ETV Bharat / state

JE and Dengue Outbreak: জাপানী এনকেফেলাইটিছত মৃত্যুৰ সংখ্যা ২৯ জনলৈ বৃদ্ধি, কাৰ্বি আংলঙত ডেংগুৰ ভয়াবহতা অব্যাহত

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 9:26 PM IST

Japanese encephalitis and Dengue Outbreak in Assam
জাপানী এনকেফেলাইটিছত মৃত্যুৰ সংখ্যা ২৯ জনলৈ বৃদ্ধি

ৰাজ্যত অব্যাহত আছে জাপানী এনকেফেলাইটিছ আৰু ডেংগুৰ প্ৰাদুৰ্ভাৱ ৷ জাপানী এনকেফেলাইটিছত ৪৫৮ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৪১৬৭ গৰাকী আক্ৰান্ত হৈছে ডেংগুত । কাৰ্বি আংলঙত সংহাৰী ৰূপ ধাৰণ কৰিছে ডেংগুৱে ।

গুৱাহাটী, ২৮ আগষ্ট: ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ চৰম অৱহেলাৰ বাবে ৰাজ্যত জাপানী এনকেফেলাইটিছ আৰু ডেংগুৰ প্ৰাদুৰ্ভাৱ ভয়াবহ ৰূপত বৃদ্ধি পাইছে । জাপানী এনকেফেলাইটিছত যোৱা দুদিনত আকৌ তিনিজন লোকৰ মৃত্যু হৈছে। জাপানী এনকেফেলাইটিছত এতিয়ালৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৯ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত আজিৰ তাৰিখলৈ জাপানী এনকেফেলাইটিছত ৪৫৮ জন লোক আক্ৰান্ত হৈছে ।

এন এইচ এমে সোমবাৰে সন্ধিয়া প্ৰকাশ কৰা তথ্য অনুসৰি সোমবাৰৰ দিনটোত বঙাইগাঁও, দৰং আৰু গোলাঘাটত এজনকৈ লোক জাপানী এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ বিপৰীতে কাছাৰত দুজন লোক জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈছে । যোৱা বছৰৰ ৰাজ্যত জাপানী এনকেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰাৰ পিচতো স্বাস্থ্য বিভাগে কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে এইবাৰ পুনৰ জাপানী এনকেফেলাইটিছে ভয়াবহ ৰূপ লৈছে ।

যোৱা বছৰ জাপানী এনকেফেলাইটিছে এশৰো অধিক লোকৰ মৃত্যু হৈছিল । যোৱা বছৰৰ তুলনাত এইবাৰ ৰাজ্যত জাপানী এনকেফেলাইটিছত প্ৰাদুৰ্ভাৱ ভয়াবহ ৰূপত বৃদ্ধি পাইছে । জাপানী এনকেফেলাইটিছত আক্ৰান্ত লোকৰ সংখ্যা যোৱা বছৰৰ তুলনাত বৃদ্ধি পাইছে । এন এইচ এমে প্ৰকাশ কৰা তথ্যত এই কথা প্ৰতিফলিত হৈছে । ৰাজ্যত জাপানী এনকেফেলাইটিছত এতিয়ালৈকে ৪৫৮ জন লোক আক্ৰান্ত হৈছে । যোৱা বছৰ ৩৯০ গৰাকী লোক জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈছিল ।

ইপিনে ৰাজ্যত ডেংগুৰ প্ৰাদুৰ্ভাৱ ভয়াবহ ৰূপত বৃদ্ধি পাইছে । ডেংগু আক্ৰান্ত লোকৰ সংখ্যা যোৱা বছৰৰ তুলনাত বৃদ্ধি পাইছে । এন এইচ এমে সোমবাৰে সন্ধিয়া প্ৰকাশ কৰা তথ্য মতে আজিৰ তাৰিখলৈ ৰাজ্যত ডেংগু চিনাক্ত হৈছে ৪১৬৭ গৰাকী । যোৱা দুদিনত ৰাজ্যত ১৪২ গৰাকী লোক নতুনকৈ ডেংগুত আক্ৰান্ত হৈছে । উল্লেখযোগ্য যে কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত ডেংগুৱে ভয়াবহ ৰূপ ধাৰণ কৰিছে । তাৰ পিছতো কিন্তু স্বাস্থ্য বিভাগৰ গা লৰা নাই ।

কাৰ্বি আংলঙত ডেংগুৱে সংহাৰী ৰূপ ধাৰণ কৰিছে । এন এইচ এমৰ তথ্য মতে, শুকুৰবাৰে কাৰ্বি আংলঙত ৯২ গৰাকী লোক ডেংগুত আক্ৰান্ত হোৱাৰ বিপৰীতে শনিবাৰে আকৌ ৫৬ গৰাকী লোক ডেংগুত আক্ৰান্ত হৈছিল । যোৱা দুদিনত কাৰ্বি আংলঙত নতুনকৈ ৩৮ গৰাকী লোক ডেংগুত আক্ৰান্ত হৈছে ।

লগতে পঢ়ক: Assam Health Alert: কুম্ভকৰ্ণ নিদ্ৰাত স্বাস্থ্য বিভাগ, কাৰ্বি পাহাৰত ডেংগুৰ ভয়াৱহ প্ৰাদুৰ্ভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.