হোজাইৰ প্ৰথমগৰাকী শিক্ষকলৈ 2021 বৰ্ষৰ কৃতি শিক্ষক বঁটা

author img

By

Published : Sep 5, 2021, 7:35 AM IST

hojai teacher to be conferred state teacher award

2021 বৰ্ষৰ ‘কৃতি শিক্ষক বঁটা’(Teacher Award) ৰ বাবে নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহম্মদ বৰভূঞাৰ নাম ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷ অধ্যক্ষগৰাকীক এই বঁটা প্ৰদান কৰিব শিক্ষা বিভাগে(Education Department) ৷

হোজাই, 5 ছেপ্তেম্বৰ : হোজাই জিলাৰ এগৰাকী শিক্ষকলৈ ৰাজ্য চৰকাৰে আগবঢ়াইছে 2021 বৰ্ষৰ ‘কৃতি শিক্ষক বঁটা’(Teacher Award) ৷ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহম্মদ বৰভূঞাক এই সন্মানৰ বাবে বাচনি কৰিছে চৰকাৰে ৷

hojai teacher to be conferred state teacher award
হোজাইৰ শিক্ষকৰ কৃতি শিক্ষক বঁটা লাভ

এই খবৰ লাভ কৰি উৎফুল্লিত হৈ পৰিছে হোজাইবাসী ৷ বিদ্যালয়খনত উপস্থিত হৈ অলেখ গুণমুগ্ধই শুভেচ্ছা জ্ঞাপন কৰিছে শিক্ষকগৰাকীক ৷

hojai teacher to be conferred state teacher award
হোজাইৰ শিক্ষকৰ কৃতি শিক্ষক বঁটা লাভ

আজি অৰ্থাৎ 5 ছেপ্তেম্বৰৰ শিক্ষক দিৱসৰ শুভক্ষণত অসম চৰকাৰৰ শিক্ষা বিভাগে(Education Department) অধ্যক্ষগৰাকীক আগবঢ়াব এই সন্মান ৷ হোজাই জিলা গঠন হোৱাৰ পাচতে প্ৰথমগৰাকী কৃতি শিক্ষক হিচাপে ঘোষণা কৰা হৈছে এইগৰাকী শিক্ষকৰ নাম ৷

উল্লেখ্য যে, ফাইজ মহম্মদ বৰভূঞাই বিদ্যালয়খনত অধ্যক্ষ হিচাপে যোগদান কৰাৰ পাচৰে পৰা বিদ্যালয়খনক এক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে ৷ এক সুন্দৰ আৰু প্ৰাকৃতিক মনোমোহা শৈক্ষিক পৰিৱেশ গঢ় লৈ উঠিছে বিদ্যালয়খনত ৷ আনকি বিদ্যালয়খনৰ শিক্ষাৰ্থীসকল হোজাই জিলাৰ লগতে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ বিশেষ সফলতা লাভ কৰিছে ৷

হোজাইৰ শিক্ষকৰ কৃতি শিক্ষক বঁটা লাভ

প্ৰতিবছৰে উন্নত ফলাফল প্ৰদৰ্শন কৰি গৌৰৱ কঢ়িয়াই আনে বিদ্যালয়খনে ৷ যিসময়ত শিক্ষাৰ্থীৰ অভাৱত একাংশ চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ উপক্ৰম হৈছে, সেই সময়তে প্ৰতিবছৰে এইখন বিদ্যালয়ত নামভৰ্তি কৰিবলৈ হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ আগমন ঘটে ৷

বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ নিয়মানুৱৰ্তিতা, অধ্যৱসায় তথা বিভিন্ন ক্ষেত্ৰত দেখুওৱা বিশেষ পাৰদৰ্শিতাৰ বাবে সমগ্ৰ ৰাজ্যৰ ভিতৰতে বিদ্যালয়খনে বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ যাৰ ফলশ্ৰুতিত ৰাজ্য চৰকাৰে অধ্যক্ষগৰাকীক চলিত বৰ্ষৰ কৃতি শিক্ষকৰ বঁটাৰ বাবে মনোনীত কৰে ৷

লগতে পঢ়ক: অহা ৬ ছেপ্তেম্বৰৰ পৰা পুনৰ খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.