ETV Bharat / state

Murder case in Guwahati: পুনৰ মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড, ফটাশিলত উদ্ধাৰ মৃতদেহ

author img

By

Published : Jul 31, 2023, 7:59 PM IST

Murder case in Guwahati
পুনৰ মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড

স্মাৰ্ট আৰক্ষীৰ নাকৰ তলত এতিয়া মহানগৰীত দৈনিক সংঘটিত হৈছে অপৰাধজনিত ঘটনা ৷ ছাবিপুলত থকা ডেম্পত এজন লোকক ব্লেডেৰে ৰেপি, মৰিয়াই হত্যা কৰাৰ নৃশংস ঘটনা পোহৰলৈ আহিছে ৷ মৃত ব্যক্তিজনৰ নাম ছাদাম আলী ৷

পুনৰ মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড

গুৱাহাটী, 31 জুলাই : ক্ৰমাৎ অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ ইটোৰ পিচত সিটোকৈ হত্যাকাণ্ডই এতিয়া কঁপাইছে মহানগৰবাসীক ৷ স্মাৰ্ট আৰক্ষীৰ নাকৰ তলত এতিয়া মহানগৰীত দৈনিক সংঘটিত হৈছে অপৰাধজনিত ঘটনা ৷

ছাবিপুলত থকা ডেম্পত এজন লোকক ব্লেডেৰে ৰেপি, মৰিয়াই হত্যা কৰাৰ নৃশংস ঘটনা পোহৰলৈ আহিছে ৷ মৃত ব্যক্তিজনৰ নাম ছাদাম আলী বুলি জানিব পৰা গৈছে ৷ মৃত ছাদাম আলীক মৰিওৱাৰ লগতে ব্লেডেৰে ৰেপি হত্যা কৰে হাকিম আলী নামৰ এজনে ৷

হত্যাকাণ্ড সংঘটিত কৰি মৃতদেহটো গড়চুক আৰু ফটাশিলৰ দুৰ্গম অঞ্চলৰ মেটেকাৰ তলত লুকুৱাই থৈছিল ৷ আঠগাঁও দলঙৰ তলত উদ্ধাৰ হৈছে মৃত ছাদামৰ দুচকীয়া পালচাৰ বাহনখন ৷ ধনৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা সন্দেহ প্ৰকাশ কৰিছে ৷ হত্যাকাণ্ড সংঘটিত কৰা ধৃত হাকিম আলীৰ ঘৰ কলগাছিয়াত বুলি জানিব পৰা গৈছে ৷

হত্যাকাণ্ড সংঘটিত কৰি নিজৰ মূৰত আঘাত কৰি ডেম্পৰ স্বত্বাধিকাৰীক ডকাইতি হোৱা বুলি জনাইছিল ধৃত হাকিম আলীয়ে ৷ ঘটনাৰ সন্দৰ্ভত স্বত্বাধিকাৰী ৰফিকুল ইছলামে দাখিল কৰিছিল এজাহাৰ ৷ ঘটনাস্থলীত ফটাশিল আৰক্ষী আৰু পল্টনবজাৰ আৰক্ষী উপস্থিত হৈ তদন্ত চলাইছে ৷

ঘটনা সন্দৰ্ভত ডেম্পৰ স্বত্বাধিকাৰীগৰাকীয়ে কয় যে, মৃত ছাদাম আৰু হাকিম তেওঁৰ দোকানতেই কৰ্মৰত আছিল ৷ দুদিনৰ পূৰ্বে তেওঁ 2 লাখ টকা অনা হাকিমে দেখিছিল ৷ ঘটনাৰ দিনা নিশা ৰফিকুলে 40 হাজাৰ টকা ছাদামৰ হাতত দি থৈ আহিছিল ৷ এই কথা গম পাইছিল হাকিমে ৷ ধনৰ বাবেই এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ৰফিকুলে ৷

উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে মহানগৰীৰ হাতীগাঁৱতো সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ হাতীগাঁও থানাৰ প্ৰায় ১০০ মিটাৰ নিলগত উদ্ধাৰ হৈছিল এটা মৃতদেহ ৷

লগতে পঢ়ক: Jamugurihat theft incident: চিকিংসাৰ বাবে চেন্নাইলৈ যাওতেই চোৰে চলালে চাফাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.