ETV Bharat / state

Training Programme by BJP State Mahila Morcha: বীৰাংগনা মূলাগাভৰু শীৰ্ষক সমৰ কলাৰ প্ৰশিক্ষণ

author img

By

Published : Dec 7, 2021, 7:32 PM IST

Martial arts Training
ৰাজ্যত 'বীৰাংগনা মূলাগাভৰু' শীৰ্ষক সমৰকলাৰ প্ৰশিক্ষণ কাৰ্যসূচী মহিলা মৰ্চাৰ

সংবাদমেলত মুখ্যমন্ত্ৰীক প্ৰশংসাৰে উপচাই পেলালে দলৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা (BJP State Mahila Morcha President Angoorlata Deka) ই । পৌৰসভা নিৰ্বাচনত মহিলাৰ কাৰণে আসন সংৰক্ষণৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰা বিশেষ ঘোষণাৰ বাবে ধন্যবাদ জ্ঞাপন । চৰকাৰখনে উন্নয়নমূলক কাম কাজসমূহৰ ক্ষেত্ৰত নাৰী সৱলীকৰণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে গুৰুত্ব প্ৰদান কৰিছে ।

গুৱাহাটী, ৭ ডিচেম্বৰ : নাৰীক শাৰীৰিক তথা মানসিকভাৱে শক্তিশালী কৰি এখন সুস্থ সৱল সমাজ গঢ়াৰ বাবে বিশেষ কাৰ্যপন্থা গ্ৰহণ কৰিছে বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাই (BJP State Mahila Morcha) । বৰ্তমান সময়ৰ পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নাৰীয়ে নিজৰ সুৰক্ষাৰ কথা নিজেই চিন্তা কৰিব লাগিব ৷ সেয়েহে এইবাৰ জিলাই জিলাই 'বীৰাংগনা মূলাগাভৰু' শীৰ্ষক এক সমৰকলাৰ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিব মহিলা মৰ্চাই ।

মঙলবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত বিজেপি ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে দলৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা (BJP State Mahila Morcha President Angoorlata Deka) ই । সংবাদমেলত মহিলা মৰ্চাৰ কাৰ্যপন্থাৰ বিষয়ে উল্লেখ কৰাৰ লগতে মুখ্যমন্ত্ৰীক প্ৰশংসাৰে উপচাই পেলালে আঙুৰলতা ডেকাই । উল্লেখ্য যে, শোণিতপুৰ জিলাত অনুষ্ঠিত হৈ যোৱা মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই আগন্তুক পৌৰসভা নিৰ্বাচনত মহিলাৰ কাৰণে আসন সংৰক্ষণৰ বাবে বিশেষ ঘোষণা কৰিছিল ।

যাৰ বাবে মুখ্যমন্ত্ৰীক বিজেপিৰ মহিলা মৰ্চাৰ তৰফৰ পৰা তেওঁ ধন্যবাদ জনায় । তেওঁ কয় যে, পৌৰসভা নিৰ্বাচনত যি সমূহ আসনত এগৰাকী মহিলা প্ৰাৰ্থী জয়ী হৈ আহিব, সেই আসন সমূহ পৰৱৰ্তী ১০ বছৰৰ বাবে মহিলাৰ বাবে সংৰক্ষিত হৈ থাকিব ৷ এনেদৰেই ৰাজনীতিত আৰু শাসন যন্ত্ৰত মহিলাৰ সক্ৰিয় অংশগ্ৰহণ সম্ভৱ কৰি তোলাৰ বাবে পোনপ্ৰথম বাৰৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক মহিলা মৰ্চাই আদৰণি জনাইছে ।

তদুপৰি এইবাৰ অনুষ্ঠিত হ’বলগীয়া পৌৰসভা নিৰ্বাচনত দলক বিজয়ী কৰোৱাত মুখ্যমন্ত্ৰীয়ে মহিলা মৰ্চাক গুৰু দায়িত্ব প্ৰদান কৰাত সভানেত্ৰী আঙুৰলতা ডেকাই মহিলা শক্তিৰ ওপৰত মুখ্যমন্ত্ৰীয়ে বিশ্বাস ৰখাৰ কথা উল্লেখ কৰি তেখেতক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে, ইতিমধ্যে অজন্তা নেওগক অসমৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী (Assam's First Female Finance Minister Ajanta Neog) ৰূপে দায়িত্ব অৰ্পণ কৰি নাৰী শক্তিক ৰাজনৈতিকভাৱে সৱলীকৰণৰ ক্ষেত্ৰত যে মুখ্যমন্ত্ৰীগৰাকী সঁচা অৰ্থত দায়বদ্ধ তাৰ প্ৰমাণ দিছে ।

লগতে পঢ়ক : AASU Demand to Repeal AFSPA : AFSPA প্ৰত্যাহাৰৰ দাবী আছুৰ

আঙুৰলতা ডেকাই কয় যে, বিধানসভা নিৰ্বাচনৰ প্ৰসংগতো মুখ্যমন্ত্ৰীয়ে মহিলা নেত্ৰীৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰিছে । গতিকে আগন্তুক সময়ত অসমত নেতৃত্ব দিব পৰাকৈ নাৰীৰ ব্যক্তিত্ব বিকাশৰ বিশেষ গুৰু দায়িত্ব আহি পৰিব মহিলা মৰ্চাৰ ওপৰত । বৰ্তমান সময়ত এই চৰকাৰখনে উন্নয়নমূলক কাম কাজ সমূহৰ ক্ষেত্ৰত নাৰী সৱলীকৰণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে গুৰুত্ব প্ৰদান কৰিছে বুলি সভানেত্ৰীগৰাকীয়ে কয় ।

চৰকাৰী আঁচনিসমূহৰ ৭৫ শতাংশ আঁচনি মহিলা সৱলীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা আঁচনি বুলি তেওঁ উল্লেখ কৰে । এইবাৰ মহিলা মৰ্চাই এই আঁচনি সমূহ তৃণমূল পৰ্যায়ত প্ৰকৃত অৰ্থত বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত পাৰ্যমানে পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁ সংবাদমেলত সদৰি কৰে । তেওঁ লগতে কয় যে, আগন্তুক সময়ত আত্মসহায়ক গোটবোৰৰ লগত যোগাযোগ ৰক্ষা কৰি এই গোটসমূহৰৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণত মহিলাসকলক জড়িত কৰোৱাৰ দায়িত্ব মহিলা মৰ্চাই ল’ব ।

কনকলতা, ইন্দিৰা মিৰি, মাংৰী ওৰাং এই মহিয়সী নাৰীৰ নামেৰে বিভিন্ন চৰকাৰী আঁচনিৰ নামকৰণ কৰি তেওঁলোকক সৰ্বসাধাৰণ ৰাইজৰ মাজত সদা স্মৰণীয় কৰি ৰাখিব বিচৰা চৰকাৰৰ এই প্ৰয়াসকো ধন্যবাদ জনাই সভানেত্ৰী আঙুৰলতা ডেকাই । মঙলবাৰৰ এই সংবাদমেলত মহিলা মৰ্চাৰ সম্পাদিকা আশা বৰদলৈও উপস্থিত আছিল ।

লগতে পঢ়ক : সকলো কাৰ্যসূচী বাতিল কৰি হঠাৎ দিল্লীলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.