ETV Bharat / state

World Records of Bihu: সৰুসজাইৰ প্ৰৱেশ পত্ৰ বিচাৰি কলাক্ষেত্ৰত দীঘলীয়া শাৰী

author img

By

Published : Apr 11, 2023, 10:07 PM IST

Long queues in kalakshetra
গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড

পুৱাৰে পৰাই সৰুসজাইৰ প্ৰৱেশ পত্ৰ বিচাৰি কলাক্ষেত্ৰত দীঘলীয়া শাৰী পাতিছে ৰাইজে (Long queues in kalakshetra) । মঙলবাৰৰ পৰা ১৩ এপ্ৰিললৈ কলাক্ষেত্রত বিনামূলীয়াকৈ ১০ হাজাৰ প্ৰৱেশ পত্ৰ দিয়াৰ ব্যৱস্থা কৰাৰ পিচতেই এইদৰে ভিৰ কৰিছে ৰাইজে ।

গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড

গুৱাহাটী, ১১ এপ্ৰিল : হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন ৷ সেয়েহে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অভিলেখ গঢ়িবলৈ মহানগৰীত বৃদ্ধি পাইছে ব্যাপক তৎপৰতা (Guinness Book of World Records) ৷ অসমৰ বিহুক এইবাৰ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰিবলৈ সকলো প্ৰকাৰৰ প্ৰস্তুতি আৰম্ভ হৈছে (Bihu Guinness world record)। অহা 14 এপ্ৰিলত ৰঙালী বিহুৱে লাভ কৰিব এক নতুন স্বীকৃতি । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত অসম চৰকাৰৰ উদ্যোগত এঘাৰ হাজাৰ বিহুৱা-নাচনীয়ে সৰুসজাই ষ্টেডিয়ামত একেলগে বিহু নাচ প্ৰদৰ্শন কৰি গঢ়িব এই অভিলেখ । এই ঐতিহসিক ক্ষণৰ সাক্ষী হোৱাৰ বাবে ৰাইজৰ মাজত লাগিছে হেতাওপৰা (Mega Bihu event) ।

গিনিজ বুক অৱ ৰেকৰ্ডছত অসমৰ বিহুৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰে আয়োজন কৰা বিহুনাচৰ অনুষ্ঠান প্ৰত্য়ক্ষ কৰিবলৈ পুৱাৰে পৰা লানি নিছিগা ভিৰ হৈছে শংকৰদেৱ কলাক্ষেত্ৰত । সৰুসজাই ষ্টেডিয়ামত আয়োজন কৰা এই ঐতিহাসিক মূহুৰ্ত উপভোগ কৰাৰ বাবে পুৱাৰে পৰা প্ৰখৰ ৰ'দকো নেওচি মহানগৰীৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ পৰা অহা লোকে প্ৰৱেশ পত্ৰ বিচাৰি দীঘলীয়া শাৰী পাতিছে ।

সৰুসজাইৰ প্ৰৱেশ পত্ৰ সংগ্ৰহৰ বাবে কলাক্ষেত্ৰত হৈছে দৰ্শকৰ দীঘলীয়া শাৰী । নিজৰ সন্তানে সৰুসজাইত বিহু প্ৰদৰ্শন কৰা চাবৰ বাবে প্ৰৱেশ পত্ৰ নিবলৈ আহিছে বহু অভিভাৱক । ১৪ এপ্ৰিলৰ বাবে উৎসুক হৈ আছে সকলো । উল্লখ্য় যে, সৰুসজাইৰ বিহু নাচৰ অনুষ্ঠান উপভোগ কৰাৰ বাবে মঙলবাৰৰ পৰা ১৩ এপ্ৰিললৈ কলাক্ষেত্রত বিনামূলীয়াকৈ ১০ হাজাৰ প্ৰৱেশ পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে । আনহাতে, বিহুনাচৰ বিশাল অনুষ্ঠানৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নাচনী ঢুলীয়াই আজিৰে পৰা সৰুসজাইত বিহুৰ আখৰা আৰম্ভ কৰিছে ।

উল্লেখ্য যে, অহা ১৪ এপ্ৰিলত সৰুসজাইত ১১ হাজাৰ ১০ গৰাকী বিহুৱা আৰু বিহুৱতীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰিব বিহুনাচ । এই অনুষ্ঠান ১৫ মিনিট হ'ব । একেটা স্থানত এনেদৰে বিশাল পৰিসৰত বিহুনাচ প্ৰদৰ্শন কৰা আৰু ঢোল বাদনৰ বাবে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ স্থান লাভৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব । এই অনুষ্ঠানত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰতিনিধিও উপস্থিত থকাৰ কথা ।

লগতে পঢ়ক:Advanced Hotels booking in Guwahati : ৰঙালী বিহুৰ কেইদিনত গুৱাহাটীলৈ আহিলে নাপাব পাৰে হোটেলৰ কোঠা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.