেন পৰিলক্ষিত হৈছিল । (Anti-ULFA campaign intensifies amid peace talks)

massive army police operation against ulfa and ulfa also aggressive
প্ৰায় দীর্ঘ বিৰতিৰ মূৰত অসম আৰক্ষীয়ে সৰ্বসাধাৰণ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থৰ দোহাই দি আলফা স্বাধীন বিৰোধী অভিযান আৰম্ভ কৰিছে

অসমৰ ৰাইজেও দীৰ্ঘদিনীয়া আলফা সমস্যাৰ সমাধান হ'ব বুলি আশা কৰিছিল । কিন্তু সাম্প্রতিক পৰিস্থিতিয়ে সমগ্ৰ প্ৰেক্ষাপটকে সলনি কৰি পেলাইছে(Assam likely to be disturbed again) । একপক্ষীয় যুদ্ধবিৰতি তথা নিৰ্দিষ্ট চৰ্তৰ ভিত্তিত শান্তি আলোচনাত বহিবলৈয়ো প্রস্তুত আলফা স্বাধীনৰ বিৰুদ্ধে হঠাতে অভিযান আৰম্ভ কৰিছে সেনা বাহিনী আৰু অসম আৰক্ষীয়ে(Police operation against ULFA) । যাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ সংগঠনটোৱে শীর্ষ পর্যায়ৰ এগৰাকী নেতাক হেৰুৱাবলগীয়া হৈছে ।

আনহাতে আৰক্ষীৰ অভিযানত কেইবাজনো আলফা স্বাধীনৰ নেতা-সদস্য আহত হোৱা বুলি দাবী কৰিছে নিৰাপত্তা বাহিনীয়ে । এফালে যুদ্ধবিৰতি আৰু আনফালে শান্তি আলোচনাৰ তৎপৰতা চলি থকাৰ মাজতেই আলফা স্বাধীন বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাটোৱে সমগ্ৰ বিষয়টোক ৰহস্যৰ আৱৰ্তলৈ ঠেলি দিছে । অৱশ্যে এটা কথা স্পষ্ট যে আলোচনাৰ স্বাৰ্থত আলফা স্বাধীন আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে যুদ্ধবিৰতিৰ অঘোষিত লক্ষ্মণৰেখা মানি চলাৰ সময়তে ৰাজ্যখনৰ ভিন্ন স্থানত একাধিক বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল ।

বিশেষকৈ উজনিৰ বিভিন্ন স্থানত ব্যাপক হাৰত ধনদাবী, অপহৰণ আদি ঘটনা আলফা স্বাধীনৰ দ্বাৰাই সংঘটিত হোৱা বুলি তথ্যসহকাৰে অভিযোগ উত্থাপন কৰিছিল অসম আৰক্ষীয়ে । শান্তি আলোচনাৰ স্বাৰ্থত আৰক্ষীয়ে নৰম স্থিতি ল'লেও সাধাৰণ জনতাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত অসম আৰক্ষীয়ে এনেধৰণৰ কাম চকু মুদি চাই থাকিব নোৱাৰে বুলি আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই বাৰম্বাৰ আলফা স্বাধীনক সতর্ক কৰি দিছিল ।

massive army police operation against ulfa and ulfa also aggressive
ৰাজ্যৰ চোৰাংচোৱা সংস্থাই লাভ কৰা এই তথ্যই সম্প্ৰতি অসম আৰক্ষীত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে

লক্ষণীয়ভাৱে অসম আৰক্ষীৰ এনে পোনপটীয়া অভিযোগ তথ্যসহকাৰে খণ্ডন কৰিব পৰা নাছিল সংগঠনটোৱে । এনে অৱস্থাত গুলী-বাৰুদৰ শব্দৰ মাজত শান্তি আলোচনা সম্ভৱ নহয় যদিও ৰাজ্যৰ এই দীঘলীয়া উগ্রপন্থী সমস্যা কেন্দ্ৰ বা ৰাজ্য চৰকাৰে কিদৰে সমাধান কৰিব বিচাৰিছে সেয়া এই মুহূৰ্তত ঠাৱৰ কৰাটো কঠিন হৈ পৰিছে । কিয়নো প্ৰায় দীর্ঘ বিৰতিৰ মূৰত অসম আৰক্ষীয়ে সৰ্বসাধাৰণ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থৰ দোহাই দি আলফা স্বাধীন বিৰোধী অভিযান আৰম্ভ কৰিছে ।

বিষয়টো সন্দৰ্ভত এতিয়ালৈকে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই যদিও সমগ্ৰ তৎপৰতাৰ আঁৰত যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ আছে সেই কথা স্পষ্ট । মন কৰিবলগীয়া যে আলফা স্বাধীনকে ধৰি উত্তৰ-পূবৰ কেইবাটাও উগ্রপন্থী সংগঠনৰ ম্যানমাৰত থকা শিবিৰত অতর্কিত আক্রমণ চলাইছিল বার্মিজ সেনাই । সেই অভিযানত আলফা স্বাধীনকে ধৰি উত্তৰ-পূবৰ আন উগ্রপন্থী সংগঠনসমূহ ব্যাপক ক্ষতিৰ সন্মুখীন হৈছিল তথা শিবিৰ এৰি সকলোৱে পলায়ন কৰিবলৈ বাধ্য হৈছিল ।

বহু উগ্রপন্থী কেডাৰক ম্যানমাৰ সেনাই টাগা অঞ্চলৰ পৰা আটক কৰা বুলিও বাতৰি প্ৰকাশ হৈছিল । ভাৰত চৰকাৰৰ হেঁচাতেই বিগত জুন মাহত ম্যানমাৰ চৰকাৰে এই অভিযান চলোৱা বুলি উত্তৰ-পূবৰ উগ্ৰপন্থী সংগঠনসমূহে স্পষ্টভাৱে অভিযোগ কৰিছিল । জুন মাহত চলা ম্যানমাৰ সেনাৰ অভিযানৰ পাছতে আলফা স্বাধীনৰ একাংশ নেতা-কেডাৰে অসমত প্ৰৱেশ কৰিছিল আৰু এইবাৰ অসম আৰক্ষীয়ে আলফা স্বাধীনৰ এই সকল নেতা-কেডাৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ।

massive army police operation against ulfa and ulfa also aggressive
আলফা স্বাধীনৰ বিৰুদ্ধে সেনা-আৰক্ষীৰ ব্যাপক অভিযান

যাৰ পৰিপ্ৰেক্ষিতত অলপতে তিনিচুকীয়াত চলা আৰক্ষী সেনাৰ অভিযানত জ্ঞান অসম নামৰ আলফা স্বাধীনৰ নেতাজনে প্ৰাণ হেৰুৱাবলগীয়া হয় । শেহতীয়াকৈ উজনি অসমত আলফা স্বাধীনৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ হৈছে । অসম আৰক্ষী-সেনাৰ এনে তৎপৰতা সন্দৰ্ভত চৰকাৰৰ লগতে আলফা স্বাধীনৰ তৰফৰ পৰাও কোনো প্রতিক্রিয়া প্রকাশ কৰা হোৱা নাই । আলফা স্বাধীনৰ বিৰুদ্ধে চলা এই অভিযানৰ আঁৰত অৱশ্যে আন বহু কেইটা কাৰণ জড়িত হৈ আছে ।

শেহতীয়াকৈ বহু যুৱক-যুৱতীয়ে আলফা স্বাধীনত যোগদান কৰা বিষয়টোক কেন্দ্ৰই সহজভাৱে লোৱা নাই । আনহাতে আলফা স্বাধীন সন্দৰ্ভত বিতর্কিত মন্তব্য কৰা মন্ত্ৰী সঞ্জয় কিষাণে পৰৱৰ্তী সময়ত নিঃচর্ত ক্ষমা ভিক্ষা কৰিবলগীয়া হোৱা বিষয়টোও চৰ্চিত হৈছে । ইয়াৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰো দৃষ্টি পৰিছিল । যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মন্ত্রী সঞ্জয় কিষাণলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল ।

দিল্লীৰ নিৰ্দেশ অনুসৰিয়েই দিছপুৰ এইক্ষেত্ৰত তৎপৰ হৈছিল । অৱশ্যে পৰেশ বৰুৱাই পহিলা জুলাইৰ দিনা কাকপথাৰত জ্ঞান অসমক আৰক্ষী সেনাই হত্যা কৰাৰ পাছতে প্রতিক্রিয়া প্ৰকাশ কৰি কৈছিল যে ক'ভিড মহামাৰীৰ বাবে আলফা স্বাধীনে ৯ মাহ একপক্ষীয় যুদ্ধবিৰতিত আছিল । কিন্তু ইয়াৰ পাছতো ভাৰত চৰকাৰে আলোচনা অনুষ্ঠিত কৰাৰ বাবে কোনো প্ৰচেষ্টাই আগনবঢ়ালে । ভাৰত চৰকাৰে শান্তি আলোচনা অনুষ্ঠিত কৰাৰ বাবে এক বিশ্বাসৰ বাতাবৰণ তৈয়াৰ কৰিব লাগিব বুলি মত পোষণ কৰিছিল পৰেশ বৰুৱাই । অসম তথা উত্তৰ-পূবত শান্তি প্রতিষ্ঠাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা তৎপৰতা আৰু সাম্প্ৰতিক পৰিস্থিতিয়ে অনাগত দিনত কি প্ৰভাৱ পেলায় সেয়া লক্ষণীয় হ’ব ।

ইফালে উজনি অসমত আলফা স্বাধীনৰ বিৰুদ্ধে সেনা-আৰক্ষীয়ে ব্যাপক অভিযান আৰম্ভ কৰা আৰু এই অভিযানত কেইবাজনো আলফাৰ দুৰ্ধৰ্ষ সদস্য নিহত হোৱাৰ পাছত এইবাৰ অসম আৰক্ষীৰ এজন শীর্ষ বিষয়াক উগ্রপন্থী সংগঠনটোৱে টার্গেট কৰি লৈছেৰ(Top Assam police officiers targeted ULFA) । অসম আৰক্ষীৰ পূব মণ্ডলৰ উপ-মহাপৰিদৰ্শক (ডি আই জি) জিৎমল দলেক আক্ৰমণৰ লক্ষ্য কৰি লৈছে আলফাই স্বাধীনে । ৰাজ্যৰ চোৰাংচোৱা সংস্থাই লাভ কৰা এই তথ্যই সম্প্ৰতি অসম আৰক্ষীত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

উগ্রপন্থী বিৰোধী অভিযানত অতি সক্রিয় বুলি জনাজাত আৰক্ষী বিষয়াজনক আক্ৰমণৰ উদ্দেশ্যে আলফা স্বাধীনে ইতিমধ্যে এটা দল নিয়োগ কৰা বুলিও চোৰাংচোৱাই তথ্য লাভ কৰিছে । এই চাঞ্চল্যকৰ তথ্য সন্দৰ্ভত ইতিমধ্যে চোৰাংচোৱাই গৃহ বিভাগৰ লগতে আৰক্ষী বিষয়াজনক সতৰ্ক কৰি দিছে । উল্লেখ যে অসম আৰক্ষীৰ পূব মণ্ডলৰ ডি আই জিৰ দায়িত্ব লাভ কৰাৰ পাছত উজনি অসমৰ কেইবাটাও স্থানত জিৎমল দলেৰ নেতৃত্বত বহুকেইটা আলফা-বিৰোধী অভিযান চলিছিল ।

এই অভিযানত এই পর্যন্ত কেইবাজনো দুর্ধর্ষ আলফা সদস্য নিহত হৈছে । শেহতীয়াকৈ তেওঁৰ নেতৃত্বতে তিনিচুকীয়া জিলাৰ কাকপথাৰত হোৱা সংঘৰ্ষত জ্ঞান অসম নামৰ দুৰ্ধৰ্ষ আলফা সদস্যজন নিহত হৈছিল । আনহাতে ১০ জুলাইত পেঙেৰীত সংঘটিত হোৱা আলফা আৰু আৰক্ষীৰ সংঘৰ্ষৰ অভিযানৰো নেতৃত্ব দিছিল জিৎমল দলেই । তাৰ পাছতে আলফা স্বাধীনে প্রতিশোধ লোৱাৰ পৰিকল্পনা লৈছিল বুলি চোৰাংচোৱাই তথ্য লাভ কৰিছে ।

ৰাজ্যিক চোৰাংচোৱাৰ উপৰি কেন্দ্ৰীয় চোৰাংচোৱা সংস্থায়ো লাভ কৰিছে একেই তথ্য । কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই দিয়া সতর্কবাণীত উজনি অসমৰ এজন শীর্ষ আৰক্ষী বিষয়াক আলফা স্বাধীনে আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি প্ৰকাশ কৰিছে । আনহাতে তেওঁক আক্রমণ কৰিবৰ বাবে ইতিমধ্যে সংগঠনটোৰ পাঁচজনীয়া এটা দল বিদেশৰ গভীৰ অৰণ্যৰ শিবিৰৰ পৰা নামি অহা বুলিও প্ৰকাশ কৰা হৈছে ।

লক্ষণীয়ভাৱে আৰক্ষী বিষয়াজনক আক্ৰমণৰ দায়িত্ব লাভ কৰা দলটোৰ নেতৃত্বত ৰূপম অসম থকাৰ কথাও নিশ্চিত কৰিছে চোৰাংচোৱাই । উল্লেখ যে এজন সাহসী আৰক্ষী বিষয়া হিচাপেই জিৎমল দলে পৰিচিত । উল্লেখ যে শান্তি আলোচনাৰ বিপৰীতে সেনা-আৰক্ষীয়ে অভিযান আৰম্ভ কৰাৰ সমান্তৰালকৈ আলফা স্বাধীনো আক্ৰমনাত্মক হৈ পৰিছে । এনে পৰিস্থিতিত ৰাজ্যৰ পৰিৱেশ পুনৰ অশান্ত হোৱাৰ আশংকা কৰা হৈছে ।

লগতে পঢ়ক: heroin seized in Guwahati: গড়চুক আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.