ETV Bharat / state

KMSS protest: প্ৰণৱ বড়োৰ নৱম মৃত্যু বাৰ্ষিকীত সংকল্প ল’লে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে

author img

By

Published : Feb 24, 2023, 4:22 PM IST

আজি প্ৰণৱ বড়োৰ নৱম মৃত্যুবাৰ্ষিকী ৷ এই উপলক্ষে মহানগৰীৰ চচলত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানসহ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (protests to ensure land rights) ৷

Krishak Mukti Sangram Samiti protest in Guwahati
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী : আজি 9 বছৰত ভৰি দিলে প্ৰণৱ বড়োৰ শিহৰণকাৰী আত্মজাহৰ ঘটনাই (Martyr Pranab Bodo 9th death anniversary) ৷ 2014 চনৰ 24 ফেব্ৰুৱাৰীত ভূমিস্বত্ব আন্দোলনৰ বাবে অসম সচিবলয়ৰ সন্মুখত আত্মজাহ দিছিল কৃষক মুক্তিৰ অন্যতম সদস্য প্ৰণৱ বড়োৱে ৷ শুকুৰবাৰে তেওঁৰ নৱম মৃত্যু বাৰ্ষিকীৰ উপলক্ষে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মহানগৰীৰ চচলত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে ।

ইয়াৰোপৰি গুৱাহাটীৰ থলুৱা বাসিন্দাসকলক ভূমিৰ পট্টা প্ৰদান কৰা, বনাঞ্চল, পাহাৰ, জলাশয়, গ্ৰাণ্ট আদিত দীৰ্ঘদিনৰ পৰা বসবাস কৰি অহা পৰিয়ালসমূহক উচ্ছেদ বন্ধ কৰা, উচ্ছেদৰ নামত চৰকাৰী হাৰাশাক্তি বন্ধ কৰা আৰু উচ্ছেদিত প্ৰতিটো পৰিয়ালক পুনৰ সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মহানগৰীৰ চচলত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (protests to ensure land rights) ৷

প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে হাতে হাতে প্লেকাৰ্ড লৈ উচ্ছেদিত ৰাইজক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, ৰামদেৱ নহয় থলুৱা খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান কৰক, পুঁজিপতিক নহয় ভূমিহীনক মাটি দিয়ক, খিলঞ্জীয়াক মাটি দিম বুলি কৈ উচ্ছেদ কৰা বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে চচলৰ পৰিৱেশ উত্তাল কৰি তোলে (Krishak Mukti Sangram Samiti protest)। এই অনুষ্ঠানত প্ৰয়াত প্ৰণৱ বড়োৰ প্ৰতিচ্ছবিত পুষ্পঞ্জলি প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেবেন শৰ্মা আৰু প্ৰণৱ বড়োৰ পত্নী পূৰ্ণিমা বড়োকে ধৰি সমিতিৰ অনান্য বিষয়ববীয়াসকলে ৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেবেন শৰ্মা আৰু সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই (General secretary Bidyut Saikia) সংবাদমাধ্যমক কয় যে কৃষক মুক্তিৰ জন্মই হৈছে খিলঞ্জীয়া লোকৰ ভূমি সুৰক্ষাৰ দাবীত ৷ অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সদায় বিৰোধিতা কৰিব ৷ ২০১১ চনৰ ২২ জুনত দিছপুৰত হাজাৰ হাজাৰ মানুহে অংশগ্ৰহণ কৰা ভূমিস্বত্ব আন্দোলনত তিনিজন সংগ্ৰামী সতীৰ্থ বীৰেন কলিতা, শিৱকুমাৰ চৌহান আৰু ৯ বছৰীয়া ৰুহুল আলীয়ে পুলিচৰ গুলীত জীৱন আহুতি দি শ্বহীদ হৈছিল (3 martyrs Land ownership movement) ৷

এই আন্দোলনত জড়িত হোৱাৰ বাবেই আন এগৰাকী সংগ্ৰামী সতীৰ্থ জেৰিণা বেগমক গুপ্তঘাতকে হত্যা কৰিছিল ৷ ২২ জুনৰ আন্দোলন অসমৰ এক ঐতিহাসিক ভূমিস্বত্ব আন্দোলন হিচাপে স্বীকৃত হৈছিল ৷ সেইবাবেই ২০১১ চনৰ ২২ জুন তাৰিখক ভিত্তিবৰ্ষ আৰু তাৰিখ হিচাপে লৈ গুৱাহাটীৰ থলুৱা ভূমিহীনক ভূমিপট্টা প্ৰদানৰ দাবী উত্থাপন কৰি আহিছো ৷

লগতে সংগঠনটোৰ নেতৃবৰ্গই কয় যে, প্ৰতিখন চৰকাৰে নিৰ্বাচনৰ পূৰ্বে আৰু অসম বিধান সভাৰ অধিৱেশনতো বহুবাৰ গুৱাহাটীবাসীক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । কিন্তু আজিকোপতি কোনো এখন চৰকাৰে খিলঞ্জীয়াক ভূমি অধিকাৰ প্ৰদানৰ বিপৰীতে চৰকাৰে বাৰে বাৰে খিলঞ্জীয়াৰ ওপৰত উচ্ছেদহে চলাই আহিছে ৷ খিলঞ্জীয়াৰ অধিকাৰৰ কথা কোৱা চৰকাৰখনে বৃহৎ বৃহৎ পুঁজিপতি গোষ্ঠীক বৰ পীড়া পাৰি দিয়াৰ স্বাৰ্থত বদৰুদ্দিন আজমল, বাবা ৰামদেৱ আদিৰ দৰে প্ৰভাৱশালী ব্যক্তিক হাজাৰ হাজাৰ বিঘা ভূমি আৱণ্টন দি খিলঞ্জীয়াক উচ্ছেদ কৰি, ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে ৷

গুৱাহাটীৰ পাহাৰ, বনাঞ্চল, জলাশয় পাৰ, গ্ৰাণ্ট, চৰকাৰী ভূমি আদিত বসবাস কৰি থকা অধিকাংশ লোকেই জনজাতি আৰু অসমত থলুৱা খিলঞ্জীয়া লোক ৷ গতিকে “বন অধিকাৰ আইন, ২০০৬” অনুসৰি পাহাৰ, বনাঞ্চলত বসবাস কৰা লোকক নীতিগতভাৱে মাটিৰ পট্টা দিব লাগে বুলি দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী ৰাইজে ৷ সংগঠনটোৰ বিষয়ববীয়াসকলে দিছপুৰ সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাসৰ জৰিয়তে চৰকাৰে ২০১১ চনৰ ২২ জুনক ভিত্তিবৰ্ষক হিচাপে লৈ গুৱাহাটীৰ থলুৱা ভূমিহীনক ভূমিপট্টা প্ৰদানৰ লগতে কেইবাটাও দাবী সম্বলিত এখন স্মৰকপত্ৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: Earthquake review of Assam: বৃহৎ ভূমিকম্পই পুনৰ কঁপাব নেকি অসম; বিশেষজ্ঞই কি কয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.