ETV Bharat / state

ব্ৰহ্মপুত্ৰ বৰ্ডত বহিৰাগতক নিযুক্তি দিয়াক লৈ সৰব জাতীয় যুৱ বাহিনী

author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 10:22 PM IST

Jatiya Yuva Bahini
জাতীয় যুৱ বাহিনীৰ সংবাদমেল

ব্ৰহ্মপুত্ৰ বৰ্ডৰ শেহতীয়া নিযুক্তিৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ নেতৃবৃন্দই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই সন্দৰ্ভত । ব্ৰহ্মপুত্ৰ বৰ্ডত শেহতীয়াকৈ ৩২ গৰাকী বহিৰাগত প্ৰাৰ্থীক নিযুক্তি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷

জাতীয় যুৱ বাহিনীৰ সংবাদমেল

গুৱাহাটী, ২৮ নৱেম্বৰ : ব্ৰহ্মপুত্ৰ বৰ্ডৰ শেহতীয়া নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ উক্ত অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ নেতৃবৃন্দই ।

ব্ৰহ্মপুত্ৰ বৰ্ডত শেহতীয়াকৈ ৩২ গৰাকী বহিৰাগত প্ৰাৰ্থীক নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন কৰি মঙলবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰে জাতীয় যুৱ বাহিনীয়ে ৷ সংবাদমেলখনৰ জৰিয়তে জাতীয় যুৱ বাহিনীৰ নেতৃবৃন্দই বহিৰাগত প্ৰাৰ্থীকেইগৰাকীয়ে কিদৰে নিযুক্তি পালে তাক লৈ প্ৰশ্ন উত্থাপন কৰে ।

উক্ত নিযুক্তিৰ বৈধতাক লৈ প্ৰশ্ন তুলি কৰ্মচাৰী বাচনি আয়োগক জবাবদিহি কৰে জাতীয় যুৱ বাহিনীয়ে । জাতীয় যুৱ বাহিনীৰ নেতৃবৃন্দই কয় যে ৰাজ্য চৰকাৰে কৰ্মচাৰী বাচনি আয়োগক পৰীক্ষাটো অনুষ্ঠিত কৰাৰ দায়িত্ব অৰ্পনৰ ফলত নিযুক্তি লাভৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল অসমৰ নিবনুৱা যুৱক-যুৱতীসকল ।

এইক্ষেত্ৰত বহিৰাগতক নিয়োগৰ সুবিধা প্ৰদানৰ স্বাৰ্থত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৰপীৰা পাৰি দিয়াৰ অভিযোগ তোলে জাতীয় যুৱ বাহিনীয়ে । সন্থাৰ নেতৃবৃন্দই কয়, ‘‘বহিৰাগতক নিযুক্তিৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুনাফা আদায় কৰিছে ৷’’

ব্ৰহ্মপুত্ৰ বৰ্ডৰ আগন্তুক নিযুক্তি প্ৰক্ৰিয়াত কেৱল খিলঞ্জীয়া অসমীয়াক মকৰলৰ দাবী তোলে সংগঠনটোৰ নেতৃবৃন্দই । আনহাতে আগন্তুক দিনত অসমৰ প্ৰত্যেকগৰাকী প্ৰত্যাৰিত নিবনুৱাৰ স্বাৰ্থত ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ দিয়ে ৰাইজৰ দলৰ ভাতৃ সংগঠনটোৱে ৷

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল নিজৰ ৰাজনৈতিক কেৰিয়াৰৰ কথা চিন্তা নকৰি নিবনুৱাসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ কয় জাতীয় যুৱ বাহিনীয়ে ৷ ইফালে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ পৰৱৰ্তী নিযুক্তি প্ৰক্ৰিয়াত বহিৰাগতই স্থান পালে ৰাইজৰ দল আৰু জাতীয় যুৱ-বাহিনীয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ দিয়ে ৷

লগতে পঢ়ক : মন্ত্ৰী বনাম সাংসদ ! শোণিতপুৰত চলিছে সিংহল-পল্লৱৰ ক্ষমতাৰ যুঁজ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.