ETV Bharat / state

APSC ৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত : ন্যায়াধীশ শৰ্মা আয়োগৰ প্ৰতিবেদন সাজু

author img

By

Published : Mar 19, 2022, 1:39 PM IST

সাজু হৈ উঠিছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগ (Justice Biplab Kumar Sarma Commission) ৰ প্ৰতিবেদন ৷ অসম লোকসেৱা আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালৰ কাৰ্যকালত সংঘটিত নিযুক্তি কেলেংকাৰী (Assam Public Service Commission recruitment scam) ৰ সন্দৰ্ভত এই প্ৰতিবেদন সাজু কৰিছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে ৷

justice-biplab-kumar-sarma-commission-has-prepared-the-report-of-apsc-scam
APSC ৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত

গুৱাহাটী, ১৯ মাৰ্চ : অসম লোকসেৱা আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালৰ কাৰ্যকালত সংঘটিত নিযুক্তি কেলেংকাৰী (Assam Public Service Commission recruitment scam) ৰ ন্যায়িক তদন্ত ইতিমধ্যে সম্পূৰ্ণ কৰিছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে (Justice Biplab Kumar Sarma Commission) । ২১ মাৰ্চ বা তাৰপিছত চৰকাৰে যেতিয়াই ইচ্ছা কৰে, তেতিয়াই ন্যায়াধীশ শৰ্মা আয়োগৰ পৰা এই প্ৰতিবেদন সংগ্ৰহ কৰিব পাৰিব ।

শনিবাৰে এই সন্দৰ্ভত জানিবলৈ দি ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই ইটিভি ভাৰতক কয় - "মোক চৰকাৰে যি দায়িত্ব দিছিল, সেয়া ইতিমধ্যে মই সম্পূৰ্ণ কৰিছো । ২০১৩ বৰ্ষত অসম লোকসেৱা আয়োগত সংঘটিত নিযুক্তি কেলেংকাৰীৰ তদন্ত প্ৰতিবেদন ইতিমধ্যে সাজু কৰা হৈছে । দুটা খণ্ডত সাজু কৰা হৈছে এই প্ৰতিবেদন ।

justice-biplab-kumar-sarma-commission-has-prepared-the-report-of-apsc-scam
ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা

প্ৰথম খণ্ডত আমাৰ তদন্তৰ সবিশেষ সন্নিবিষ্ট কৰা হৈছে আৰু দ্বিতীয় খণ্ডত পৰিশিষ্টসমূহ অন্তৰ্ভুক্ত কৰা হৈছে । ২১ মাৰ্চত মই প্ৰতিবেদনত স্বাক্ষৰ কৰাৰ পিছতেই চৰকাৰে এই তদন্ত প্ৰতিবেদন আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব । ইতিমধ্যে ৰাজ্য চৰকাৰৰ গৃহ বিভাগক এক পত্ৰ যোগে আমি অৱগত কৰিছো যে ২১ মাৰ্চ বা তাৰপিছত চৰকাৰে এই প্ৰতিবেদন চমজি লব পাৰিব" ৷

উল্লেখযোগ্য যে, ৰাকেশ পালৰ কাৰ্যকালত লোকসেৱা আয়োগত সংঘটিত হৈছিল বিয়াগোম নিযুক্তি কেলেংকাৰী । ২০১৩ আৰু ২০১৪ এই দুয়োটা বৰ্ষতে এই কেলেংকাৰী সংঘটিত হৈছিল যদিও চৰকাৰে বিপ্লৱ শৰ্মা আয়োগক কেৱল ২০১৩ বৰ্ষৰ কেলেংকাৰীসমূহৰ তদন্তৰ দায়িত্বহে অৰ্পণ কৰে । ৰহস্যময় কাৰণত ২০১৪ ৰ ন্যায়িক তদন্তৰ দায়িত্ব ন্যায়াধীশ শৰ্মা আয়োগক দিয়া হোৱা নাছিল ।

ডিব্ৰুগড় থানাত পঞ্জীয়ন হোৱা এটা গোচৰৰ ভিত্তিত কেৱল ২০১৩ চনৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ ভাৰ ন্যায়াধীশ শৰ্মা আয়োগক ন্যস্ত কৰা হৈছিল । ২০১৩ ত সংঘটিত সেই নিযুক্তি কেলেংকাৰীৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে ৩৯ গৰাকী আৰু ২০১৪ ৰ কেলেংকাৰীত ২২ গৰাকী প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰিছিল ।

লগতে চাওক: Garigaon gang rape case : পলাতক দুই ধৰ্ষণকাৰীক মৰিগাঁৱত গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.