বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত লোকবন্ধু দিৱস উদযাপন

author img

By

Published : Sep 5, 2021, 8:30 AM IST

Updated : Sep 5, 2021, 9:00 AM IST

lokabandhu day celebrated at b borooah cancer institute

মহানগৰীস্থিত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান(B Borooah Cancer Institute)ৰ প্ৰেক্ষাগৃহত লোকবন্ধু দিৱস(Lokabandhu Day) উদযাপন ৷ ডাঃ ভূৱনেশ্বৰ বৰুৱাৰ(Dr Bhubaneswar Borooah) 128 সংখ্যক জন্মদিন উপলক্ষে উদযাপন এই দিৱস ৷ অনুষ্ঠানত ডাঃ ভূৱনেশ্বৰ বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘লোকবন্ধু’(Lokabandhu) চলচ্চিত্ৰখন প্ৰদৰ্শিত হয় ৷

গুৱাহাটী, 5 ছেপ্তেম্বৰ : ভাৰতীয় চিকিৎসক সংস্থা (IMA)ৰ অসম শাখা আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ(B Borooah Cancer Institute) উদ্যোগত শনিবাৰে লোকবন্ধু দিৱস(Lokabandhu Day) উদযাপন কৰা হয় ৷ ডাঃ ভূৱনেশ্বৰ বৰুৱাৰ(Dr Bhubaneswar Borooah) 128 সংখ্যক জন্মদিন উপলক্ষে এই দিৱস উদযাপন কৰা হয় ।

উক্ত অনুষ্ঠানত অসমৰ যশস্বী চিত্ৰনাট্য তথা অভিনেতা প্ৰাঞ্জল শইকীয়া(Pranjal Saikia) অভিনীত ‘লোকবন্ধু’(Lokabandhu) চলচ্চিত্ৰখন প্ৰদৰ্শন কৰা হয় ৷ ডাঃ ভূৱনেশ্বৰ বৰুৱাৰ জীৱনভিত্তিক অসমীয়া চলচ্চিত্ৰখনৰ লগতে চলচ্চিত্ৰখনৰ পৰিচালক আৰু নিৰ্মাতা ডাঃ দিলীপ ঘোষালৰ শলাগ লয় অভিনেতা প্ৰাঞ্জল শইকীয়াই ।

চলচ্চিত্ৰখন উপভোগ কৰি ভাৰতীয় চিকিৎসক সংস্থাৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ লগতে ভালেমান চিকিৎসকে স্বাধীনতা সংগ্ৰামী, মানৱ দৰদী চিকিৎসকগৰাকীৰ জীৱনগাঁথা চলচ্চিত্ৰখনৰ জৰিয়তে আলোকিত কৰাৰ বাবে অভিনেতা প্ৰাঞ্জল শইকীয়াক প্ৰশংসাৰে অভিভূত কৰে ৷

লগতে পঢ়ক: হোজাইৰ প্ৰথমগৰাকী শিক্ষকলৈ 2021 বৰ্ষৰ কৃতি শিক্ষক বঁটা

পৰিচালক-নিৰ্মাতা ডাঃ দিলীপ ঘোষালে কয় যে, মহান চিকিৎসকগৰাকীক আজিৰ প্ৰজন্মই ভালদৰে জনাৰ বাবে তেওঁ এই চলচিত্ৰখন নিৰ্মাণ কৰিছে ৷ লগতে তেওঁ দাবী উত্থাপন কৰে, 4 ছেপ্তেম্বৰৰ দিনটো অসমৰ চিকিৎসকসকলৰ বাবে ‘চিকিৎসক দিৱস’ হিচাপে উদযাপন কৰাৰ লগতে ডাঃ ভূৱনেশ্বৰ বৰুৱাক মৰণোত্তৰভাৱে ‘ভাৰত ৰত্ন’ উপাধি প্ৰদান কৰাৰ দাবী উত্থাপন কৰা যাওক ৷

সম্পূৰ্ণ ক’ভিড প্ৰট’কল(Covid Protocol) মানি অনুষ্ঠিত কৰা এই দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় চিকিৎসক সংস্থাৰ ৰাষ্ট্ৰীয় সভাপতি প্ৰফেচৰ ডাঃ জে এন জয়ালাল আৰু কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকী ৷ প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে লোকবন্ধু ডাঃ ভূৱনেশ্বৰ বৰুৱাৰ অৱদান সম্পৰ্কত ভাষণ আগবঢ়ায় ৷

লগতে পঢ়ক: পূৰ্বৰ শিক্ষামন্ত্ৰীয়ে গেলাই থৈ গ’ল শিক্ষা বিভাগ : SMSS ৰ সদস্য

Last Updated :Sep 5, 2021, 9:00 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.