ETV Bharat / state

Extortion in Assam: কেইবাটাও নিষিদ্ধ ঘোষিত সংগঠনৰ বিৰুদ্ধে উঠিছে ধন দাবীৰ অভিযোগ

author img

By

Published : Mar 30, 2023, 8:49 PM IST

Extortion in Assam
Many ban outfits are starting extortion in Assam

অসমত পুনৰ ধন দাবী আৰম্ভ কৰাৰ অভিযোগ উঠিছে একাংশ নিষিদ্ধ ঘোষিত সংগঠনৰ বিৰুদ্ধে ৷ আলফা (স্বাঃ), কে এল অ’ (কে এন) ৰ বিৰুদ্ধে উঠিছে ৰাজ্যৰ একাংশ ব্যৱসায়ী আৰু বিভিন্ন খণ্ডৰ লোকক ধন দাবী কৰাৰ অভিযোগ ৷ অৱশ্যে আলফা স্বাধীনে তেওঁলোকৰ বিৰুদ্ধে উঠা এই অভিযোগ অস্বীকাৰ কৰিছে ৷ ধনদাবী লাভ কৰা সকলেও সুৰক্ষাৰ স্বাৰ্থ বা ভয়ৰ বাবেই এই ক্ষেত্ৰত মন্তব্য কৰাৰ পৰা বিৰত আছে (Extortion in Assam) ৷

গুৱাহাটী, 30 মার্চ: চৰকাৰে দাবী কৰিলেও উগ্ৰবাদৰ পৰা মুক্ত হোৱা নাই অসম ৷ বহু উগ্ৰপন্থী সংগঠনে আত্মসমৰ্পণ কৰি মূলসূঁতিলৈ ঘূৰি আহিছে যদিও ৰাজ্যখনৰ পৰিৱেশ এতিয়াও সুস্থিৰ হোৱা নাই ৷ কাৰণ এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত উগ্ৰপন্থী সংগঠনৰ ধন দাবীকে ধৰি বিভিন্ন কাৰ্যকলাপ অব্যাহত আছে ৷ বৰং শেহতীয়াকৈ একাধিক সংগঠন অধিক সক্ৰিয় হৈ উঠিছে ৷ শক্তি বৃদ্ধিৰ বাবে কেইবাটাও উগ্ৰপন্থী সংগঠনে ধন সংগ্ৰহৰ বিশাল অভিযান আৰম্ভ কৰিছে (Extortion of ban outfits in Assam) ৷

লক্ষ্যনীয় বিষয় যে, আলফা স্বাধীনৰে চৰকাৰৰ শান্তি আলোচনা প্ৰক্ৰিয়া সঠিকভাৱে আগনবঢ়াত সংগঠনটোৱে পুনৰবাৰ এক সাংগঠনিক তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে ৷ ইফালে আলোচনা প্ৰক্ৰিয়া একপ্ৰকাৰ স্থবিৰ হৈ থকাত কে এল অ’ৰ এটা বিভাজিত গোটেও ৰাজ্যত ধন সংগ্ৰহৰ পৰা আৰম্ভ কৰি সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰ তথ্য পোহৰলৈ আহিছে (KLO Govt peace talks) ৷

উল্লেখ্য যে, আলোচনাৰ মেজলৈ অহাৰ আগ্ৰহ প্ৰকাশ কৰিও চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে এইবাৰ আলফা স্বাধীনে এন এছ চি এনৰ সৈতে লগ লাগি অন্য সংগঠনক সামৰিক প্ৰশিক্ষণ প্ৰদান কৰি নিজৰ অৰ্থনৈতিক আৰু সাংগঠনিক ভেটি প্ৰসাৰৰ পৰিকল্পনা কার্যকৰী কৰাৰ দিশত আগবঢ়া বুলি চৰ্চা হৈছে (Allegation against ULFA I of extortion) ৷

লগতে পঢ়ক: Angshumita Gogoi on Rakesh Pal : ৰাকেশ পাল জামিনতহে মুকলি হৈছে, দোষমুক্ত হোৱা নাই

সেইদৰে কে এল অ'ৰ অধ্যক্ষ জীৱন সিংহই একাধিক শীর্ষ পৰ্যায়ৰ সতীৰ্থসহ চৰকাৰৰ সৈতে আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰিবলৈ আগুৱাই অহাৰ দুমাহ অতিক্ৰম কৰাৰ পাচতো আলোচনাৰ প্ৰাথমিক প্ৰক্ৰিয়া আৰম্ভ নোহোৱাৰ বাবে সম্প্ৰতি আন এটা গোটে পুনৰ সশস্ত্ৰ কার্যকলাপ আৰম্ভ কৰিছে ৷ চৰকাৰী স্থিতিৰ ওপৰত আস্থা হেৰুৱাই সংগঠনটোৰ একাংশ সদস্যই ইতিমধ্যে গঠন কৰা কে এল অ’ (কে এন) নামৰ এটা গোট পুনৰ অৰণ্যগামী হৈছিল ৷ এই গোটটোৱে বি টি আৰৰ বিভিন্ন লোকক ধন দাবী কৰি ব্যতিব্যস্ত কৰি তুলিছে বুলি অভিযোগ উঠিছে (KLO new faction in Assam) ৷

গোপন সূত্ৰৰ তথ্য অনুসৰি নামনি অসমৰ বহু ব্যৱসায়ীলৈ ২০ লাখ টকা পর্যন্ত ধন দাবী কৰিছে সংগঠনটোৱে ৷ বহিঃৰাষ্ট্ৰৰ পৰা ফোন আৰু এছ এম এছ যোগে ধন দাবী কৰিছে এই সংগঠনটোৱে ৷ আনকি ধন আদায় দিয়াৰ বাবে চৰমসীমাও নিৰ্ধাৰণ কৰি দিয়াৰ লগতে ধন আদায় নিদিলে যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ ভাবুকি দিছে সংগঠনটোৱে (Assam extortion news) ৷

লক্ষ্যনীয় বিষয় যে, কে এল অ'ই আলোচনাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাৰ লগতে অধ্যক্ষ জীৱন সিংহ মুকলি আকাশৰ তললৈ ওলাই অহাৰ পাচত সংগঠনটোৰ কাৰ্যকলাপ স্থৱিৰ হৈ পৰিছে বুলি আশা কৰা হৈছিল ৷ কিন্তু চৰকাৰৰ সঠিক পদক্ষেপৰ অভাৱত এতিয়া তেওঁলোকৰেই এটা গোট সক্ৰিয় হৈ পৰিছে ৷

ইফালে আলফা স্বাধীনে নিজৰ সাংগঠনিক আৰু অৰ্থনৈতিক শক্তি বৃদ্ধিৰ বাবে এইবাৰ এন এছ চি এনৰ (কে) সৈতে লগ লাগি ম্যানমাৰৰ ৰোহিংগিয়া উগ্ৰপন্থীক সামৰিক প্ৰশিক্ষণ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে বুলি চৰ্চা চলিছে ৷ এন এছ চি এনৰ সৈতে লগ লাগি আলফা স্বাধীনে ম্যানমাৰৰ দুই শতাধিক ৰোহিংগিয়া উগ্ৰপন্থীক প্ৰশিক্ষণ প্ৰদান কৰাৰ পদক্ষেপ লৈছে ৷ এই উগ্ৰপন্থী সংগঠন দুটাই ম্যানমাৰৰ আৰাকান ৰোহিংগিয়া চেলভেশ্যন আর্মীক সামৰিক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছে ৷ ইতিমধ্যে এই তথ্য লাভ কৰিছে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই ৷

লগতে পঢ়ক: BJP new strategy for 2024 lok sabha: উত্তৰ-পূবৰ তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফলে সলনি কৰিছে বিজেপিৰ অংক

তথ্য অনুসৰি, পূব নাগালেণ্ড আৰু ম্যানমাৰ সীমান্তৰ গভীৰ অৰণ্যত উত্তৰ-পূবৰ উগ্ৰপন্থীৰ যৌথ শিবিৰ আছে ৷ এই শিবিৰতে অস্ত্ৰৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি তথ্য লাভ কৰিছে চোৰাংচোৱাই ৷ ইফালে ৰোহিংগিয়াৰ সৈতে পাকিস্তানী মৌলবাদীৰ সম্পৰ্ক থকাৰ তথ্য লাভ কৰাৰ লগতে ৰোহিংগিয়াই উত্তৰ-পূবৰ একাধিক ৰাজ্যত অনুপ্ৰৱেশ কৰি আশ্ৰয় লোৱাৰ তথ্য পোৱাত সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবৰ ৰাজ্যকেইখনক সতৰ্ক কৰি দিছে ৷ ৰোহিংগিয়াৰ সৈতে মিলি উত্তৰ-পূবৰ ৰাজ্যত প্ৰৱেশ কৰি মৌলবাদী কার্যকলাপ অধিক সক্ৰিয় কৰাৰ আশংকা কৰিয়েই এই সতর্কবাণী জাৰি কৰা হৈছে বুলি জানিব পৰা গৈছে (ULFA Govt peace talks) ৷

ইফালে আলোচনাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাৰ পাচতো চৰকাৰে সঠিক সময়ত সঠিক পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে পুনৰবাৰ আলফা স্বাধীনে ব্যাপক ধন সংগ্ৰহ অভিযান আৰম্ভ কৰিছে ৷ উজনি আৰু উত্তৰ অসমত আলফা স্বাধীনে পুনৰ ধন সংগ্ৰহ অভিযান আৰম্ভ কৰিছে ৷ সংগঠনটোৱে ধন দাবী কৰাৰ বাবে মূলত উজনি অসমৰ ৰাজনীতিক আৰু চাহ ব্যৱসায়ী সকলক লক্ষ্য কৰি লৈছে ৷

উল্লেখ্য যে, আলফা স্বাধীনে শেহতীয়াকৈ উজনি আৰু উত্তৰ অসমৰ বিজেপি বিধায়কসকলৰ লগতে চাহ বাগিচাৰ স্বত্বাধিকাৰী, ঠিকাদাৰ, ব্যৱসায়ী, অইল ইণ্ডিয়াৰ বিষয়াৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ চেষ্টা আৰম্ভ কৰিছে বুলি ভিতৰুৱা সূত্ৰই প্ৰকাশ কৰিছে ৷ অৱশ্যে এই সন্দৰ্ভত মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে ধনদাবীৰ সন্মুখীন হোৱা লোকৰ লগতে ৰাজনৈতিক মহলো ৷

ইফালে, হাতে হাতে ধন দাবী-পত্ৰ লৈ এতিয়া আতংকিত ৰাজনীতিক আৰু ব্যৱসায়ীয়ে নিৰাপত্তা বিচাৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দ্বাৰস্থ হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি আলফাই স্বাধীনে শেহতীয়াকৈ ৰাজ্যত বৃহৎ পৰিমাণৰ পুঁজি সংগ্ৰহৰ পৰিকল্পনা কৰিছে ৷ এই অভিযানৰ অংশ হিচাপে শেহতীয়াকৈ উজনি আৰু উত্তৰ অসমৰ প্ৰায় সকলো বিজেপি বিধায়ককে বৃহৎ পৰিমাণৰ ধন দাবী কৰাৰ তথ্য পোৱা গৈছে ৷ কেৱল ৰাজনীতিককেই নহয় উজনিৰ প্ৰায়বোৰ ডাঙৰ ডাঙৰ চাহ ব্যৱসায়ীকো বৃহৎ পৰিমাণৰ ধন দাবী কৰিছে ৷

লগতে পঢ়ক: Pranjal Moran missing case: প্ৰাঞ্জল মৰাণ নিৰুদ্দেশ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানৰ

একোজন লোকৰ পৰা সংগঠনটোৱে ৪০ লাখৰ পৰা ৫ কোটি টকা পর্যন্ত ধন দাবী কৰিছে বুলি জানিব পৰা গৈছে ৷ দাবী কৰা ধন বিচাৰি সংগঠনটোৱে দাবী-পত্ৰ দিয়াৰ লগতে টেলিফোনেৰে ধন আদায় দিয়াৰ বাবে ভাবুকি প্ৰদান কৰাৰো তথ্য পোৱা গৈছে ৷ অৱশ্যে আলফাই ধন দাবী কৰা বুলি উঠা অভিযোগৰ নস্যাৎ কৰি সংগঠনটোৰ ফালৰ পৰা এয়া আলফাৰ নামত দুষ্ট চক্ৰই সংঘটিত কৰা দুষ্কাৰ্য বুলি কোৱা হৈছে ৷ এনে এক পৰিস্থিতিত ৰাজ্যখনৰ পৰিস্থিতি পুনৰ অশান্ত হোৱাৰ আশংকা কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.