ETV Bharat / state

Womens Reservation Bill: মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত বিৰোধী দলপতিৰ প্ৰতিক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 6:11 PM IST

Womens Reservation Bill
Womens Reservation Bill

একমাত্র নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবেই শাসকীয় দলে ‘মহিলা সংৰক্ষণ বিধেয়ক’ আনিছে ৷ ‘মহিলা সংৰক্ষণ বিধেয়ক’ক আদৰণি জনাই এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷

মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত বিৰোধী দলপতিৰ প্ৰতিক্ৰিয়া

গুৱাহাটী,২২ ছেপ্টেম্বৰ: বহু চৰ্চিত ‘মহিলা সংৰক্ষণ বিধেয়ক’ তথা ‘নাৰী শক্তি বন্দন অধিনিয়ম’ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

শুকুৰাবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে নাৰী সংৰক্ষণ অধিনিয়ম বিধেয়কখন সৰ্বসন্মতিক্ৰমে গৃহত হোৱাত আমি আদৰণি জনাইছোঁ । কিন্তু এই বিধেয়কখনত অন্যান্য পিছপৰা শ্ৰেণীৰ লগতে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ মহিলাসকলৰ বাবেও সংৰক্ষণ কৰাটো উচিত আছিল বুলি তেওঁ কয় ।

এই বিধেয়কখন বহু পূৰ্বে গৃহীত হ'ব লাগিছিল বুলি সদৰী কৰি তেওঁ কয় যে ৰাজীৱ গান্ধীয়ে এই বিধেয়কখন আনিছিল যদিও সেইসময়ত বিৰোধী দলসমূহৰ বিৰোধিতাৰ বাবেই ঐক্যমতত উপনীত হ'ব পৰা নাছিল । এতিয়া বিধেয়কখন অনা হৈছে যদিও একমাত্র নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবেই শাসকীয় দলে কৰিছে বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে ইয়াত পিছপৰা শ্ৰেণী তথা সাধাৰণ শ্ৰেণীৰ মহিলাৰ বাবে আসন সংৰক্ষণ কৰা হোৱা নাই । বিজেপি চৰকাৰে লোকপিয়ল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আইনখন অনাৰ কথা কৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে সাত বছৰ পূৰ্বে এনেদৰে এখন বিধেয়ক অনাৰ কোনো প্ৰয়োজন নাছিল ।

বিধেয়কখন অনাৰ বাবে আদৰণি জনোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে তাৎক্ষণিকভাৱে ৰূপায়ণ কৰা হ'লে সকলোৱে সুখী হ'লহেঁতেন । তেওঁ লগতে কয় যে লোকপিয়ল ২০২১ চনতে কৰাৰ কথা আছিল যদিও কৰা হোৱা নাই । কংগ্ৰেছ দলৰ পৰা আৰু অধিক মহিলাক প্ৰাৰ্থীত্ব দিয়াত কোনো অসুবিধা নাই বুলি সদৰী কৰি তেওঁ কয় যে কংগ্ৰেছ দলে সদায়ে মহিলাসকলক সমানে অগ্ৰাধিকাৰ দি আহিছে ।

লগতে পঢ়ক: Himanta Biswa Sarma Controvery: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ তৰক; কংগ্ৰেছ নেতা কমল নাথলৈ ভূপেন বৰাৰ পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.