ETV Bharat / state

মালিগাঁৱত কিন্নৰৰ দুটা ফৈদৰ মাজত ৰক্তাক্ত সংঘাত

author img

By

Published : Jul 24, 2020, 8:18 PM IST

Updated : Jul 24, 2020, 10:34 PM IST

মালিগাঁৱত কিন্নৰৰ দুটা ফৈদৰ মাজত ৰক্তাক্ত সংঘাত
মালিগাঁৱত কিন্নৰৰ দুটা ফৈদৰ মাজত ৰক্তাক্ত সংঘাত

কেবাঘণ্টা ধৰি শতাধিক কিন্নৰৰ মাজত চলা এই সংঘাটত আহত হয় কেবাটাও কিন্নৰ ৷ পৰিস্থিতি শোচনীয় হৈ পৰাত লাঠিচালনা কৰে আৰক্ষীয়ে ৷

গুৱাহাটী,24 জুলাইঃ গুৱাহাটীৰ মালিগাঁৱত শুকুৰবাৰে বিয়লি সৃষ্টি হয় ৰক্তাক্ত সংঘাটৰ ৷ কিন্নৰৰ দুটা ফৈদৰ মাজত লাগে এই সংঘাট ৷ কেবাঘণ্টা ধৰি শতাধিক কিন্নৰৰ মাজত চলা এই সংঘাটত আহত হয় কেবাটাও কিন্নৰ ৷

পৰিস্থিতি শোচনীয় হৈ পৰাত অস্বস্তিত পৰে জালুকবাৰী আৰক্ষী ৷ পিছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয় ৷ বৰ্তমানলৈ কোনো এটা ফৈদেও আৰক্ষীৰ ওচৰত গোচৰ তৰা নাই যদিও আৰক্ষীয়ে নিজা ববীয়াকৈ আৰম্ভ কৰিছে তদন্ত ৷ ইপিনে আহত কিন্নৰ সকলক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় পাণ্ডু এফ.আৰ.ইউ. চিকিৎসাললৈ প্ৰেৰণ কৰা হৈছে ৷

মালিগাঁৱত কিন্নৰৰ দুটা ফৈদৰ মাজত ৰক্তাক্ত সংঘাত

জানিব পৰা মতে পল্টন বজাৰৰ পৰা কিন্নৰে ভিক্ষা বিচাৰি মালিগাঁৱলৈ অহাত এলেকাক লৈ এই সংঘাতৰ সৃষ্টি হয় ৷

উল্লেখ্য যে, বিগত কেবামাহো জুৰি চলি থকা লক ডাউনৰ বাবে বন্ধ হৈ আছে যাত্ৰীবাহি ৰে’লৰ লগতে, বাছ সেৱা, ব্যৱসায়িক প্ৰতিষ্ঠান, ইত্যাদি ৷ সেয়ে জনসাধাৰণৰ পৰা খুজি মাগি খোৱা কিন্নৰ সকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে৷ যাৰ ফলত এটা অঞ্চলৰ কিন্নৰে ভিক্ষাৰ বাবে প্ৰৱেশ কৰিছিল আন কিন্নৰৰ বাবে নিৰ্ধাৰিত অঞ্চলত ৷ তেনে পৰিস্থিতিতেই স্থানীয় কিন্নৰ আৰু প্ৰৱজিত কিন্নৰৰ মাজত সংঘটিত হয় এই তয়া-ময়া ৰণ ৷

লগতে পঢ়কঃ মহানগৰীত ক'ভিডৰে যুঁজি সুস্থ হোৱা চিকিৎসা কৰ্মীক উলিয়াই দিলে ঘৰৰ মালিকে

Last Updated :Jul 24, 2020, 10:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.