ETV Bharat / state

Japanese Encephalitis: জাপানীজ এনকেফেলাইটিছত ৰাজ্যত 6 বছৰত মৃত্যু 476 জনৰ

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 5:45 PM IST

Japanese Encephalitis
জাপানীজ এনকেফেলাইটিছ

2018 চনৰ পৰা 2022 চনলৈকে জাপানীজ এনকেফেলাইটিছত সমগ্ৰ অসমত 444 জনৰ মৃত্যু হৈছে ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ তথ্য মতে 2023 বৰ্ষৰ জানুৱাৰীৰ পৰা 31 অক্টোবৰলৈকে জাপানীজ এনকেফেলাইটিছত মৃত্যু হৈছে 34 জনৰ ৷

গুৱাহাটী, 13 নৱেম্বৰ : অসমত 6 বছৰত জাপানীজ এনকেফেলাইটিছত 476 জনৰ মৃত্যু হৈছে ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, 2018 চনৰ পৰা 2022 চনলৈকে জাপানীজ এনকেফেলাইটিছত সমগ্ৰ অসমত 444 জনৰ মৃত্যু হৈছে ৷ ইফালে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ তথ্য মতে 2023 বৰ্ষৰ জানুৱাৰীৰ পৰা 31 অক্টোবৰলৈকে জাপানীজ এনকেফেলাইটিছত মৃত্যু হৈছে 34 জনৰ ৷

মন কৰিবলগীয়া যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, 2018 চনৰপৰা 2022 চনলৈকে জাপানীজ এনকেফেলাইটিছত সমগ্ৰ দেশত মৃত্যু হোৱা 730 জন লোকৰ ভিতৰত 442 জনেই হ'ল অসমৰ ৷ ইয়াৰ পৰা দেখা যায় যে অসম চৰকাৰ জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, অসমত জাপানীজ এনকেফেলাইটিছত 2018 চনত 94 জন, 2019 চনত 161 জন, 2020 চনত 51 জন, 2021 চনত 40 জন আৰু 2022 চনত 96 জন লোকৰ মৃত্যু হৈছে ৷

আনহাতে 2023 বৰ্ষৰ 31 অক্টোবৰলৈকে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত 509 জন ৰোগীৰ ভিতৰত মৃত্যু হৈছে 34 জনৰ ৷ উল্লেখ্য যে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুর্ভাৱ ৰোধ কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ লৈছে যদিও মৃত্যুৰ সংখ্যা হ্ৰাস কৰাত বিশেষ সফল হ'ব পৰা নাই ৷ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীক চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া চিকিৎসাৰ উপৰিও ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিলেও এইবাৰ এক লাখকৈ টকা আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে চৰকাৰে ৷

প্ৰতি বছৰে জাপানীজ এনকেফেলাইটিছৰ অধিক প্ৰাদুৰ্ভাৱ হোৱা অঞ্চলসমূহত ফগিং, ঔষধযুক্ত আঠুৱা বিতৰণ, সজাগতা সভা অনুষ্ঠিত কৰি অহা হৈছে যদিও এই ৰোগত মৃত্যুৰ ধাৰা অব্যাহত আছে ৷ ইফালে দুবছৰৰ পূৰ্বে ৰাজ্যত ডেংগু ৰোগত এজনো লোকৰ মৃত্যু হোৱা নাছিল যদিও যোৱা বছৰৰ পৰা ডেংগুত বৃদ্ধি পাইছে মৃতকৰ সংখ্যা ৷ মন্ত্ৰালয়ৰ তথ্য মতে 2018 চনৰপৰা 2021 চনলৈকে ৰাজ্যত ডেংগুত এজনো ৰোগীৰ মৃত্যু হোৱা নাছিল যদিও যোৱা বছৰ দুজন আৰু চলিত বছৰৰ 31 অক্টোবৰলৈ 6 জনৰ মৃত্যু হৈছে ৷

চলিত বছৰত 31 অক্টোবৰলৈকে ৰাজ্যত 7,468 জন ডেংগুত আক্ৰান্ত ৰোগী চিনাক্ত কৰা হৈছে ৷ বিশেষকৈ কাৰ্বি আংলং ‌আৰু ডিমা হাচাও জিলাত এইবাৰ ডেংগু ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হয় ৷ বছৰটোত আক্ৰান্ত হোৱা ৰোগীৰ ভিতৰত অধিকাংশই কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ ৷

লগতে পঢ়ক : Fire Incident in Assam:দীপাৱলীত মহানগৰীত ১৭ টা অগ্নিকাণ্ড ,অগ্নিদগ্ধ হৈ মহিলাৰ মৃত্য়ু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.