ETV Bharat / state

Advanced Hotels booking in Guwahati : ৰঙালী বিহুৰ কেইদিনত গুৱাহাটীলৈ আহিলে নাপাব পাৰে হোটেলৰ কোঠা !

author img

By

Published : Apr 10, 2023, 5:43 PM IST

Updated : Apr 10, 2023, 7:47 PM IST

গুৱাহাটীলৈ অহা দূৰণিবটীয়া যাত্ৰীৰ বাবে এক বেয়া খবৰ ৷ এইকেইটা দিনত গুৱাহাটীলৈ আহি হোটেল বা ল’জত নিশাটো কটাম বুলি ভাবিলে আপুনি বিপাঙত পৰিব পাৰে ৷ কিয়নো ১৪ এপ্ৰিলত সৰুসজাইত আয়োজন কৰা মেগা বিহু অনুষ্ঠানত অংশ লোৱা বিহুৱা, বিহুৱতী আৰু প্ৰশিক্ষকৰ বাবে ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা বুকিং কৰা হৈছে হোটেলৰ কোঠা ৷ ১০ ৰ পৰা ১৫ এপ্ৰিললৈকে মহানগৰীৰ ৯০% হোটেল আৰু ল’জ বুকিং কৰা হৈছে (90% of hotels in Guwahati are booked for mega Bihu event)৷

Advanced Hotels booking in Guwahati
মেগা বিহুৰ বাবে বুকড হোটেল

মেগা বিহুৰ বাবে বুকড হোটেল

গুৱাহাটী, ১০ এপ্ৰিল : গিনিজ বুক অৱ ৰেকৰ্ডছত অসমৰ বিহু অন্তৰ্ভুক্ত কৰাৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ । ইতিমধ্যে তুংগত উঠিছে চৰকাৰে ১৪ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত আয়োজন কৰা মেগা বিহুৰ অনুষ্ঠানৰ প্ৰস্তুতি (Mega Bihu event) । সাজু হৈছে নাচনী-ঢুলীয়া । মুঠ ১০০ কোটি টকা ব্যয় কৰি চৰকাৰে আয়োজন কৰা বিহুৰ বাবে মহানগৰীৰ হোটেলবোৰ এতিয়া সম্পূৰ্ণ ৰূপে বুকিং হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ঢুলীয়া-নাচনী, প্ৰশিক্ষকৰ বাবে সোমবাৰৰ পৰা অৰ্থাৎ ১০ ৰ পৰা ১৫ এপ্ৰিললৈ মহানগৰীৰ ৯০% হোটেল-ল’জ বুকিং কৰা হৈছে (90% of hotels in Guwahati are booked for mega Bihu event) ।

মহানগৰীৰ কেইবাখনো হোটেল কৰ্তৃপক্ষই জনোৱা মতে, প্ৰতিখন হোটেলৰ অধিকাংশ কোঠাই চৰকাৰৰ ফালৰ পৰা বুক কৰা হৈছে । প্ৰতিটো কোঠাত ২-৩ জনকৈ লোক থাকিব পৰাৰ ব্যৱস্থা কৰা হৈছে । মহানগৰীৰ প্ৰায়বোৰ হোটেলৰ ৯০% কোঠা চৰকাৰে ইতিমধ্যে বুক কৰিছে (Hotels in Guwahati booking for Bihu event) ।

আজিৰ পৰা ১৫ এপ্ৰিললৈ এই হোটেলৰ কোঠাত থাকিব ঢুলীয়া-নাচনীসকল । তাজ ভিভান্টা, নভোটেল, ৰেডিচন ব্লু হোটেলক বাদ দি মহানগৰীৰ সকলো হোটেল ল’জ বুকড কৰিছে চৰকাৰে । মহানগৰীৰ হোটেল আৰু ল’জৰ লগতে চৰকাৰে ১৩০০০ নাচনী, বিহুৱা, প্ৰশিক্ষকৰ বাবে বুক কৰিছে মহানগৰীৰ পাশ্চৱৰ্তী অঞ্চল সোণাপুৰৰ দিচাং ৰিজ’ৰ্ট, ব্ৰহ্মপুত্ৰ ৰিজ’ৰ্ট, স্প্ৰীংভেলী, আৰিয়ান ৰিজ’ৰ্ট, ডেকা চাঙ আৰু বৰঝাৰৰ কিৰণশ্ৰী ।

বেতকুছিৰ ৰয়েল গ্লোবেল স্কুলৰ হোষ্টেলৰ পৰা আমিনগাঁৱৰ আই আই টিৰ হোষ্টেললৈকে কোনো বাদ পৰা নাই । পাঁচ দিনৰ বাবে সকলো হোটেল-গেষ্ট হাউছৰ পদুলি মুখতে লাগিছে Sold out । ইফালে বিভিন্ন কামত গুৱাহাটী অহা বহু লোকে হোটেল বা ল’জ বিচাৰি হাহাকাৰ অৱস্থাৰ সন্মুখীন হ’ব লগাত পৰিছে ৷

অৱশ্যে কিছু কিছু হোটেলত আন গ্ৰাহকৰ বাবে কিছু কোঠা ৰাখিছে যদিও সেইবোৰো ইতিমধ্যে বুক হোৱাৰ পথত আছে । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে হোটেল কৰ্তৃপক্ষই ৷

লগতে পঢ়ক : Bongaigaon weman Dhulia : কান্ধত ঢোল লৈ নাচনী নচুওৱাত ব্যস্ত হিমাশ্ৰী

Last Updated : Apr 10, 2023, 7:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.