ETV Bharat / state

মহানগৰীত ক'ভিডৰে যুঁজি সুস্থ হোৱা চিকিৎসা কৰ্মীক উলিয়াই দিলে ঘৰৰ মালিকে

author img

By

Published : Jul 24, 2020, 4:38 PM IST

সকলোতে মহামাৰী ক'ৰণাৰ সংক্ৰমণ । এই সংক্ৰমণ ৰোধৰ বাবে হোৱা যুদ্ধখনত প্ৰথম শাৰীত থাকি যুঁজ দি আহিছে চিকিৎসা কৰ্মী সকলে । দিন ৰাতি একাকাৰ কৰি নিজৰ জীৱনটোকো তুচ্ছ কৰি কৰ্তব্যত ব্যস্ত এই সকল ৰণুৱা । সচেতনতাৰে সম্পাদন কৰা কৰ্তব্যৰ মাজতে এইসকলৰো বহুজনৰ শৰীৰত প্ৰৱেশ ঘটিছে ক'ভিড ১৯ৰ ভাইৰাছ । ইয়াৰ পিছতো থমকি ৰোৱা ৰোৱা নাই এই সকল নিস্থাৱান কৰ্মী । কিন্তু ইয়াৰ মাজতে মহানগৰীৰ ডাউন টাউনৰ সমীপৰ মথুৰা নগৰত ঘটা এটা ঘটনাই সকলোকে কৰি তুলিছে আচৰিত ।

miss-behave-to-covid-warrior-by-house-owner
মহানগৰীত ক'ভিডৰে যুঁজি সুস্থ হোৱা চিকিৎসা কৰ্মীক উলিয়াই দিলে ঘৰৰ মালিকে

গুৱাহাটী,২৪ জুলাই: বন্দনা দাস নামৰ এগৰাকী যুৱতীয়ে মহানগৰীৰ হায়াত হাস্পতালৰ ক'ভিড ৱাৰ্ডত নাৰ্চ হিচাপে কৰ্মৰত হৈ আছিল । ক'ভিড ৱাৰ্ডত কৰ্মৰত হৈ থকাৰ অৱস্থাতে বন্দনা আক্ৰান্ত হ'ল ক'ভিড-১৯ত । ব্যক্তিগত চিকিৎসালয়খনত নাৰ্চ হিচাপে কৰ্মৰত যুৱতীগৰাকীক ভাইৰাছৰ আক্ৰমণৰ পৰা মুক্ত কৰাবলৈ প্ৰদান কৰা হ'ল চিকিৎসা ।

মহানগৰীত ক'ভিডৰে যুঁজি সুস্থ হোৱা চিকিৎসা কৰ্মীক উলিয়াই দিলে ঘৰৰ মালিকে

অবশেষত ক'ভিড মুক্ত হৈ চিকিৎসালয়ৰ পৰা ডাউন টাউনৰ সমীপৰ মথুৰা নগৰত থকা ভাড়াঘৰটোলৈ গৈ যুৱতী গৰাকী পৰিল সমস্যাত । ভাড়াঘৰৰ গৰাকী আইনু মনি কলিতা নামৰ মহিলা গৰাকীয়ে ভাড়াঘৰত সোমাবলৈ নিদিলে যুৱতীগৰাকীক । কাৰণ যুৱতী গৰাকী ক'ভিডত আক্ৰান্ত হৈছিল । উপায়ন্তৰ হৈ বন্দনা দাস নামৰ যুৱতীগৰাকীয়ে আশ্ৰয় ল'লেগৈ হায়াত হাস্পতালৰ যোৰাবাটস্থিত নাৰ্চিং হোষ্টেল খনত ।

miss-behave-to-covid-warrior-by-house-owner
মহানগৰীত ক'ভিডৰে যুঁজি সুস্থ হোৱা চিকিৎসা কৰ্মীক উলিয়াই দিলে ঘৰৰ মালিকে

যি সময়ত চৰকাৰে ক'ভিডৰ লগত হোৱা যুদ্ধখনত প্ৰথম শাৰীত থাকি যুঁজ দি অহা সকলৰ সুৰক্ষাৰ লগতে কোনো ভাড়াতীয়াক আমনি নকৰি সহযোগ কৰিবৰ বাবে আহ্বান জনাই আহিছে তেনে সময়ত এগৰাকী যুৱতী স্বাস্থ্য কৰ্মীক ভাড়াঘৰৰ মালিকে কৰা এনে আচৰণক সকলোৱে দিছে গৰিহণা । এই ক্ষেত্ৰত ভাড়াঘৰৰ গৰাকীৰ বিৰুদ্ধে প্ৰশাসনে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।

লগতে চাওকঃ কৰ'ণা মুক্ত বিশ্বৰ প্ৰাৰ্থনাৰে ভাৰতৰ ভিন্ন তীৰ্থস্থানলৈ পদযাত্ৰা ৭০ বছৰীয়া বৃদ্ধৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.