ETV Bharat / state

ক্ষেত্ৰীত গামোচাৰে প্ৰস্তুত কৰা মাস্ক বিতৰণ

author img

By

Published : Apr 26, 2020, 12:31 PM IST

লক ডাউনৰ সময়চোৱাত অঞ্চলটোত অতি নিষ্ঠাৰে নিজ দায়িত্ব আৰু কৰ্তব্য পালন কৰা ক্ষেত্ৰী থানাৰ আৰক্ষী আৰু বিএছ এফৰ জোৱান সকলৰ মাজত মাস্ক বিতৰণ কৰে ডিমৰীয়া মহাবিদ্যালয়ৰ এন এছ এছৰ স্বেচ্ছাসেৱক সকলে ৷

mask-distributed-by-nss-volunter-of-dimoria-college
ক্ষেত্ৰীত গামোচাৰে প্ৰস্তুত কৰা মাস্ক বিতৰণ

গুৱাহাটী ২6 এপ্ৰিল: ক্ষেত্ৰীস্থিত ডিমৰীয়া মহাবিদ্যালয়ৰ এন এছ এছৰ স্বেচ্ছাসেৱক সকলে শনিবাৰে ক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তত গামোচাৰৰে তৈয়াৰ কৰা মাস্ক বিতৰণ কৰে । ডিমৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা এন এছ এছৰ প্ৰগ্ৰেম অফিচাৰ অনুপ দত্ত বৰুৱাৰ তত্বাৱধানত তৈয়াৰ কৰা মাস্ক সমূহ শনিবাৰে মহাবিদ্যালয় খনৰ এন এছ এছৰ প্ৰাক্তন আৰু বৰ্তমানৰ স্বেচ্ছাসেৱক সকলে লক ডাউনৰ সময়চোৱাত অঞ্চলটোত অতি নিষ্ঠাৰে নিজ দায়িত্ব আৰু কৰ্তব্য পালন কৰা ক্ষেত্ৰী থানাৰ আৰক্ষী আৰু বিএছ এফৰ জোৱান সকলৰ মাজত বিতৰণ কৰে ।

ক্ষেত্ৰীত গামোচাৰে প্ৰস্তুত কৰা মাস্ক বিতৰণ

ইয়াৰ পাছতে স্বেচ্ছাসেৱকৰ দলটোৱে চাহ বাগিচাত চাহ পাত তুলি থকা মহিলা সকলৰ লগতে শাক-পাচলি বিক্ৰি কৰি থকা একাংশ গাঁৱৰ মহিলাৰ মাজতো মাস্ক সমূহ বিতৰণ কৰে । মহাবিদ্যালয় খনৰ এন এছ এছৰ স্বেচ্ছাসেৱক সকলৰ এনে প্ৰচেষ্টাক অঞ্চলটোৰ সচেতন ৰাইজে প্ৰশংসা কৰিছে ৷

লগতে পঢ়ক : বহিঃজিলাৰ পৰা গোলাঘাট পালেহি 42জনকৈ যাত্ৰী।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.