ETV Bharat / state

এটা সপ্তাহত দুবাৰকৈ বনৰজাৰ আক্ৰমণৰ বলি এগৰাকী লোক

author img

By

Published : Jan 18, 2020, 6:59 PM IST

আকৌ বনৰজাৰে সংঘাত মানুহৰ ৷ মহানগৰীৰ মালিগাঁৱত নাহৰফুটুকীৰ আক্ৰমণত আহত কুমাৰ চেত্ৰী নামৰ এগৰাকী লোক ৷

Leopard attacked in Maligaon
এটা সপ্তাহত দুবাৰকৈ বনৰজাৰ আক্ৰমণৰ বলি এগৰাকী লোক

গুৱাহাটী, জানুৱাৰীঃ পুনৰ নাহৰফুটুকীৰ সন্ত্ৰাস মহানগৰীত ৷ মালিগাঁৱত শনিবাৰে পুৱা নাহৰফুটুকীৰ আক্ৰমণৰ বলি হ’ল কুমাৰ ছেত্ৰী নামৰ এগৰাকী লোক ৷ মালিগাঁও মাধৱদেৱ নগৰৰ নিৱাসী কুমাৰ ছেত্ৰী নামৰ লোকজনৰ ঘৰৰ চৌহদতে দুবাৰকৈ আক্ৰমণ কৰিলে এটা নাহৰফুটুকীয়ে ৷ এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় লোকজন ৷ আঘাতপ্ৰাপ্ত লোকজন বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে ৷

এটা সপ্তাহত দুবাৰকৈ বনৰজাৰ আক্ৰমনৰ বলি এগৰাকী লোক

নাহৰফুটুকীৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷ বন বিভাগক এই বিষয়ে যাৱতীয় ব্যৱস্থা ল’বলৈ আহ্বান মালিগাঁও মাধৱদেৱ নগৰবাসীৰ। উল্লেখ্য যে যোৱা সপ্তাহতো এই একেজন লোককে আক্ৰমণ কৰিছিল নাহৰফুটুকীয়ে। চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ অন্তত ঘৰলৈ অহাৰ পিচত পুনৰ নাহৰফুটুকীৰ আক্ৰমণৰ বলি হ'ল কুমাৰ ছেত্ৰী নামৰ দুৰ্ভগীয় লোকজন ।

আৰু পঢ়কঃবদৰপুৰত বিদ্যুত স্পৃষ্ট হৈ যুৱকৰ মৃত্যু

Intro:দিনদুপৰতে মহানগৰীৰ মালিগাঁৱত পুণৰ বনৰজাৰ সন্ত্ৰাস। এজন ব্যক্তিকে দুবাৰকৈ আক্ৰমণ কৰিলে নাহৰফুটুকীয়ে। শণিবাৰে পুৱাই নাহৰফুটুকীয়ে আক্ৰমণ কৰিলে এজন লোকক। মালিগাঁও মাধৱদেৱ নগৰৰ কুমাৰ ছেত্ৰী নামৰ ব্যক্তিজনক ঘৰৰ চৌহদতে হাতত কামুৰিলে নাহৰফুটুকীয়ে। নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় কুমাৰ ছেত্ৰী। আঘাতপ্ৰাপ্ত ব্যক্তিগৰাকী বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে। নাহৰফুটুকীৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে অঞ্চলবাসী। ঘৰৰ পৰা বাহিৰ ওলাব ভয় ৰাইজৰ। বন বিভাগক ব্যৱস্থা গ্ৰহণৰ বাবে কাতৰ অনুৰোধ মালিগাঁও মাধৱদেৱ নগৰবাসীৰ। উল্লেখযোগ্য যে যোৱা ছয় দিন পূৰ্বেও একেজন লোককে আক্ৰমণ কৰিছিল নাহৰফুটুকীয়ে। চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ অন্তত ঘৰলৈ অহাৰ পিছত পুণৰ আক্ৰমণৰ সন্মুখীন হ'ল কুমাৰ ছেত্ৰী।

Byte- স্থানীয় ব্যক্তি Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.