ETV Bharat / state

Assets of Meghalaya politician: যোৱা ৫ বছৰত কিমান বাঢ়িল মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সম্পত্তিৰ পৰিমাণ ?

author img

By

Published : Feb 23, 2023, 1:52 PM IST

সমাগত মেঘালয়ৰ বিধানসভা নিৰ্বাচন (Meghalaya Elections 2023) ৷ বিধানসভা নিৰ্বাচনত ৩৩৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব ৷ ৩৩৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আটাইতকৈ ধনী প্ৰাৰ্থীজন কোন ? কিমান সম্পত্তি বাঢ়িল কনৰাড চাংমাৰ ? জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

Who is Richest candidate of Meghalaya Assembly Elections 2023
মেঘালয়ৰ নিৰ্বাচনৰ ধনী প্ৰাৰ্থীৰ তালিকা

গুৱাহাটী, 23 ফেব্ৰুৱাৰী: ২৭ ফেব্ৰুৱাৰীত হ’বলগীয়া বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক বতাহ গৰম হৈ থকা চুবুৰীয়া মেঘালয়ৰ আটাইতকৈ ধনী প্ৰাৰ্থীজন কোন জানিবলৈ আপোনাৰ নিশ্চয় মন যায় (Meghalaya Elections 2023) ৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ যোৱা ৫ বছৰত কিমান বাঢ়িল সম্পত্তিৰ পৰিমাণ ?

ৰাজ্যখনত বিধানসভাত মুঠ ৩৩৪ গৰাকী প্ৰাৰ্থীয়ে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে ৷ এই ৩৩৪ জনৰ ভিতৰত আটাইতকৈ ধনী প্ৰাৰ্থীজন হ’ল কংগ্ৰেছ দলৰ শ্বিলঙৰ সাংসদ তথা মেঘালয় কংগ্ৰেছৰ সভাপতি ভিলচেণ্ট পালা (Richest candidate of Meghalaya) ৷ মেঘালয়ৰ বিখ্যাত কয়লা বেৰণ হিচাবে নাম থকা ৰাজনীতিকজনে এইবাৰ প্ৰথমবাৰৰ বাবে মেঘালয়ত বিধানসভা নিৰ্বাচনত ছুটংগ-ছাইপুং সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে (Meghalaya Assembly Elections 2023) ৷

ইয়াৰ পূৰ্বে লোকসভালৈহে প্ৰতিনিধিত্ব কৰি আহিছিল ভিনচেণ্ট পালাই (Meghalaya Congress chief Vincent H Pala richest poll candidate) ৷ ভিনচেণ্ট পালাৰ আছে বিশাল স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পাহাৰ(Assets of Meghalaya politician) । ৮ লাখ টকাৰ ৰলেক্স ঘড়ীৰ পৰা আৰম্ভ কৰি ৫ লাখ টকীয়া ফোনলৈকে আছে সম্পত্তিৰ তালিকাত । লগতে ভিনচেণ্ট পালাৰ আছে ৭ খনকৈ বিলাসী গাড়ী ৷ প্ৰাৰ্থী হিচাবে নিৰ্বাচনত দাখিল কৰা শপতনামাত প্ৰাৰ্থীজনে এই তথ্য সমূহ দাখিল কৰিছে ৷

প্ৰাৰ্থিত্বৰ শপতনামাত দাখিল কৰা তথ্য অনুসৰি ভিনচেণ্ট পালাৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ১.১৬ কোটি টকা ৷ ইয়াৰ বিপৰীতে ভিনচেণ্ট পালাৰ আছে ৯১.২৫ কোটি টকাৰ বিশাল ভূ-সম্পত্তি । ভিনচেণ্ট পালাৰ পত্নীৰ নামতো আছে বিশাল সম্পত্তি ৷ তেওঁৰ পত্নীৰ নামত আছে ১.৩২ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আৰু ৩২ কোটি টকাৰ ভূ-সম্পত্তি ৷

এই অনুসৰি ভিনচেণ্ট পালাৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৫০ কোটিতকৈয়ো অধিক । ধনী প্ৰাৰ্থীৰ তালিকাত মেঘালয় কংগ্ৰেছৰ এইবাৰৰ নিৰ্বাচনত শেষ ভাৰসা ভিনচেণ্ট পালা ৷ বিপৰীতে মেঘালয়ৰ ধনী নিৰ্বাচনী প্ৰাৰ্থীৰ তালিকাত দ্বিতীয় স্থানত আছে ইউ ডি পি দলৰ মুৰব্বী মেটবা লিংডো (Speaker Metbah Lyngdoh richest candidate in fray) ৷

তৃতীয় স্থানত আছে এনপিপিৰ প্ৰাৰ্থী তথা কেবিনেট মন্ত্ৰী জেমছ চাংমা ৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ভাতৃ জেমচ চাংমা ৷ মুঠ ১৪৬ কোটি টকাৰ সম্পত্তিৰ গৰাকী ধনীৰ তালিকাৰ দ্বিতীয় স্থানত থকা মেটবা লিংডোৰ নিৰ্বাচনী শপতনামা অনুসৰি তেওঁৰ ১১.২৪ কোটি টকা অস্থাৱৰ সম্পত্তি থকাৰ লগতে তেওঁৰ পত্নীৰ নামতো আছে ৭৬.২৪ টকাৰ অস্থাৱৰ সম্পত্তি ৷ লিংডোৰ নামত ৮২.৩০ কোটি টকাৰ ১০ খন গাড়ী থকাৰ লগতে পত্নীৰ নামত ৩.৩৪ কোটি টকা মূল্যৰ ৩৭ খন গাড়ী আছে ৷

ইফালে তৃতীয় স্থানত থকা এন পি পিৰ মন্ত্ৰী জেমছ পি কে চাংমাৰ স্থাৱৰ সম্পত্তি যোৱা ৫ বছৰত বাঢ়ি গৈ ১৫.৬৯ কোটি টকাৰ হ’লগৈ । ৫ বছৰ আাগতে এই পৰিমাণ আছিল ১০. ৬০ কোটি টকা ৷ জেমছ চাংমাৰ কেৱল অস্থাৱৰ সম্পত্তিৰ পৰিমাণেই হ’ল ৪.৪৮ কোটি টকাৰ ৷ জেমছৰ পত্নীৰ নামতো আছে বিশাল পৰিমাণৰ সম্পত্তি ।

ইফালে, নিৰ্বাচনমুখৰ ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ সম্পত্তি কিমান ? যোৱা ৫ বছৰত কিমান সম্পত্তি বৃদ্ধ হ’ল কনৰাড চাংমাৰ ? মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই তেওঁৰ সম্পত্তি বৃদ্ধিৰ নিৰ্বাচনী শপতনামাত উল্লেখ কৰিছে, ২০১৮ চনত ৫.৩৩ কোটি টকাৰ পৰা ১৪.০৬ কোটি টকালৈ সম্পত্তি বৃদ্ধি কনৰাড চাংমাৰ (Conrad Sangma) ৷ ৫ বছৰত মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সম্পত্তিৰ পৰিমাণ ১৬৪ শতাংশ বৃদ্ধি হৈছে ৷

লগতে পঢ়ক: Lok Sabha Election 2024: অক্টোবৰত BPFয়ে ঘোষণা কৰিব কোকৰাঝাৰ আৰু ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থীৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.