ETV Bharat / state

১১ এপ্ৰিলত গুৱাহাটীত কবি নীলমণিক সন্মান: প্ৰথমবাৰলৈ অসমত "জ্ঞানপীঠ"ৰ অনুষ্ঠান

author img

By

Published : Apr 7, 2022, 2:44 PM IST

Updated : Apr 7, 2022, 5:54 PM IST

Jnanpith Award to noted Assamese poet Nilamani Phookan
প্ৰথমবাৰলৈ অসমত জ্ঞানপীঠৰ অনুষ্ঠান

সুদীৰ্ঘ ২২ বছৰৰ অন্তত অসমলৈ আহিছে ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান "জ্ঞানপীঠ" । ১১ এপ্ৰিলত কবি নীলমণি ফুকনলৈ আগবঢ়োৱা হ'ব এই সন্মান (Jnanpith Award to noted Assamese poet Nilamani Phookan)। দিল্লীৰ পৰিৱৰ্তে গুৱাহাটীতে অনুষ্ঠিত হ’ব লগা এটি বিশেষ অনুষ্ঠানত বিশিষ্ট কবিগৰাকীক প্ৰদান কৰা হ'ব এই সন্মান । অনুষ্ঠানৰ পৰিকল্পনা আৰু ৰূপৰেখা প্ৰস্তুত কৰিছে ভাৰতীয় জ্ঞানপীঠ অকাডেমীয়ে ।

গুৱাহাটী,৭ এপ্ৰিল : সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে আৰু সমগ্ৰ দেশৰ ভিতৰতে তৃতীয়বাৰৰ বাবে দিল্লীৰ বাহিৰত ভাৰতীয় জ্ঞানপীঠ অকাডেমীয়ে আয়োজন কৰিছে বঁটা প্ৰদানৰ এক বিশেষ অনুষ্ঠান (Jnanpith Award ceremony to be held in Assam)। ১১ এপ্ৰিলৰ সন্ধিয়া ৬ বজাত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ'ব এই বিশেষ অনুষ্ঠান আৰু এই বিশেষ অনুষ্ঠানৰ মধ্যমণি হ'ব "গোলাপী জামুৰ লগ্ন"ৰ কবি নীলমণি ফুকন । কিয়নো সুদীৰ্ঘ ২২ বছৰৰ অন্তত অসমলৈ আহিছে ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান "জ্ঞানপীঠ" । কবি নীলমণি ফুকনলৈ এই সন্মান জ্ঞানপীঠ অকাডেমীয়ে আগবঢ়োৱাৰ কথা ইতিপূৰ্বেই ঘোষণা কৰা হৈছিল (Jnanpith Award to noted Assamese poet Nilamani Phookan)।

বিশিষ্ট কবিগৰাকীক সেই সন্মান প্ৰদান কৰিবলৈ জ্ঞানপীঠ অকাডেমীয়ে ১১ এপ্ৰিলত গুৱাহাটীত এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে (Jnanpith Award ceremony to be held on April 11)। এই বিশেষ অনুষ্ঠানৰ বিষয়ে সবিশেষ জানিবলৈ দি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ডঃ দেৱজিৎ খনিকৰে বৃহস্পতিবাৰে ই টিভি ভাৰতক কয় যে সাধাৰণতে জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠান দিল্লীৰ বিজ্ঞান ভৱনতে অনুষ্ঠিত কৰা হয় আৰু ৰাষ্ট্ৰপতিয়ে এই সন্মান প্ৰদান কৰে । জ্ঞানপীঠ বঁটাপ্ৰাপকে নিজহাতে বঁটা গ্ৰহণ কৰাটোৱেই নিয়ম । কিন্তু বিশেষ পৰিস্থিতিত কেতিয়াবা জ্ঞানপীঠ অকাডেমীয়ে ইয়াৰ বাবে বিশেষ অনুষ্ঠানৰ আয়োজন কৰে ।

Jnanpith Award to noted Assamese poet Nilamani Phookan
কবি নীলমণি ফুকন

কবি নীলমণি ফুকনৰ বয়স বৰ্তমান প্ৰায় ৯২ বছৰ । গতিকে দিল্লীলৈ গৈ তেওঁ এই বঁটা গ্ৰহণ কৰাটো সম্ভৱ নহয় । সেয়েহে হয়তো জ্ঞানপীঠ অকাডেমীয়ে কেৱল তেওঁৰ বাবেই এই বিশেষ অনুষ্ঠানটো গুৱাহাটীত আয়োজন কৰিছে ।

ইয়াৰ পূৰ্বে মাত্ৰ দুবাৰহে দিল্লীৰ বাহিৰত এনেকুৱা বঁটা প্ৰদান অনুষ্ঠান বিশেষ পৰিস্থিতিত জ্ঞানপীঠ অকাডেমীয়ে অনুষ্ঠিত কৰিছিল (Jnanpith Award ceremony outside Delhi)। এবাৰ কেৰালাত আৰু এবাৰ কৰ্ণাটকত । সঞ্চালক ডঃ খনিকৰে লগতে কয় যে ১১ এপ্ৰিলত জ্ঞানপীঠ বাছনি কমিটিৰ অধ্যক্ষ ডঃ প্ৰতিভা ৰয়ে কবি নীলমণি ফুকনৰ হাতত তুলি দিব এই বিৰল সন্মান ।

অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা মুখ্য অতিথিৰূপে উপস্থিত থাকিব । লগতে উপস্থিত থাকিব শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাও । আনহাতে ভাৰতীয় জ্ঞানপীঠ বঁটাৰ এৱাৰ্ড ইনচাৰ্জ দেৱব্ৰত গোস্বামী সমন্বিতে জ্ঞানপীঠ অকাডেমীৰ অন্যান্য কেইবাগৰাকীও কাৰ্যবাহী এই অনুষ্ঠানত উপস্থিত থাকিব ।

উল্লেখযোগ্য যে ১১ এপ্ৰিলৰ এই সম্ভ্ৰান্ত অনুষ্ঠানটোৰ সমগ্ৰ আয়োজন কৰিছে ভাৰতীয় জ্ঞানপীঠ অকাডেমীয়ে । অসম চৰকাৰে কেৱল সহযোগিতাহে আগবঢ়াইছে । এই সন্দৰ্ভত ডঃ খনিকৰে কয় যে অসম চৰকাৰৰ ফালৰ পৰা কবিগৰাকীৰ জীৱন আৰু সৃষ্টিকৰ্মৰ ওপৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগে এটা ক্লীপ প্ৰস্তুত কৰিছে, যিটো অনুষ্ঠানৰ দিনা প্ৰদৰ্শন কৰা হ'ব ।

একেদৰে প্ৰচাৰৰ ক্ষেত্ৰত কিছু ব্যৱস্থা অসম চৰকাৰৰ ফালৰ পৰা কৰা হৈছে আৰু ৰবীন্দ্ৰ ভৱনৰ ব্যৱস্থা কৰি দিয়া হৈছে । বাকী সকলোখিনি পৰিকল্পনা আৰু ৰূপৰেখা প্ৰস্তুত কৰিছে ভাৰতীয় জ্ঞানপীঠ অকাডেমীয়ে ।

জানিব পৰা মতে কবি নীলমনি ফুকনৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনাই এই বিশেষ অনুষ্ঠানৰ আগে আগে গুৱাহাটীৰ ৰাজপথত কবিগৰাকীৰ বিভিন্ন জনপ্ৰিয় কবিতাৰ পংক্তি হ'ৰ্ডিং আকাৰে লগোৱাৰ উপৰিও চৰকাৰীভাবে লাউড স্পীকাৰত গুৱাহাটীৰ ৰাজপথত বাজি থাকিব কবি নীলমণি ফুকনৰ কবিতা । প্ৰাপ্ত তথ্য মতে ১১ এপ্ৰিলত কবিয়ে নিজহাতে বঁটা গ্ৰহণ কৰিলেও স্বাস্থ্যজনিত কাৰণত তেওঁৰ লিখিত ভাষণ মঞ্চত পাঠ কৰিব তেওঁৰ পুত্ৰই ।

লগতে পঢ়ক :এইবাৰ গায়িকাৰ ৰূপত অভিনেত্ৰী বৰষা ৰাণী বিষয়া

Last Updated :Apr 7, 2022, 5:54 PM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.