ETV Bharat / state

DGP Awarded Home Guard: কৰিমগঞ্জৰ দুই নিষ্ঠাৱান গৃহৰক্ষী জোৱান পুৰস্কৃত

author img

By

Published : Jan 18, 2023, 9:08 PM IST

কৰ্মত সততা প্ৰদান কৰা কৰিমগঞ্জত দুই গৃহৰক্ষী জোৱান আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদকক পুৰস্কাৰ প্ৰদান অসম আৰক্ষীৰ । আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই পঞ্চাশ হাজাৰ টকাকৈ নগদ ধনেৰে পুৰস্কৃত কৰে তিনিওকে (DGP awarded honest home guards of Karimganj) ।

Karimganj
Karimganj

গুৱাহাটী, ১৮ জানুবাৰী : ড্ৰাগছ সৰবৰাহকাৰীৰ (home gurds detained drugs paddler in Karimganj) প্রলোভনক অগ্রাহ্য কৰি সততা আৰু নিষ্ঠাৰ পৰিচয় দিছিল দুই গৃহৰক্ষী জোৱানে । কৰিমগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত নিছিন্তপুৰ অঞ্চলৰ সমীপত এখন অল্ট’ বাহনৰ পৰা কেইবা কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল দুই গৃহৰক্ষী জোৱানে (Karimganj home gurds showed honesty in duty) ।

ডিজিপি ভাস্কৰজ্যোতি মহন্তই পুৰস্কাৰ প্ৰদান কৰে গৃহৰক্ষী জোৱানক
ডিজিপি ভাস্কৰজ্যোতি মহন্তই পুৰস্কাৰ প্ৰদান কৰে গৃহৰক্ষী জোৱানক

ড্ৰাগছ মাফিয়াই উপঢৌকন হিচাপে দিব বিচৰা কেইবা লাখ টকাৰ লোভত বন্দী নোহোৱা গৃহৰক্ষী জোৱানদ্বয় অনুপম মালাকাৰ আৰু জাছিমুদ্দিনৰ লগতে গাঁওৰক্ষী বাহিনীৰ সম্পাদক অমিয় পালক আজি আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই পঞ্চাশ হাজাৰ টকাকৈ নগদ ধনেৰে পুৰস্কৃত কৰে (DGP awarded honest home guards of Karimganj) ।

তদুপৰি, তেওঁলোকক একোখনকৈ প্রশংসা-পত্ৰও প্ৰদান কৰা হয় । গুৱাহাটীৰ উলুবাৰীস্থ আৰক্ষী সঞ্চালক প্ৰধানৰ মুখ্য কাৰ্যালয়ত তেওঁলোকক পুৰস্কৃত কৰাৰ সময়ত বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান (আইন-শৃংখলা) জি পি সিং, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান (প্রশাসন) হৰমিত সিঙৰ উপৰি আৰক্ষী মহাপৰিদৰ্শক (প্রশাসন) নিতুল গগৈও উপস্থিত থাকে । উল্লেখযোগ্য যে ১৭ জানুৱাৰীৰ পুৱা প্ৰায় ৩.৩০ বজাত কর্তব্য সম্পাদন কৰি থকা অৱস্থাত গৃহৰক্ষী জোৱানদ্বয়ে নিছিন্তপুৰ অঞ্চলৰ সমীপত এ এছ ১০-এ-৬৪৮৭ নম্বৰৰ এখন অল্ট’ বাহনক ৰখিবলৈ সংকেত দিয়ে যদিও চালকে তীব্র বেগেৰে বাহনখন লৈ আঁতৰি যায় (Karimganjs two dedicated home guards awarded) ।

গাঁওৰক্ষী বাহিনীৰ সম্পাদকে পুৰস্কাৰ গ্ৰহণ কৰে
গাঁওৰক্ষী বাহিনীৰ সম্পাদকে পুৰস্কাৰ গ্ৰহণ কৰে

তেতিয়া গৃহৰক্ষী জোৱান অনুপম মালাকাৰ আৰু জাছিমুদ্দিনে বাহনখনৰ পিছ লৈ বহু চেষ্টাৰ অন্তত বাহনখন ৰাখিবলৈ সক্ষম হয় আৰু বাহনখনৰ চালক হাদিউছ জামানক কৰায়ত্ত কৰে । গৃহৰক্ষী জোৱানদ্বয়ে লগে লগে ঘটনাটো স্থানীয় মেইজবাগাৰগুল গাঁওৰক্ষী বাহিনীক খবৰ দিয়াত বাহিনীৰ সম্পাদক অমিয় পাল তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয় । তেওঁলোকে বাহনখনৰ ভিতৰত ৪ বস্তা সন্দেহজনক সামগ্ৰী প্ৰত্যক্ষ কৰে আৰু বিষয়টো কৰিমগঞ্জ আৰক্ষী থানাত অৱগত কৰে ।

সেই সময়তে বাহনখনৰ চালক হাদিউজ জামানে বাহনখন মোকলাই দিয়াৰ বিনিময়ত তেওঁলোকক ১৫-২০ লাখ টকাৰ উৎকোচ যাচে যদিও গৃহৰক্ষী জোৱানদ্বয়ে ইয়াক অগ্রাহ্য কৰে । ইতিমধ্যে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী অধীক্ষকৰ লগতে উপ-আৰক্ষী অধীক্ষক, কৰিমগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু আৰক্ষীৰ এটা দল উপস্থিত হৈ বাহনখনৰ পৰা ৭,৫৯,২০০ টা য়াবা তথা মেথামফেটামাইন টেবলেট জব্দ কৰে । জব্দকৃত ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্রায় ৪০ কোটি টকা । প্ৰলোভনৰ বিপৰীতে নিজৰ কৰ্তব্য নিষ্ঠা আৰু সততাৰে পালন কৰাৰ বাবে আজি দুয়োজন গৃহৰক্ষী জোৱানৰ লগতে গাঁওৰক্ষী বাহিনীৰ সম্পাদকক অসম আৰক্ষীৰ তৰফৰ পৰা পুৰস্কৃত কৰি উৎসাহ জনোৱা হয় ।

লগতে পঢ়ক :Arsenicated water causes of cancer: বিশ্বৰ ভিতৰতে গুৱাহাটীত দ্বিতীয় সৰ্বাধিক Gallbladder Cancer ৰোগী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.